ডিজিটেল ডেস্কঃ গোঁসাইগাঁও আৰ এন বি চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিৰ বাবে আকৌ এগৰাকী প্ৰসূতি ৰোগীৰ মৃত্যুৰ অভিযোগ। জানিব পৰা মতে, বৃহস্পতিবাৰে আবেলি প্ৰসূতিগৰাকীক ড° হাফিজুল ৰহমানৰ ডিউটি থকা সময়তে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
অভিযোগ মতে, চিকিৎসকগৰাকীয়ে লিখা কোনো ধৰণৰ ঔষধ ৰোগীক নিদিলে নাৰ্চে। নাইট ডিউটিত থকা ৰায়মতি নাৰ্জাৰী নামৰ নাৰ্চগৰাকীয়ে ৰোগীক গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালৰ ।
ৰোগীৰ পৰিয়ালৰ লোকে নাৰ্চজনীক সোধাত বেয়া ব্যৱহাৰ কৰাৰো অভিযোগ কৰে।
আনহাতে ডাঃ মৌমিতা সেনৰ নাইট ডিউটি আছিল যদিও গোটেই ৰাতি কোনো ধৰণৰ ঔষধ, চিকিৎসা নকৰাৰ অভিযোগ।
আজি ৰাতিপুৱা প্ৰসূতি কোঠাত ডাঃ মৌমিতা সেনৰ উপস্থিতিত হঠাৎ প্ৰসূতি ৰোগী মামণি মুছাহাৰীৰ মৃত্যু হয়।
অভিযোগ মতে চিকিৎসক আৰু নাৰ্চসকলে ৰোগীক গুৰুত্ব নিদিয়া বাবেই এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে।
ইতিপূৰ্বেও গোঁসাইগাঁও আৰ এন বি চিকিৎসালয়ত ৰোগীৰ সৈতে বেয়া ব্যৱহাৰ, চিকিৎসাত গাফিলতিৰ বিভিন্ন অভিযোগ অনা দেখা গৈছিল।
আজি প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে মৃত প্ৰসূতিৰ পৰিয়ালৰ লোকে।