--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন এক প্ৰাকৃতিক প্ৰক্ৰিয়া। ইয়াৰ বাবে পৃথিৱীৰ গড় উষ্ণতাৰ পৰিৱৰ্তনো দায়ী। বিগত কেইবাটাও দশক ধৰি বিজ্ঞানীসকলে পৃথিৱীত বৃদ্ধি পোৱা তাপক লৈ চিন্তিত হৈ আহিছে। এই উষ্ণতাৰ উত্থানে পৃথিৱীৰ মানুহৰ বাবে এক প্ৰকাৰ বিপদত পৰিণত হৈছে। ইয়াৰ বাবে মানুহৰ কাম-কাজো বহু পৰিমাণে দায়ী। এই কামবোৰ নিয়ন্ত্ৰণ কৰি উষ্ণতা ভাৰসাম্য ৰক্ষা কৰাটো কঠিন হৈ পৰিছে।

যদি এই পৰিস্থিতি অব্যাহত থাকে তেন্তে আগন্তুক সময়ত মানুহকে ধৰি আন জীৱৰ বাবে ইয়াত বাস কৰাটো কঠিন হৈ পৰিব। এই প্ৰক্ৰিয়াটোক জলবায়ু পৰিৱৰ্তনৰ নাম দি তেওঁলোকৰ নতুন অধ্যয়নত বিজ্ঞানীসকলে ইয়াৰ বাবে মানুহ কেনেকৈ দায়ী সেই কথা জানিবলৈ চেষ্টা কৰিছে।

বিজ্ঞানীসকলে এই পৰ্যন্ত তেওঁলোকৰ গৱেষণাৰ পৰা জানিব পাৰিছে যে জলবায়ু পৰিৱৰ্তনৰ বাবে সেউজ গৃহ গেছ বিশেষকৈ কাৰ্বন ডাই অক্সাইড দায়ী। বেছিভাগ জীৱাশ্ম ইন্ধন জ্বলাই দিলে ই উৎপন্ন হয়। ৩০ বছৰতকৈও অধিক সময় ধৰি বহু বিজ্ঞানীয়ে জলবায়ু পৰিৱৰ্তনৰ কাৰণসমূহ বিভিন্ন ধৰণে অধ্যয়ন কৰি আহিছে, জলবায়ু পৰিৱৰ্তনৰ কাৰণসমূহ কি কি সেই বিষয়ে জানিবলৈ চেষ্টা কৰি আহিছে। আপুনি জানি আচৰিত হ’ব যে প্ৰায় প্ৰতিটো প্ৰতিবেদনতে মাত্ৰ এটা কাৰণহে ওলাইছে আৰু সেয়া হ’ল বিশ্বৰ উষ্ণতা বৃদ্ধি।

মানুহৰ ভূমিকা: জলবায়ু পৰিৱৰ্তনৰ বাবে মানুহৰ কাৰ্যকলাপ প্ৰধানকৈ দায়ী বুলি বিজ্ঞানীসকল উল্লেখ কৰিছে। এটা প্ৰতিবেদনত কোৱা হৈছে যে মানুহৰ প্ৰভাৱৰ বাবে বায়ুমণ্ডল, সাগৰ আৰু পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনত মানুহৰ ভূমিকাক লৈ সদায় বিতৰ্কৰ বিষয় হৈ আহিছে। প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ জলবায়ু বিজ্ঞানী গেব ভাচেয়ে কয় যে তাপ বৃদ্ধিৰ বাবে মানুহ দায়ী।

কাৰ্বন ডাই অক্সাইডৰ ভূমিকা: তেওঁলোকৰ অধ্যয়নত বিজ্ঞানীসকলে এই কথা জানিব পাৰিছে যে সূৰ্য্যই সাধাৰণতে প্ৰতি বছৰে প্ৰতি বৰ্গমিটাৰত ১৩৬১ ৱাট তাপ নিৰ্গত কৰে, যাৰ ফলত পৃথিৱীৰ জীৱনৰ বাবে এক সুক্ষ্ম ভাৰসাম্য বজাই ৰাখে। সূৰ্যৰ পোহৰ বা শক্তিৰ পৰিৱৰ্তন অতি কম। এই পৰিৱৰ্তন সূৰ্য্যৰ বিকিৰণৰ দশম ভাগতকৈ বেছি নহয়। একে সময়তে আমেৰিকাৰ পৰিৱেশ সুৰক্ষা সংস্থাৰ তথ্য অনুসৰি জীৱাশ্ম ইন্ধন জ্বলাই উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডে বৰ্তমান প্ৰতি বৰ্গমিটাৰত ২.০৭ ৱাট তাপ শোষণ কৰি আছে।

পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ শোষণ সূৰ্যৰ বিকিৰণৰ পৰিৱৰ্তনতকৈ ২০ গুণ বেছি। আনহাতে মিথেনে প্ৰতি বৰ্গমিটাৰত ০.৫ ৱাটৰ হাৰত শোষণ কৰে। সূৰ্য্যৰ এটা সৌৰচক্ৰ ১১ বছৰলৈকে থাকে যদিও ইয়াৰো পৃথিৱীৰ উষ্ণতাৰ ওপৰত কোনো বিশেষ প্ৰভাৱ পৰা যেন নালাগে। অৰ্থাৎ সামগ্ৰিকভাৱে গোলকীয় উষ্ণতা বৃদ্ধিত সূৰ্য্যই কোনো ভূমিকা লোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু