--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ উষ্ণতা ক্ৰমে বৃদ্ধি পাই গৈছে৷ জলবায়ুৰ ভীষণ পৰিৱৰ্তন ঘটিছে৷ যিবোৰ ঠাই আগতে বানৰ কৱলত পৰা নাছিল সেই ঠাইবোৰত এতিয়া আবতৰীয়া বানে সংহাৰৰ সৃষ্টি কৰিছে৷ কিছুমান ঠাইত আকৌ খৰাঙৰ ভয়াৱহ ছবি ফুটি উঠিছে৷মেৰুৰ বৰফ গলনৰ প্ৰভাৱ বিশ্বৰ সকলো ঠাইতে পৰিছে৷ নদীৰ পৃষ্ঠ উঠি আহিছে৷ সাগৰত পানীৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত নদীৰ পানী সাগৰত জমা হোৱাত বাধাৰ সৃষ্টি হৈছে৷ এনেবোৰ কাৰণতে বৰফ নপৰা ঠাইতো বানৰ আশংকা বৃদ্ধি পাইছে৷২০৫০ চনৰ ভিতৰত মেৰুৰ বৰফ গলাৰ বাবেই বিশ্বৰ বহু চহৰৰ অস্বিত্ব নাথাকিব বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰি আহিছে৷ বহু চহৰ পানীৰ তলত লীন যোৱাৰ আশংকা মেৰুৰ বৰফ গলাৰ বাবেই বৃদ্ধি পাইছে৷

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া বৰফৰ ভাণ্ডাৰ হিচাবে পৰিচিত পৃথিৱীৰ দুই মেৰুৰ ওপৰত পৰা পৰিলক্ষিত হৈছে।উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বহু অঞ্চলত তাপমাত্ৰা বৰফ গলি যোৱা বাবে প্ৰয়োজনীয় সীমালৈ উৰ্ধগামী হোৱা দেখা গৈছে। ফলত দুই মেৰুতে আৰম্ভ হৈছে বৰফৰ ব্যাপক গলন।দুই মেৰুৰ অভূতপূৰ্ব উষ্ণতাই বিশ্বৰ বিজ্ঞানীসকলক বিচলিত কৰি তুলিছে। এণ্টাৰ্কটিকাৰ কনকৰ্ডিয়া গৱেষণা কেন্দ্ৰত কৰ্মৰত বিজ্ঞানীসকলে দুই মেৰুৰ বিভিন্ন স্থানত -১২.২ ডিগ্ৰী চেলচিয়াছ উচ্চতা হোৱাৰ তথ্য লাভ কৰিছে। ২০১৬ চনৰ ডিচেম্বৰ মাহত সেই স্থানসমূহৰ উষ্ণতা আছিল -১৩.৭ ডিগ্ৰী চেলচিয়াছ।

এণ্টাৰ্কটিকাৰ ভষ্টক ষ্টেচনত তাপমাত্ৰা -২০.৩ ডিগ্ৰী চেলচিয়াছ নথিভুক্ত কৰা হৈছে। মেৰুত কৰ্মৰত বিজ্ঞানীসকলে কৈছে যে শূন্য বা ১০ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থকা যিকোনো তাপমাত্ৰাই “বৃহৎ তাপ প্ৰবাহ” ৰ কথাই চিহ্নিত কৰে।উত্তৰ মেৰু অৱস্থিত বৰফৰ ভাণ্ডাৰসমূহৰ উষ্ণতা গড় উষ্ণতাতকৈ ৫০ ডিগ্ৰী অধিক হোৱাৰ কথাত বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে।এণ্টাৰ্কটিকাত থকা জলবায়ু বিষয়ক গৱেষক ষ্টেফানো বাটিষ্টাই টুইটাৰত লিখিছিল, “এয়া ভয়াৱহ দিনৰ আগজাননী।

”মেচাচুচেটছ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক ড. জুলি ব্ৰিঘাম-গ্ৰেটে কৈছে যে মেৰু অঞ্চল অধিক উষ্ণ হৈ পৰাৰ কাৰণ হ’ব পাৰে বিশ্বজুৰি পশ্চিমৰ পৰা পূৱলৈ প্ৰবাহিত হোৱা গৰম বায়ুৰ প্ৰবাহ।জলবায়ু পৰিৱৰ্তনৰ ফলত বতাহ “গধুৰ” হৈ পৰিছে, যাৰ ফলত দক্ষিণ ফালে ঠাণ্ডা প্ৰবাহ আৰু উত্তৰদিশে গৰম প্ৰবাহ ববলৈ আৰম্ভ কৰিছে।প্ৰায় ৯৮ শতাংশ অঞ্চল শীতল শুভ্ৰ বৰফে ঢাকি ৰখা সুমেৰুত ২০২০ চনৰ ছেপ্তেম্বৰ মাহত প্ৰচণ্ড জুই জ্বলা দেখা গৈছিল। এয়াও গোলকীয় উষ্ণতাৰেই প্ৰভাৱত হোৱা ঘটনা বুলি ধাৰণা কৰা হৈছিল।এনে পৰিস্থিতিত সুমেৰুৰ বৰফত আৰম্ভ হৈছিল বাপক মাত্ৰাত গলন।চপৰা –চপৰে খহি পৰিছিল সুমেৰুৰ বৰফ।

সুমেৰুত লগা জুইৰ ফলত বায়ু মণ্ডলত মিহলি হৈ পৰিছিল প্ৰায় ৬২ নিযুত টন বিষাক্ত কাৰ্বন ডাই অক্সাইড গেছ।এনে পৰিস্থিতিত সুমেৰুৰ বৰফত আৰম্ভ হৈছে বাপক মাত্ৰাত গলন।চপৰা –চপৰে খহি পৰিছে সুমেৰুৰ বৰফ।বিগত সুমেৰুত লগা জুইৰ ফলত বায়ু মণ্ডলত মিহলি হৈ পৰিছে প্ৰায় ৬২ নিযুত টন বিষাক্ত কাৰ্বন ডাই অক্সাইড গেছ।সুমেৰুৰ এই জুইক বিজ্ঞানী সকলে নাম দিছে জাম্বো ফায়াৰ বুলি।জাম্বো ফায়াৰৰ সৈতে আমাৰ উমি উমি জ্বলি থকা তুঁহ জুইকুৰাৰ বহু মিল আছে।

এই জুই দেখাকৈ বহু সময়ত নজ্বলে যদিও তলে তলে এনে জুয়ে গ্ৰাস কৰি নিয়ে বৃহৎ অঞ্চল।সুমেৰুৰ অন্তৰ্গত ৰাছিয়াৰ ছাখা প্ৰদেশৰ লগতে ছাইবেৰিয়াত জাম্বো ফায়াৰে সংহাৰী ৰূপ ধাৰণ কৰি আহিছে।পুৰি চাৰখাৰ হৈছে সুমেৰুৰ অৱশিষ্ট বনভূমি।এতিয়ালৈকে সুমেৰুৰ ২১ হাজাৰ টন বৰফ গলি নিঃশেষ হৈছে।জাম্বো ফায়াৰ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই ২০২০ চনত এতিয়ালৈকে সুমেৰুৰ পৰা বায়ু মণ্ডলত মিহলি হৈছে ২৮৮ নিযুত টন কাৰ্বন ডাই অক্সাইড। ফলত চিন্তিত হৈছে বিজ্ঞানীসকল।

১৯৭২ চনৰ ৫-১৬ জুনলৈকে ৰাষ্ট্ৰসংঘৰ উদ্যোগত ছুইডেনৰ ৰাজধানী ষ্টকহ’মত অনুষ্ঠিত হোৱা “মানৱ পৰিৱেশ সন্মিলন”ত (Human Environment) “বিশ্ব পৰিৱেশ দিৱস” পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ সেই প্ৰস্তাৱ অনুসৰি ১৯৭৩ চনৰেপৰা ৫ জুনৰ দিনটো সমগ্ৰ বিশ্বব্যাপি “বিশ্ব পৰিৱেশ দিৱস” হিচাপে উদ্‌যাপন কৰি অহা হৈছে ৷

প্ৰতি বছৰে একোটা মূল বিষয়বস্তু লৈ “বিশ্ব পৰিৱেশ দিৱস” পালন কৰা হয় ৷ আজিৰ দিনটোতে সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে “বিশ্ব পৰিৱেশ দিৱস”৷এই দিনটোতে আমি বিশ্বক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰাৰ পণ লওঁ আহক৷ কমেও এজোপাকৈ হ’লেও সকলোৱে গছ ৰুই তাৰ প্ৰতিপালনৰ দায়িত্ব লওঁ আহক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন