--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ ভেলেণ্টাইন উইক আৰম্ভ। গোলাপৰ বিভিন্ন ৰং আৰু ইয়াৰ অৰ্থ: গোলাপ কেৱল এক ধুনীয়া ফুল নহয়, ই যুগ যুগ ধৰি প্ৰেমৰ প্ৰতীক হৈ আহিছে। কিন্তু আপুনি জানেনে যে গোলাপৰ প্ৰতিটো ৰঙে এটা বেলেগ বাৰ্তা দিয়ে? হয়, গোলাপৰ প্ৰতিটো ৰঙৰ নিজস্ব অৰ্থ থাকে, যিয়ে প্ৰেম, বন্ধুত্ব, প্ৰশংসা, শক্তি আনকি দুখৰ দৰে অনুভৱ প্ৰকাশ কৰে। গতিকে, আজি আহক আমি এই গোলাপৰ ৰংবোৰৰ আকৰ্ষণীয় অৰ্থৰ জগতখনলৈ ভুমুকি মাৰি চাওঁ।

১/ ৰঙা গোলাপঃ ৰঙা ৰং যে প্ৰেম আৰু আবেগৰ প্ৰতীক সেই কথা সকলোৱে জানে। কিন্তু গাঢ় ৰঙা গোলাপে গভীৰ প্ৰেম আৰু মৰম প্ৰকাশ কৰে, আনহাতে পাতল ৰঙা গোলাপে আকৰ্ষণ আৰু মোহ থকাৰ ইংগিত দিয়ে।

২/ গোলাপী গোলাপঃ গোলাপী গোলাপ বা গুলপীয়া গোলাপ হৈছে প্ৰশংসা, কৃতজ্ঞতা আৰু সহানুভূতিৰ প্ৰতীক। গাঢ় আৰু পাতল ৰঙৰ অৰ্থও বেলেগ বেলেগ। যেনেকৈ গাঢ় গোলাপী ৰঙে কৃতজ্ঞতা আৰু পাতল গোলাপী ৰঙৰ গোলাপে কোমলতা, সহানুভূতি আৰু সুখৰ ইংগিত দিয়ে।

৩/ বগা গোলাপঃ বগা গোলাপে নতুন আৰম্ভণিৰ লগতে বিশুদ্ধতা আৰু নিৰ্দোষতাক প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰিও ই প্ৰকৃত প্ৰেম, সন্মান আৰু আধ্যাত্মিকতাৰ ইংগিত দিয়ে। যদি আপুনি কাৰোবাৰ লগত নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ ওলাইছে, তেন্তে নিশ্চিতভাৱে তেওঁক বগা গোলাপ ফুল দিয়ক।

৪/ হালধীয়া গোলাপঃ সাধাৰণতে হালধীয়া গোলাপক বন্ধুত্ব, সুখ আৰু আনন্দৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই গোলাপে বন্ধুত্বৰ লগতে ইতিবাচকতাকো প্ৰতিনিধিত্ব কৰে। কাৰোবাক অভিনন্দন জনাবলৈ বা বন্ধুত্ব শক্তিশালী কৰিবলৈ হালধীয়া গোলাপ দিব পাৰে।

৫/ কমলা গোলাপঃ কমলা ৰঙৰ গোলাপ ফুলে উৎসাহ, শক্তি আৰু ইচ্ছাৰ ইংগিত দিয়ে। কমলা গোলাপে আপুনি তেওঁৰ ওপৰত আপ্লুত আৰু তেওঁৰ প্ৰতি গভীৰ আগ্ৰহ থকা বুলি বুজায় আৰু তেওঁৰ জীৱনত আপুনি সুখৰ কামনা কৰে।

গোলাপ বাছি লওঁতে এই কথা মনত ৰাখিব

ৰঙৰ লগতে ফুলৰ সংখ্যাও গুৰুত্বপূৰ্ণ। এপাহ গোলাপে প্ৰেম প্ৰকাশ কৰে, আনহাতে ১২পাহ গোলাপে গভীৰ প্ৰেম আৰু সমৰ্পণৰ ইংগিত দিয়ে। লগতে ফুলৰ সতেজতাৰ প্ৰতি গুৰুত্ব দিয়ক। সংগীক দিয়াৰ সময়ত নিজৰ অনুভৱ প্ৰকাশ কৰক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ