--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমৰ সেউজীয়া সোণ 'অসম চাহ”ক এই সংকটৰ পৰা উদ্ধাৰ কৰি পুনৰ জীৱন দিয়াৰ বাবে ব্যৱস্থা ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে।

ডিজিটেল ডেস্কঃ বিশ্বৰ বজাৰত আটাইতকৈ বেছি সমাদৃত 'অসম চাহ"ৰ সমগ্ৰ উদ্যোগটো আজি এক সংকটৰ সন্মুখীন হৈছে ৷ বিভিন্ন কাৰণত অসমৰ এই উদ্যোগটো আজি এক অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে। ফলত অসম ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ জীৱনলৈও অন্ধকাৰ নামি আহিছে। 


অসমৰ সেউজীয়া সোণ 'অসম চাহ”ক এই সংকটৰ পৰা উদ্ধাৰ কৰি পুনৰ জীৱন দিয়াৰ বাবে ব্যৱস্থা ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে। 


কালি এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ডুমডুমালৈ অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰাণা মৰাণ আৰু সম্পাদক অজিত গগৈয়ে ৰূপাই উচ্চ ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ 


ভাৰতীয় চাহ বৰ্ড আৰু তিনিচুকীয়া জিলা আয়ুক্তই তিনিচুকীয়া জিলাৰ ৫৬ হেজাৰ ক্ষুদ্ৰ খেতিয়কক কেঁচা চাহপাতৰ উচিত মূল্য নিৰূপণ কৰি দিয়াৰ ক্ষেত্ৰত বিফল হোৱাৰ কথা উল্লেখ কৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ জিলা নেতাদ্বয়ে ৫৬ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক পৰিয়ালৰ প্রায় ৮ লাখ লোকৰ জীৱনলৈ নামি অহা অন্ধকাৰ ভবিষ্যতৰ কথা স্মাৰকপত্ৰখনত স্পষ্টকৈ উল্লেখ কৰি মুখ্যমন্ত্ৰীক ইয়াৰ নিৰাময়ৰ উপায় উলিয়াবলৈ কাতৰ আহ্বান জনাইছে ৷ 


স্মাৰকপত্ৰখনত টি মাৰ্কেটিং কণ্ট্ৰল অৰ্ডাৰ (টিএমচিঅ) নীতি অনুসৰি ভাৰতীয় চাহ বৰ্ড NEZOৰ দ্বাৰা ২০২৫ চনৰ ২১ অক্টোবৰত জাৰি কৰা নিৰ্দেশ অনুসৰি ৰাজ্যৰ তিনিচুকীয়া জিলাৰ ক্ষুদ্র চাহ খেতিয়কসকলে তেওঁলোকৰ প্ৰাপ্য নিম্নতম সমৰ্থন মূল্য পোৱাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে অন্যথা তিনিচুকীয়া জিলাৰ ক্ষুদ্র চাহ খেতিয়কসকলৰ জীৱন ৰেখা নিঃশেষ হৈ পৰিব বুলি উল্লেখ কৰিছে ৷ 


ইয়াৰ লগতে তিনিচুকীয়া জিলাত এন. অ. চি. প্রক্রিয়া পুনৰ প্ৰৱৰ্তন কৰি "অসম চাহ'ৰ মানদণ্ড জীয়াই ৰখাত মুখ্যমন্ত্ৰীৰ দৃঢ় পদক্ষেপৰ বাবে কাতৰ আহ্বান জনাইছে ৷ চাহ বৰ্ডে ২১ আগষ্টত জাৰি কৰা নিৰ্দেশনা অনুসৰি তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচা চাহপাতৰ উচিত মূল্য লাভ কৰা নাই বুলি চাহ খেতিয়কৰ নেতাদ্বয়ে মুখ্যমন্ত্ৰীক স্পষ্টকৈ বুজাই দিয়ে ৷ 


চাহ বৰ্ড আৰু ক্ষুদ্ৰ চাহ ফেক্টৰীৰ মালিক পক্ষই ক্ষুদ্ৰ চাহ খেতিয়কক কেঁচা চাহপাতৰ উচিত মূল্য আদায় নিদিয়াৰ কথা স্মাৰকপত্ৰখনত স্পষ্ট কৰি দিয়ে ৷ তিনিচুকীয়াৰ গাতে লাগি থকা অৰুণাচলত উৎপাদিত কেঁচা চাহপাত তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ ফেক্টৰী সমূহে সংগ্ৰহ কৰি তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতৰ মূল্য নিম্নগামী কৰি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক ব্যৱস্থা লোৱাৰ দাবী জনোৱাত মুখ্যমন্ত্ৰীয়ে এই বিষয়টো আলোচনাৰ মাধ্যমেৰে সামাধানৰ ব্যৱস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷ 


উল্লেখ্য যে, ভাৰতীয় চাহ বৰ্ড আৰু তিনিচুকীয়া জিলা আয়ুক্তৰ দুৰ্বল নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিগত তিনিদিন ধৰি তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ক্ষুদ্ৰ চাহ ফেক্টৰী সমূহক কেঁচা চাহপাত যোগান ধৰাৰ পৰা বিৰত আছে ৷ উদ্যোগ মন্ত্ৰী বিমল বৰাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এই সমস্যাসমূহ সামাধানৰ ক্ষেত্ৰত জটিলতা আছে বুলি কোৱা বুলিও ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নেতাদ্বয়ে মুখ্যমন্ত্ৰীক স্পষ্টকৈ জনাই দিয়ে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন