--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ উত্তৰ-পূবকে গৌৰৱান্বিত কৰিছে এগৰাকী মহিলা সেনা বিষয়াই। অৰুণাচল প্ৰদেশৰ পৰা প্ৰথমগৰাকী মহিলা লেফটেনেন্ট কৰ্ণেল হিচাপে পদোন্নতি লাভ কৰিলে ভাৰতীয় সেনা বিষয়া পনুং ডমিঙে। পনুং ডমিং অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছিঘাটৰ নিৱাসী। 

পনুং ডমিঙে ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা কৰ্ণেল হিচাপে লাভ কৰে পদোন্নতি। সেনা বিষয়াগৰাকীৰ এই উত্তোৰণত অভিনন্দন জ্ঞাপন কৰি টুইট কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

পনুং ডমিঙে চৰকাৰী দয়িং এৰিং উচ্চতৰ মাধ্যমিকৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ মহাৰাষ্ট্ৰৰ ৱালচান্দ কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰিছি। উল্লেখ্য যে দুবছৰ কাল কলকাতাৰ এটা কোম্পানীত চাকৰিও কৰিছিল পনুং ডমিঙে। চাকৰিৰ সমান্তৰালকৈ এলাহাবাদ চাৰ্ভিছ চিলেকশ্যন ব’ৰ্ডৰ বাবেও প্ৰস্তুতি চলাইছিল পনুঙে।

২০০৮ চনত ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল পনুং ডমিঙে। নিজ কৰ্মদক্ষতাৰে মাত্ৰ চাৰে চাৰি বছৰীয়া কাৰ্যকালতে তেওঁ মেজৰ পদবীলৈ পদোন্নতি লাভ কৰিবলৈ সক্ষম হৈছিল।

অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী মহিলা মেজৰ হিচাপেও ইতিহাস ৰচিবলৈ সক্ষম হৈছিল সেনা বিষয়াগৰাকীয়ে। ২০১৪ চনৰ এপ্ৰিল মাহত তেওঁ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোত ইউনাইটেড নেচনেল পিছ কীপিং মিছনত যোগদান কৰে।

তেওঁ কংগো গণতান্ত্ৰিক ৰিপাব্লিকত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অংশ হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। সেনা বিষয়া পনুং ডমিঙৰ এই উত্তোৰণত অভিনন্দন জ্ঞাপন কৰি টুইট কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। পেমা খাণ্ডুৱে লিখিছে-''লেফটেনেণ্ট কৰ্ণেল পনুং ডমিংৰ সামৰিক ক্ষেত্ৰৰ কেৰিয়াৰ অৰুণাচলপ্ৰদেশৰ ছোৱালীৰ বাবে এক প্ৰেৰণা। কৰ্ণেল পদবীলৈ পদোন্নতি লাভ কৰি এতিয়া তেওঁ লেহৰ কৰ্পছ অৱ ইঞ্জিনিয়াৰৰ গুৰুত্বপূৰ্ণ খণ্ডৰ বৰ্ডাৰ ৰোড টাস্ক ফ’ৰ্চ (বি আৰ টি এফ)লৈ স্থানান্তৰিত হৈছে। মোৰ শুভেচ্ছা থাকিল।''








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস