--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মৌমাখিৰ দংশন বৰ বেদনাদায়ক। বহুতো মৌমাখি (Honeybee) ইমানেই বিষাক্ত যে কেতিয়াবা মানুহ অজ্ঞান হৈ পৰে। এই মৌমাখিৰ ষ্টিং অৰ্থাৎ শুঁং অতি ইতিবাচকভাৱে ব্যৱহাৰ কৰিব পাৰি। এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে মৌমাখিৰ বৃহৎ জাক এটাই ১০০ ভল্টৰ পৰা ১০০০ ভল্টলৈকে বিদ্যুৎ উৎপাদন কৰিব পাৰে। iScience Journal ত প্ৰকাশিত ব্রিষ্টল বিশ্ববিদ্যালয়ৰ (Bristol University) গৱেষণাৰ মতে মৌমাখিৰ এটা জাকে বৈদ্যুতিক আধান উৎপন্ন কৰে যাক বৈদ্যুতিক প্রবাহলৈ ৰূপান্তৰিত কৰিব পাৰি।

এই গৱেষণাত কাম কৰা বিজ্ঞানী এলাৰ্ড হান্টিঙে কয় যে তেওঁৰ দলটোৱে পৰিৱেশত স্থিতিশীল বৈদ্যুতিক ক্ষেত্ৰ ব্যৱহাৰ কৰা এনে জীৱৰ বিষয়ে গৱেষণা কৰি আছিল। এনে বৈদ্যুতিক ক্ষেত্ৰই কেৱল বতৰত প্ৰভাৱ পেলোৱাই নহয় খাদ্যকে ধৰি বহু কামত জীৱক সহায় কৰে। উদাহৰণস্বৰূপে, ফুলতো এক প্ৰকাৰৰ বৈদ্যুতিক ক্ষেত্ৰ থাকে যিটো মৌমাখিয়ে অনুভৱ কৰে। এইমতে মৌমাখিয়ে জানে যে কোন পাহ ফুললৈ মৌমাখি আহিছে বা নাই অহা। 

এই গৱেষণাত কেমেৰাৰ সহায়ত মৌমাখিৰ জাকটোৰ সোঁত জুখি আৰু বৈদ্যুতিক ক্ষেত্ৰ নিৰীক্ষণ কৰা হৈছিল। এটা জাকত ১২ হাজাৰৰো অধিক মৌমাখি আছিল। গৱেষণাৰ মতে প্ৰায় ৩ মিনিটমান মৌমাখিৰ ট্ৰেক কৰা হৈছিল। এই সময়ছোৱাত এই জাকটোৱে প্ৰায় ১০০ৰ পৰা ১০০০ ভল্টৰ কাৰেণ্ট উৎপন্ন কৰি আছিল। গৱেষকসকলে কয় যে জাকটো ডাঙৰ হ’লে এই সোঁত আৰু বেছি হ’ব পাৰে।

কিন্তু বৰ্তমান সময়ত সৃষ্টি হোৱা কাৰেণ্টক এইদৰে ব্যৱহাৰ কৰাটো সম্ভৱ নহয়। বিজ্ঞানীসকলৰ মতে ইয়াক এতিয়া ব্যৱহাৰ কৰিব নোৱাৰিলেও ভৱিষ্যতে ইয়াৰ দ্বাৰা আন বহু ক্ষেত্ৰত গৱেষণাৰ প্ৰসাৰ ঘটিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক