--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযানৰ সময়ত আৰক্ষীয়ে বাহনখনৰ চালক ফাৰুক আলী আৰু সহ-চালক ইয়াৰ আলীক ঘটনাস্থলীতে আটক কৰে।

ডিজিটেল ডেস্ক: বৰক্ষেত্ৰী সমষ্টিৰ বৰ্ণিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পাইকান দিৰুৱাত আৰক্ষীয়ে চলোৱা এক কঠোৰ নাকা তালাচী অভিযানত অবৈধভাৱে গৰু কঢ়িয়াই অনা এখন বলেৰ’ পিকআপ বাহন জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত বাহনখনৰ চালকসহ দুজন লোকক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়।


প্ৰাপ্ত তথ্য অনুসৰি, AS 25 AC 4348 পঞ্জীয়ন নম্বৰৰ বলেৰ’ পিকআপখনত অতি কৌশলগতভাৱে ১১ টা গৰু সৰবৰাহ কৰা হৈছিল। নিয়মিত নাকা তালাচীৰ অংশ হিচাপে বৰ্ণিবাৰী আৰক্ষী চকীৰ এটা দলে উক্ত পথটোত বাহনসমূহ পৰীক্ষা কৰি থকা অৱস্থাত সন্দেহজনক বাহনখনক ৰখাবলৈ সংকেত দিয়ে। আৰক্ষীৰ তালাচীত বাহনখনৰ ভিতৰত অমানৱীয়ভাৱে বান্ধি অনা অৱস্থাত গৰুকেইটা উদ্ধাৰ কৰা হয়।


অভিযানৰ সময়ত আৰক্ষীয়ে বাহনখনৰ চালক ফাৰুক আলী আৰু সহ-চালক ইয়াৰ আলীক ঘটনাস্থলীতে আটক কৰে। 


বৰ্তমান জব্দকৃত বলেৰ’ পিকআপখন আৰু উদ্ধাৰ কৰা গৰুকেইটা আৰক্ষীৰ জিম্মাত আছে। এই অবৈধ গৰু সৰবৰাহৰ সৈতে আন কোনো ডাঙৰ চক্ৰ জড়িত আছে নে নাই, সেই বিষয়েও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ তৰফৰ পৰা আইন অনুসৰি পৰৱৰ্তী যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী