--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে প্ৰতিদিনে পৃথিৱীৰ প্ৰকৃতিৰ পৰিৱৰ্তন ঘটিছে। দিনক দিনে ই এক বিশ্ব সংকট হিচাপে আত্মপ্ৰকাশ কৰি আছে।আজি আমি আপোনালোকক জনাম গোলকীয় উষ্ণতাৰ এনে এটা পাৰ্শ্বক্ৰিয়া যিটো কোনোৱে লক্ষ্য কৰা নাই।

গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জলবায়ুৰ পৰিৱৰ্তন, উষ্ণতা বৃদ্ধি, কৃষিৰ ওপৰত বেয়া প্ৰভাৱ, মৃত্যুৰ হাৰ বৃদ্ধি, প্ৰাকৃতিক বাসস্থান হেৰুৱাই ক্ষতিকাৰক পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিছে।ইয়াৰ উপৰিও এনে এটা পাৰ্শ্বক্ৰিয়াও আছে যিটো কোনেও লক্ষ্য কৰা নাই। অৰ্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মহৰ সংখ্যা বৃদ্ধি পাব।

বিশ্বৰ বহু অঞ্চলত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে মেলেৰিয়া বিয়পোৱা মহবোৰ পৃথিৱীত দ্ৰুতগতিত বিয়পি পৰিছে। কাৰণ জলবায়ু পৰিৱৰ্তনৰ বাবে তাপমাত্ৰা বৃদ্ধি পাইছে।উষ্ণতা বৃদ্ধিৰ বাবে এতিয়া উচ্চ উচ্চতাৰ অঞ্চলতো মহৰ দ্ৰুত গতিত বিয়পি পৰিছে। যাৰ বাবেই এতিয়া মহৰ ফলত হোৱা ৰোগবোৰ উচ্চ উচ্চতাৰ অঞ্চলতো বিয়পিবলৈ আৰম্ভ কৰিছে।

বিজ্ঞানীসকলৰ এক গৱেষণাৰ মতে, উষ্ণতা হ্ৰাস পোৱা অঞ্চলসমূহত মেলেৰিয়াৰ দৰে ৰোগৰ ক্ষেত্ৰ কমিছে। যেনে - ইথিওপিয়াৰ হাইলেণ্ডত ঘটি আছে। এই গৱেষণাই জলবায়ু পৰিবৰ্তন, উষ্ণতা আৰু মহৰ মাজৰ সম্পৰ্ক স্পষ্টকৈ দেখুৱাইছে।জলবায়ু পৰিৱৰ্তনে কেৱল উষ্ণতা বৃদ্ধি কৰি মহক উপকৃত কৰাই নহয়, দীৰ্ঘদিনীয়া বৰষুণৰ ফলতো মহে ভালদৰে লাভৱান হ’ব পাৰে। ইয়াৰ বাহিৰেও খৰাঙৰ সময়ত মানুহে পানী জমা কৰিবলৈ আৰম্ভ কৰে, যিটো মহৰ প্ৰজনন বৃদ্ধিৰ কাৰণ হৈ পৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে