--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ অন্যতম কৰি গঢ়ি তুলিব বুলি কৈ আহিছে৷ আনকি, বিগত ডেৰ বছৰত বন্ধ, আন্দোলন-ধৰ্ণা কাৰ্যসূচী নোহোৱাৰ বাবে অসম উন্নতিৰ দিশে দোপতদোপে আগবাঢ়ি গৈছে বুলি শেহতীয়াকৈ মন্তব্য কৰিছে৷

কিন্তু, শেহতীয়াকৈ প্ৰকাশিত নিটি আয়োগৰ মাল্টিডাইমেনশ্যনেল প’ভাৰ্টি ইনডেক্সৰ প্ৰতিবেদনে উন্মোচিত কৰিছে অসমৰ এখন অন্ধকাৰাচ্ছন্ন ছবি৷ 

ভাৰতৰ দৰিদ্ৰ ৰাজ্যৰ তালিকাত পঞ্চম স্থানত আছে। অসমৰ ৩২.৬৭ শতাংশ লোক এতিয়াও দৰিদ্ৰতাৰ গ্ৰাসত। এই ভয়ংকৰ তথ্য স্পষ্ট হৈছে লোকসভাত। লোকসভাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰৱীণ পাৱাৰে প্ৰদান কৰা বিবৃতিত উন্মোচিত হৈছে এই তথ্য। নিটি আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা নেচনেল মাল্টিডাইমেনশ্যনেল প’ভাৰ্টি ইনডেক্সৰ এক প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে। 

মন্ত্ৰীজনে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ নাগৰিকসকলে যিখিনি ন্যূনতম সা-সুবিধা পাব লাগে, তাৰ ৪৭.৮৭ শতাংশই অসমৰ দৰিদ্ৰ লোকসকলে লাভ নকৰে। নিটি আয়োগে ইয়াক ইণ্টেনছিটি অব ডিপ্লাইভেচন বুলি আখ্যা দিছে। লক্ষ্যণীয় প্ৰসংগ এয়াই যে ৰাষ্ট্রীয় পৰ্যায়ত অসমৰ দৰিদ্ৰতাৰ হাৰ যথেষ্ট বেছি। দৰিদ্ৰতাৰ মাপকাঠী হিচাপে টকা-পইচাৰ পৰা আৰম্ভ কৰি পুষ্টি, মাতৃস্বাস্থ্য, শিক্ষাৰ হাৰ, ৰন্ধনৰ বাবে ব্যৱহৃত ইন্ধন, খোৱাপানী, অনাময় বাসস্থান, বিদ্যুতৰ ব্যৱহাৰ আদিক সামৰি লোৱা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিবৃতিত প্ৰকাশ পোৱা তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ ভিতৰত অসমেই হৈছে দৰিদ্ৰ। দেশৰ দৰিদ্ৰ ৰাজ্যৰ শীৰ্ষত আছে বিহাৰ। বিহাৰত দৰিদ্ৰতা ৫১.৯১ শতাংশ। বিহাৰৰ পাছত আছে ঝাৰখণ্ড। তৃতীয় আৰু চতুৰ্থ স্থানত আছে উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ। পঞ্চমত আছে যুটীয়াভাৱে অসম আৰু মেঘালয়। আৰু তালিকাৰ শেষত আছে কেৰালা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক