--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ উত্তৰ-পূবকে গৌৰৱান্বিত কৰিছে এগৰাকী মহিলা সেনা বিষয়াই। অৰুণাচল প্ৰদেশৰ পৰা প্ৰথমগৰাকী মহিলা লেফটেনেন্ট কৰ্ণেল হিচাপে পদোন্নতি লাভ কৰিলে ভাৰতীয় সেনা বিষয়া পনুং ডমিঙে। পনুং ডমিং অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছিঘাটৰ নিৱাসী। 

পনুং ডমিঙে ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা কৰ্ণেল হিচাপে লাভ কৰে পদোন্নতি। সেনা বিষয়াগৰাকীৰ এই উত্তোৰণত অভিনন্দন জ্ঞাপন কৰি টুইট কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

পনুং ডমিঙে চৰকাৰী দয়িং এৰিং উচ্চতৰ মাধ্যমিকৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ মহাৰাষ্ট্ৰৰ ৱালচান্দ কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰিছি। উল্লেখ্য যে দুবছৰ কাল কলকাতাৰ এটা কোম্পানীত চাকৰিও কৰিছিল পনুং ডমিঙে। চাকৰিৰ সমান্তৰালকৈ এলাহাবাদ চাৰ্ভিছ চিলেকশ্যন ব’ৰ্ডৰ বাবেও প্ৰস্তুতি চলাইছিল পনুঙে।

২০০৮ চনত ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল পনুং ডমিঙে। নিজ কৰ্মদক্ষতাৰে মাত্ৰ চাৰে চাৰি বছৰীয়া কাৰ্যকালতে তেওঁ মেজৰ পদবীলৈ পদোন্নতি লাভ কৰিবলৈ সক্ষম হৈছিল।

অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী মহিলা মেজৰ হিচাপেও ইতিহাস ৰচিবলৈ সক্ষম হৈছিল সেনা বিষয়াগৰাকীয়ে। ২০১৪ চনৰ এপ্ৰিল মাহত তেওঁ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোত ইউনাইটেড নেচনেল পিছ কীপিং মিছনত যোগদান কৰে।

তেওঁ কংগো গণতান্ত্ৰিক ৰিপাব্লিকত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অংশ হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। সেনা বিষয়া পনুং ডমিঙৰ এই উত্তোৰণত অভিনন্দন জ্ঞাপন কৰি টুইট কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। পেমা খাণ্ডুৱে লিখিছে-''লেফটেনেণ্ট কৰ্ণেল পনুং ডমিংৰ সামৰিক ক্ষেত্ৰৰ কেৰিয়াৰ অৰুণাচলপ্ৰদেশৰ ছোৱালীৰ বাবে এক প্ৰেৰণা। কৰ্ণেল পদবীলৈ পদোন্নতি লাভ কৰি এতিয়া তেওঁ লেহৰ কৰ্পছ অৱ ইঞ্জিনিয়াৰৰ গুৰুত্বপূৰ্ণ খণ্ডৰ বৰ্ডাৰ ৰোড টাস্ক ফ’ৰ্চ (বি আৰ টি এফ)লৈ স্থানান্তৰিত হৈছে। মোৰ শুভেচ্ছা থাকিল।''








FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক