--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজে জন্ম দিয়া চাৰিটা সন্তানৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰিলে জনপ্ৰিয় ভোজপুৰী তাৰকা তথা বিজেপি সাংসদ ৰবি কিছাণে। এখন আলোচনাচক্ৰত জনসংখ্যা নিয়ন্ত্ৰণৰ বিলক সমৰ্থন কৰি ৰবিয়ে এই সম্পৰ্কে আমোদজনক ভাষ্য প্ৰদান কৰে।

ৰবিয়ে কয় যে কংগ্ৰেছ চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণ বিল আইনত পৰিণত কৰা হ’লে তেওঁ চাৰিটাকৈ সন্তান জন্ম দিয়াৰ পৰা বিৰত থাকিলেহেঁতেন।

উল্লেখ্য যে ৰবি কিছানক ভোজপুৰী চিনেমাৰ চুপাৰষ্টাৰ হিচাপে জনা যায়। একাধিক বলিউডৰ ছৱিতো অভিনয় কৰিছে ৰবিয়ে। অভিনয়ৰ উপৰিও বিজেপিৰ হৈ উত্তৰপ্ৰদেশৰ গোৰখপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি সাংসদ হৈছে ৰবি।

এটা সংবাদমাধ্যমৰ আলোচনাচক্ৰত ৰবিক জনসংখ্যা নিয়ন্ত্ৰণ বিলৰ বিষয়ে সোধা হৈছিল। উত্তৰত ৰবিয়ে কয় যে সন্তান জন্ম দি তেওঁৰ পত্নীয়ে ব্যাপক শাৰীৰিক সমস্যাত ভুগি আহিছে। এইটো ৰবিৰ বাবে অত্যন্ত বেদনাদায়ক।

“কংগ্ৰেছে জনসংখ্যা নিয়ন্ত্ৰণ বিল অনা হ’লে মই এই কাম নকৰিলোহেঁতেন।”- ৰবিয়ে কয়। অভিনেতাগৰাকীৰ এই মন্তব্যৰ পাছতে হাস্যৰসৰ জোৱাৰ উঠে। সম্প্ৰতি সামাজিক মাধ্যমতো ৰবিৰ মন্তব্যৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ