--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন এক প্ৰাকৃতিক প্ৰক্ৰিয়া। ইয়াৰ বাবে পৃথিৱীৰ গড় উষ্ণতাৰ পৰিৱৰ্তনো দায়ী। বিগত কেইবাটাও দশক ধৰি বিজ্ঞানীসকলে পৃথিৱীত বৃদ্ধি পোৱা তাপক লৈ চিন্তিত হৈ আহিছে। এই উষ্ণতাৰ উত্থানে পৃথিৱীৰ মানুহৰ বাবে এক প্ৰকাৰ বিপদত পৰিণত হৈছে। ইয়াৰ বাবে মানুহৰ কাম-কাজো বহু পৰিমাণে দায়ী। এই কামবোৰ নিয়ন্ত্ৰণ কৰি উষ্ণতা ভাৰসাম্য ৰক্ষা কৰাটো কঠিন হৈ পৰিছে।

যদি এই পৰিস্থিতি অব্যাহত থাকে তেন্তে আগন্তুক সময়ত মানুহকে ধৰি আন জীৱৰ বাবে ইয়াত বাস কৰাটো কঠিন হৈ পৰিব। এই প্ৰক্ৰিয়াটোক জলবায়ু পৰিৱৰ্তনৰ নাম দি তেওঁলোকৰ নতুন অধ্যয়নত বিজ্ঞানীসকলে ইয়াৰ বাবে মানুহ কেনেকৈ দায়ী সেই কথা জানিবলৈ চেষ্টা কৰিছে।

বিজ্ঞানীসকলে এই পৰ্যন্ত তেওঁলোকৰ গৱেষণাৰ পৰা জানিব পাৰিছে যে জলবায়ু পৰিৱৰ্তনৰ বাবে সেউজ গৃহ গেছ বিশেষকৈ কাৰ্বন ডাই অক্সাইড দায়ী। বেছিভাগ জীৱাশ্ম ইন্ধন জ্বলাই দিলে ই উৎপন্ন হয়। ৩০ বছৰতকৈও অধিক সময় ধৰি বহু বিজ্ঞানীয়ে জলবায়ু পৰিৱৰ্তনৰ কাৰণসমূহ বিভিন্ন ধৰণে অধ্যয়ন কৰি আহিছে, জলবায়ু পৰিৱৰ্তনৰ কাৰণসমূহ কি কি সেই বিষয়ে জানিবলৈ চেষ্টা কৰি আহিছে। আপুনি জানি আচৰিত হ’ব যে প্ৰায় প্ৰতিটো প্ৰতিবেদনতে মাত্ৰ এটা কাৰণহে ওলাইছে আৰু সেয়া হ’ল বিশ্বৰ উষ্ণতা বৃদ্ধি।

মানুহৰ ভূমিকা: জলবায়ু পৰিৱৰ্তনৰ বাবে মানুহৰ কাৰ্যকলাপ প্ৰধানকৈ দায়ী বুলি বিজ্ঞানীসকল উল্লেখ কৰিছে। এটা প্ৰতিবেদনত কোৱা হৈছে যে মানুহৰ প্ৰভাৱৰ বাবে বায়ুমণ্ডল, সাগৰ আৰু পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনত মানুহৰ ভূমিকাক লৈ সদায় বিতৰ্কৰ বিষয় হৈ আহিছে। প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ জলবায়ু বিজ্ঞানী গেব ভাচেয়ে কয় যে তাপ বৃদ্ধিৰ বাবে মানুহ দায়ী।

কাৰ্বন ডাই অক্সাইডৰ ভূমিকা: তেওঁলোকৰ অধ্যয়নত বিজ্ঞানীসকলে এই কথা জানিব পাৰিছে যে সূৰ্য্যই সাধাৰণতে প্ৰতি বছৰে প্ৰতি বৰ্গমিটাৰত ১৩৬১ ৱাট তাপ নিৰ্গত কৰে, যাৰ ফলত পৃথিৱীৰ জীৱনৰ বাবে এক সুক্ষ্ম ভাৰসাম্য বজাই ৰাখে। সূৰ্যৰ পোহৰ বা শক্তিৰ পৰিৱৰ্তন অতি কম। এই পৰিৱৰ্তন সূৰ্য্যৰ বিকিৰণৰ দশম ভাগতকৈ বেছি নহয়। একে সময়তে আমেৰিকাৰ পৰিৱেশ সুৰক্ষা সংস্থাৰ তথ্য অনুসৰি জীৱাশ্ম ইন্ধন জ্বলাই উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডে বৰ্তমান প্ৰতি বৰ্গমিটাৰত ২.০৭ ৱাট তাপ শোষণ কৰি আছে।

পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ শোষণ সূৰ্যৰ বিকিৰণৰ পৰিৱৰ্তনতকৈ ২০ গুণ বেছি। আনহাতে মিথেনে প্ৰতি বৰ্গমিটাৰত ০.৫ ৱাটৰ হাৰত শোষণ কৰে। সূৰ্য্যৰ এটা সৌৰচক্ৰ ১১ বছৰলৈকে থাকে যদিও ইয়াৰো পৃথিৱীৰ উষ্ণতাৰ ওপৰত কোনো বিশেষ প্ৰভাৱ পৰা যেন নালাগে। অৰ্থাৎ সামগ্ৰিকভাৱে গোলকীয় উষ্ণতা বৃদ্ধিত সূৰ্য্যই কোনো ভূমিকা লোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ