--°C
Loading...
Listen to Article
2 min read
80%

ছলমান সোণাক্ষী সিনহাৰ আটাইতকৈ প্ৰিয় বন্ধু ভিতৰত এজন৷ তেওঁলোক দুয়োৰ মাজৰ বন্ধুত্ব গঢ় লৈছিল ২০১০ চনতেই। সোণাক্ষীয়ে ছলমান খানৰ লগত 'দাবাং' ছবিখনৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল।

  ডিজিটেল ডেস্ক : বিবাহপাশত আবদ্ধ হ'ব নেকি দাবাং ভাই ছলমান আৰু সোণাক্ষী সিনহা৷ ৫৬ বছৰীয়া অভিনেতাগৰাকীৰ বিবাহক লৈ বলীউডত চলি থাকে বহুতো ৰসিক খবৰ৷ এই খবৰে যেন প্ৰভাৱ কৰিব পেলাব পৰা নাই ছলমান খানৰ ব্যক্তিগত জীৱনকো৷ এইবাৰ সকলোকে আচৰিত কৰিলে ছলমানৰ এখন ফটোৱে৷ বগা আৰু ক্ৰীম ৰঙৰ ব্লেজাৰ চুইটত ছলমান আৰু ৰঙা শাৰী পৰিধান কৰা সোণাক্ষীৰ এখন ফটোৱে ছ'চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে৷ দৰা-কইনাৰ আভূষণেৰে থকা ফটোখনে আলোড়নৰ সৃষ্টি কৰিছিল৷ যেন যুগ্ম জীৱনৰহে পাতনি মেলিছিল৷ [caption id="attachment_134640" align="alignnone" width="299"] ছ'চিয়েল মিডিয়াত ভাইৰেল ফটো[/caption] কিন্তু ছবিখনৰ আঁৰৰ সত্যটো হ'ল যে এইটো এটা ভুৱা ফটোশ্বপ কৰা ছবি। ছলমান আৰু সোণাক্ষী দুয়োৰে মাজত গঢ়ি উঠা নাই তেনে কোনো সম্পৰ্ক৷ ছলমান সোণাক্ষী সিনহাৰ আটাইতকৈ প্ৰিয় বন্ধু ভিতৰত এজন৷ তেওঁলোক দুয়োৰ মাজৰ বন্ধুত্ব গঢ় লৈছিল ২০১০ চনতেই। সোণাক্ষীয়ে ছলমান খানৰ লগত 'দাবাং' ছবিখনৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল। শেহতীয়াকৈ ছলমান খানে লুলিয়া ভান্টুৰৰ সৈতে ডেটিং কৰি আছে বুলি উৰাবাতৰি ওলাইছে। বিবাহৰ অনুষ্ঠান হওঁক বা উৎসৱৰ অনুষ্ঠান হওঁক, দম্পতীহাল প্ৰায়ে অনুষ্ঠানবোৰত একেলগে উপস্থিত হয়। কিন্তু এতিয়াও আনুষ্ঠানিকতা কৰা নাই তেওঁলোকৰ সম্পৰ্কৰ কথা। ২০১৬ চনত উৰাবাতৰি ওলাইছিল যে ছলমান খানে গোপনে লুলিয়া ভান্টুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি টাইগাৰ ৩ৰ অভিনেতাজনে মুম্বাই মিৰ'ৰক কৈছিল, 'এইবোৰ কেৱল আপুনি নিজেই কোৱাৰ দৰে উৰাবাতৰি। যদি মোৰ বিয়া প্ৰকৃততে হয়৷ মই নিজেই ঘোষণা কৰিম৷ মোৰ বাবে এক আনন্দৰ মুহূৰ্ত হ'ব।' আনহাতে, সোণাক্ষী সিনহাই নোটবুক তাৰকা জাহিৰ ইকবালৰ সৈতে ডেটিং কৰি আছে বুলি উৰাবাতৰি ওলাইছে। জাহিৰ আৰু সোনাক্ষী দুয়োজনে ছলমান খানৰ ছবিৰ দ্বাৰা তেওঁলোকৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। সোনাক্ষীয়ে ৰাউডি ৰাঠৌৰ, চন অফ চাৰদাৰ, দাবাং ২, হলিডে: এ ছ'লজাৰ ইজ নেভাৰ অফ ডিউটি, লুটেৰা, ৱান্স আপন এ টাইম ইন মুম্বাই ডোবাৰা, আৰ ৰাজকুমাৰ, একচন জেকচন, কলংক, মিছন মংগল, ভুজ আদি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু