--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজে জন্ম দিয়া চাৰিটা সন্তানৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰিলে জনপ্ৰিয় ভোজপুৰী তাৰকা তথা বিজেপি সাংসদ ৰবি কিছাণে। এখন আলোচনাচক্ৰত জনসংখ্যা নিয়ন্ত্ৰণৰ বিলক সমৰ্থন কৰি ৰবিয়ে এই সম্পৰ্কে আমোদজনক ভাষ্য প্ৰদান কৰে।

ৰবিয়ে কয় যে কংগ্ৰেছ চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণ বিল আইনত পৰিণত কৰা হ’লে তেওঁ চাৰিটাকৈ সন্তান জন্ম দিয়াৰ পৰা বিৰত থাকিলেহেঁতেন।

উল্লেখ্য যে ৰবি কিছানক ভোজপুৰী চিনেমাৰ চুপাৰষ্টাৰ হিচাপে জনা যায়। একাধিক বলিউডৰ ছৱিতো অভিনয় কৰিছে ৰবিয়ে। অভিনয়ৰ উপৰিও বিজেপিৰ হৈ উত্তৰপ্ৰদেশৰ গোৰখপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি সাংসদ হৈছে ৰবি।

এটা সংবাদমাধ্যমৰ আলোচনাচক্ৰত ৰবিক জনসংখ্যা নিয়ন্ত্ৰণ বিলৰ বিষয়ে সোধা হৈছিল। উত্তৰত ৰবিয়ে কয় যে সন্তান জন্ম দি তেওঁৰ পত্নীয়ে ব্যাপক শাৰীৰিক সমস্যাত ভুগি আহিছে। এইটো ৰবিৰ বাবে অত্যন্ত বেদনাদায়ক।

“কংগ্ৰেছে জনসংখ্যা নিয়ন্ত্ৰণ বিল অনা হ’লে মই এই কাম নকৰিলোহেঁতেন।”- ৰবিয়ে কয়। অভিনেতাগৰাকীৰ এই মন্তব্যৰ পাছতে হাস্যৰসৰ জোৱাৰ উঠে। সম্প্ৰতি সামাজিক মাধ্যমতো ৰবিৰ মন্তব্যৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement