--°C
Loading...
Listen to Article
2 min read
80%

ছলমান সোণাক্ষী সিনহাৰ আটাইতকৈ প্ৰিয় বন্ধু ভিতৰত এজন৷ তেওঁলোক দুয়োৰ মাজৰ বন্ধুত্ব গঢ় লৈছিল ২০১০ চনতেই। সোণাক্ষীয়ে ছলমান খানৰ লগত 'দাবাং' ছবিখনৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল।

  ডিজিটেল ডেস্ক : বিবাহপাশত আবদ্ধ হ'ব নেকি দাবাং ভাই ছলমান আৰু সোণাক্ষী সিনহা৷ ৫৬ বছৰীয়া অভিনেতাগৰাকীৰ বিবাহক লৈ বলীউডত চলি থাকে বহুতো ৰসিক খবৰ৷ এই খবৰে যেন প্ৰভাৱ কৰিব পেলাব পৰা নাই ছলমান খানৰ ব্যক্তিগত জীৱনকো৷ এইবাৰ সকলোকে আচৰিত কৰিলে ছলমানৰ এখন ফটোৱে৷ বগা আৰু ক্ৰীম ৰঙৰ ব্লেজাৰ চুইটত ছলমান আৰু ৰঙা শাৰী পৰিধান কৰা সোণাক্ষীৰ এখন ফটোৱে ছ'চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে৷ দৰা-কইনাৰ আভূষণেৰে থকা ফটোখনে আলোড়নৰ সৃষ্টি কৰিছিল৷ যেন যুগ্ম জীৱনৰহে পাতনি মেলিছিল৷ [caption id="attachment_134640" align="alignnone" width="299"] ছ'চিয়েল মিডিয়াত ভাইৰেল ফটো[/caption] কিন্তু ছবিখনৰ আঁৰৰ সত্যটো হ'ল যে এইটো এটা ভুৱা ফটোশ্বপ কৰা ছবি। ছলমান আৰু সোণাক্ষী দুয়োৰে মাজত গঢ়ি উঠা নাই তেনে কোনো সম্পৰ্ক৷ ছলমান সোণাক্ষী সিনহাৰ আটাইতকৈ প্ৰিয় বন্ধু ভিতৰত এজন৷ তেওঁলোক দুয়োৰ মাজৰ বন্ধুত্ব গঢ় লৈছিল ২০১০ চনতেই। সোণাক্ষীয়ে ছলমান খানৰ লগত 'দাবাং' ছবিখনৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল। শেহতীয়াকৈ ছলমান খানে লুলিয়া ভান্টুৰৰ সৈতে ডেটিং কৰি আছে বুলি উৰাবাতৰি ওলাইছে। বিবাহৰ অনুষ্ঠান হওঁক বা উৎসৱৰ অনুষ্ঠান হওঁক, দম্পতীহাল প্ৰায়ে অনুষ্ঠানবোৰত একেলগে উপস্থিত হয়। কিন্তু এতিয়াও আনুষ্ঠানিকতা কৰা নাই তেওঁলোকৰ সম্পৰ্কৰ কথা। ২০১৬ চনত উৰাবাতৰি ওলাইছিল যে ছলমান খানে গোপনে লুলিয়া ভান্টুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি টাইগাৰ ৩ৰ অভিনেতাজনে মুম্বাই মিৰ'ৰক কৈছিল, 'এইবোৰ কেৱল আপুনি নিজেই কোৱাৰ দৰে উৰাবাতৰি। যদি মোৰ বিয়া প্ৰকৃততে হয়৷ মই নিজেই ঘোষণা কৰিম৷ মোৰ বাবে এক আনন্দৰ মুহূৰ্ত হ'ব।' আনহাতে, সোণাক্ষী সিনহাই নোটবুক তাৰকা জাহিৰ ইকবালৰ সৈতে ডেটিং কৰি আছে বুলি উৰাবাতৰি ওলাইছে। জাহিৰ আৰু সোনাক্ষী দুয়োজনে ছলমান খানৰ ছবিৰ দ্বাৰা তেওঁলোকৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। সোনাক্ষীয়ে ৰাউডি ৰাঠৌৰ, চন অফ চাৰদাৰ, দাবাং ২, হলিডে: এ ছ'লজাৰ ইজ নেভাৰ অফ ডিউটি, লুটেৰা, ৱান্স আপন এ টাইম ইন মুম্বাই ডোবাৰা, আৰ ৰাজকুমাৰ, একচন জেকচন, কলংক, মিছন মংগল, ভুজ আদি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ