--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ অন্যতম কৰি গঢ়ি তুলিব বুলি কৈ আহিছে৷ আনকি, বিগত ডেৰ বছৰত বন্ধ, আন্দোলন-ধৰ্ণা কাৰ্যসূচী নোহোৱাৰ বাবে অসম উন্নতিৰ দিশে দোপতদোপে আগবাঢ়ি গৈছে বুলি শেহতীয়াকৈ মন্তব্য কৰিছে৷

কিন্তু, শেহতীয়াকৈ প্ৰকাশিত নিটি আয়োগৰ মাল্টিডাইমেনশ্যনেল প’ভাৰ্টি ইনডেক্সৰ প্ৰতিবেদনে উন্মোচিত কৰিছে অসমৰ এখন অন্ধকাৰাচ্ছন্ন ছবি৷ 

ভাৰতৰ দৰিদ্ৰ ৰাজ্যৰ তালিকাত পঞ্চম স্থানত আছে। অসমৰ ৩২.৬৭ শতাংশ লোক এতিয়াও দৰিদ্ৰতাৰ গ্ৰাসত। এই ভয়ংকৰ তথ্য স্পষ্ট হৈছে লোকসভাত। লোকসভাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰৱীণ পাৱাৰে প্ৰদান কৰা বিবৃতিত উন্মোচিত হৈছে এই তথ্য। নিটি আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা নেচনেল মাল্টিডাইমেনশ্যনেল প’ভাৰ্টি ইনডেক্সৰ এক প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে। 

মন্ত্ৰীজনে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ নাগৰিকসকলে যিখিনি ন্যূনতম সা-সুবিধা পাব লাগে, তাৰ ৪৭.৮৭ শতাংশই অসমৰ দৰিদ্ৰ লোকসকলে লাভ নকৰে। নিটি আয়োগে ইয়াক ইণ্টেনছিটি অব ডিপ্লাইভেচন বুলি আখ্যা দিছে। লক্ষ্যণীয় প্ৰসংগ এয়াই যে ৰাষ্ট্রীয় পৰ্যায়ত অসমৰ দৰিদ্ৰতাৰ হাৰ যথেষ্ট বেছি। দৰিদ্ৰতাৰ মাপকাঠী হিচাপে টকা-পইচাৰ পৰা আৰম্ভ কৰি পুষ্টি, মাতৃস্বাস্থ্য, শিক্ষাৰ হাৰ, ৰন্ধনৰ বাবে ব্যৱহৃত ইন্ধন, খোৱাপানী, অনাময় বাসস্থান, বিদ্যুতৰ ব্যৱহাৰ আদিক সামৰি লোৱা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিবৃতিত প্ৰকাশ পোৱা তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ ভিতৰত অসমেই হৈছে দৰিদ্ৰ। দেশৰ দৰিদ্ৰ ৰাজ্যৰ শীৰ্ষত আছে বিহাৰ। বিহাৰত দৰিদ্ৰতা ৫১.৯১ শতাংশ। বিহাৰৰ পাছত আছে ঝাৰখণ্ড। তৃতীয় আৰু চতুৰ্থ স্থানত আছে উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ। পঞ্চমত আছে যুটীয়াভাৱে অসম আৰু মেঘালয়। আৰু তালিকাৰ শেষত আছে কেৰালা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু