--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অভিযোগ মতে, চিকিৎসকগৰাকীয়ে লিখা কোনো ধৰণৰ ঔষধ ৰোগীক নিদিলে নাৰ্চে। নাইট ডিউটিত থকা ৰায়মতি নাৰ্জাৰী নামৰ নাৰ্চগৰাকীয়ে ৰোগীক গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালৰ ।

ডিজিটেল ডেস্কঃ গোঁসাইগাঁও আৰ এন বি চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিৰ বাবে আকৌ এগৰাকী প্ৰসূতি ৰোগীৰ মৃত্যুৰ অভিযোগ। জানিব পৰা মতে, বৃহস্পতিবাৰে আবেলি প্ৰসূতিগৰাকীক ড° হাফিজুল ৰহমানৰ ডিউটি থকা সময়তে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।


অভিযোগ মতে, চিকিৎসকগৰাকীয়ে লিখা কোনো ধৰণৰ ঔষধ ৰোগীক নিদিলে নাৰ্চে। নাইট ডিউটিত থকা ৰায়মতি নাৰ্জাৰী নামৰ নাৰ্চগৰাকীয়ে ৰোগীক গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালৰ ।


ৰোগীৰ পৰিয়ালৰ লোকে নাৰ্চজনীক সোধাত বেয়া ব্যৱহাৰ কৰাৰো অভিযোগ কৰে।


আনহাতে ডাঃ মৌমিতা সেনৰ নাইট ডিউটি আছিল যদিও গোটেই ৰাতি কোনো ধৰণৰ ঔষধ, চিকিৎসা নকৰাৰ অভিযোগ।


আজি ৰাতিপুৱা প্ৰসূতি কোঠাত ডাঃ মৌমিতা সেনৰ উপস্থিতিত হঠাৎ প্ৰসূতি ৰোগী মামণি মুছাহাৰীৰ মৃত্যু হয়।


অভিযোগ মতে চিকিৎসক আৰু নাৰ্চসকলে ৰোগীক গুৰুত্ব নিদিয়া বাবেই এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে।


ইতিপূৰ্বেও গোঁসাইগাঁও আৰ এন বি চিকিৎসালয়ত ৰোগীৰ সৈতে বেয়া ব্যৱহাৰ, চিকিৎসাত গাফিলতিৰ বিভিন্ন অভিযোগ অনা দেখা গৈছিল।


আজি প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে মৃত প্ৰসূতিৰ পৰিয়ালৰ লোকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন