--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ ঘটনাক গোপনে ৰখাৰ প্ৰৱণতাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিলে চুপ্ৰীম কোৰ্টৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। কৈছে যে নিৰ্যাতিত শিসু আৰু নিৰ্যাতনকাৰী যদি একে পৰিয়ালৰে সদস্যও হয়, তাৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰিব লাগিব।

শনিবাৰে ‘শিশুৰ ওপৰত যৌন নিৰ্যাতন প্ৰতিৰোধী আইন’, চমুকৈ পকচ’ৰ প্ৰয়োগ সংক্ৰান্তীয় এখন আলোচনা সভাত এই মন্তব্য কৰিছে মুখ্য ন্যায়াধীশগৰাকীয়ে।

“শিশুসকলৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা গোপন কৰাৰ প্ৰৱণতা অত্যন্ত দুৰ্ভাগ্যজনক। নীৰৱতাৰ এই সংস্কৃতিয়ে অপৰাধীসকলক উৎসাহিত কৰিব। যিসকল শিশু নিৰ্যাতনৰ চিকাৰ হৈছে, চৰকাৰে তেওঁলোকৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব।”- মুখ্য ন্যায়াধীশগৰাকীয়ে কয়।

উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি, লকডাউনৰ সময়ৰে পৰা দেশত পাৰিবাৰিক হিংসাৰ লগে লগে শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনাও বাঢ়িছে। মুখ্য ন্যায়াধীশগৰাকীৰ মতে, এইক্ষেত্ৰত শিশুসকলকো সচেতন কৰি তোলাটো প্ৰয়োজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু