--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ ঘটনাক গোপনে ৰখাৰ প্ৰৱণতাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিলে চুপ্ৰীম কোৰ্টৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। কৈছে যে নিৰ্যাতিত শিসু আৰু নিৰ্যাতনকাৰী যদি একে পৰিয়ালৰে সদস্যও হয়, তাৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰিব লাগিব।

শনিবাৰে ‘শিশুৰ ওপৰত যৌন নিৰ্যাতন প্ৰতিৰোধী আইন’, চমুকৈ পকচ’ৰ প্ৰয়োগ সংক্ৰান্তীয় এখন আলোচনা সভাত এই মন্তব্য কৰিছে মুখ্য ন্যায়াধীশগৰাকীয়ে।

“শিশুসকলৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা গোপন কৰাৰ প্ৰৱণতা অত্যন্ত দুৰ্ভাগ্যজনক। নীৰৱতাৰ এই সংস্কৃতিয়ে অপৰাধীসকলক উৎসাহিত কৰিব। যিসকল শিশু নিৰ্যাতনৰ চিকাৰ হৈছে, চৰকাৰে তেওঁলোকৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব।”- মুখ্য ন্যায়াধীশগৰাকীয়ে কয়।

উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি, লকডাউনৰ সময়ৰে পৰা দেশত পাৰিবাৰিক হিংসাৰ লগে লগে শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনাও বাঢ়িছে। মুখ্য ন্যায়াধীশগৰাকীৰ মতে, এইক্ষেত্ৰত শিশুসকলকো সচেতন কৰি তোলাটো প্ৰয়োজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক