--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ ভেলেণ্টাইন উইক আৰম্ভ। গোলাপৰ বিভিন্ন ৰং আৰু ইয়াৰ অৰ্থ: গোলাপ কেৱল এক ধুনীয়া ফুল নহয়, ই যুগ যুগ ধৰি প্ৰেমৰ প্ৰতীক হৈ আহিছে। কিন্তু আপুনি জানেনে যে গোলাপৰ প্ৰতিটো ৰঙে এটা বেলেগ বাৰ্তা দিয়ে? হয়, গোলাপৰ প্ৰতিটো ৰঙৰ নিজস্ব অৰ্থ থাকে, যিয়ে প্ৰেম, বন্ধুত্ব, প্ৰশংসা, শক্তি আনকি দুখৰ দৰে অনুভৱ প্ৰকাশ কৰে। গতিকে, আজি আহক আমি এই গোলাপৰ ৰংবোৰৰ আকৰ্ষণীয় অৰ্থৰ জগতখনলৈ ভুমুকি মাৰি চাওঁ।

১/ ৰঙা গোলাপঃ ৰঙা ৰং যে প্ৰেম আৰু আবেগৰ প্ৰতীক সেই কথা সকলোৱে জানে। কিন্তু গাঢ় ৰঙা গোলাপে গভীৰ প্ৰেম আৰু মৰম প্ৰকাশ কৰে, আনহাতে পাতল ৰঙা গোলাপে আকৰ্ষণ আৰু মোহ থকাৰ ইংগিত দিয়ে।

২/ গোলাপী গোলাপঃ গোলাপী গোলাপ বা গুলপীয়া গোলাপ হৈছে প্ৰশংসা, কৃতজ্ঞতা আৰু সহানুভূতিৰ প্ৰতীক। গাঢ় আৰু পাতল ৰঙৰ অৰ্থও বেলেগ বেলেগ। যেনেকৈ গাঢ় গোলাপী ৰঙে কৃতজ্ঞতা আৰু পাতল গোলাপী ৰঙৰ গোলাপে কোমলতা, সহানুভূতি আৰু সুখৰ ইংগিত দিয়ে।

৩/ বগা গোলাপঃ বগা গোলাপে নতুন আৰম্ভণিৰ লগতে বিশুদ্ধতা আৰু নিৰ্দোষতাক প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰিও ই প্ৰকৃত প্ৰেম, সন্মান আৰু আধ্যাত্মিকতাৰ ইংগিত দিয়ে। যদি আপুনি কাৰোবাৰ লগত নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ ওলাইছে, তেন্তে নিশ্চিতভাৱে তেওঁক বগা গোলাপ ফুল দিয়ক।

৪/ হালধীয়া গোলাপঃ সাধাৰণতে হালধীয়া গোলাপক বন্ধুত্ব, সুখ আৰু আনন্দৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই গোলাপে বন্ধুত্বৰ লগতে ইতিবাচকতাকো প্ৰতিনিধিত্ব কৰে। কাৰোবাক অভিনন্দন জনাবলৈ বা বন্ধুত্ব শক্তিশালী কৰিবলৈ হালধীয়া গোলাপ দিব পাৰে।

৫/ কমলা গোলাপঃ কমলা ৰঙৰ গোলাপ ফুলে উৎসাহ, শক্তি আৰু ইচ্ছাৰ ইংগিত দিয়ে। কমলা গোলাপে আপুনি তেওঁৰ ওপৰত আপ্লুত আৰু তেওঁৰ প্ৰতি গভীৰ আগ্ৰহ থকা বুলি বুজায় আৰু তেওঁৰ জীৱনত আপুনি সুখৰ কামনা কৰে।

গোলাপ বাছি লওঁতে এই কথা মনত ৰাখিব

ৰঙৰ লগতে ফুলৰ সংখ্যাও গুৰুত্বপূৰ্ণ। এপাহ গোলাপে প্ৰেম প্ৰকাশ কৰে, আনহাতে ১২পাহ গোলাপে গভীৰ প্ৰেম আৰু সমৰ্পণৰ ইংগিত দিয়ে। লগতে ফুলৰ সতেজতাৰ প্ৰতি গুৰুত্ব দিয়ক। সংগীক দিয়াৰ সময়ত নিজৰ অনুভৱ প্ৰকাশ কৰক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন