--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ কবিনগৰ অঞ্চলৰ পৰা পোহৰলৈ আহিছে এজন নাবালক ল’ৰাৰ ধৰ্মান্তকৰণৰ ঘটনা। ইয়াত নাবালক ল’ৰাজনৰ দেউতাকে বহু সময় ধৰি তাৰ আচৰণ চাই আছিল যদিও যেতিয়া তেওঁক এই বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ কোনো কথা কোৱাৰ পৰা বিৰত আছিল। ল'ৰাটোৱে জিমলৈ যোৱাৰ উজুহাতত দিনটোত ৫ বাৰ ঘৰৰ বাহিৰলৈ ওলাই আহিছিল। দেউতাকৰ সন্দেহ হ’লত ল’ৰাজনক অনুসৰণ কৰি প্ৰকৃত সত্য উদঘাটন কৰে। ল’ৰাটোৰ পিছে পিছে যোৱাৰ লগে লগে দেখা গ’ল যে তেওঁ দিনটোত ৫ বাৰকৈ নামাজ পঢ়িবলৈ ঘৰৰ পৰা ওলাই যায়। অনলাইন গেমিংৰ বাবে ল’ৰাজন এই "বিপদত" পৰা বুলি পিতৃৰ অভিযোগ। তেওঁ গাজিয়াবাদ আৰক্ষী আয়ুক্তক এই বিষয়ক সহায় বিচাৰিছে।

সোধপোছ কৰাত ল’ৰাজনে ক’লে যে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে।ইপিনে পিতৃয়ে পুত্ৰৰ লেপটপটো পৰীক্ষা কৰিলে দেখা গ’ল যে ইছলামৰ সৈতে জড়িত ধৰ্মীয় তথ্যৰ উপৰিও তাত অবৈধ বস্তুও পোৱা গৈছে। তেওঁ আশংকা কৰিছিল যে অজানিতে তেওঁৰ পুত্ৰক জেহাদৰ দৰে কামত ব্যৱহাৰ কৰা হ’ব পাৰে।

ল’ৰাটোৰ লেপটপত উদ্ধাৰ হৈছে উগ্ৰ ইছলামিক প্ৰচাৰক জাকিৰ নাইকৰ কেইবাটাও ভিডিঅ’। ল'ৰাটো জাকিৰৰ সমৰ্থক হৈ পৰিছে। এনে অৱস্থাত ল’ৰাটোৰ পিতৃয়ে পোনে পোনে আৰক্ষীৰ ওচৰলৈ যায় আৰু তেওঁৰ এজাহাৰত গাজিয়াবাদ আৰক্ষীত এজাহাৰ দাখিল কৰে। বৰ্তমান এই সমগ্ৰ বিষয়ৰ তদন্তত নিয়োজিত হৈ আছে আৰক্ষী।

গাজিয়াবাদ আৰক্ষীৰ তদন্তত দেখা গৈছে যে পুত্ৰই অনলাইন গেমিংৰ জৰিয়তে মুম্বাইৰ বড্ডো নামৰ যুৱকৰ সংস্পৰ্শলৈ আহিছিল। লাহে লাহে তেওঁ বড্ডোৰ প্ৰভাৱত পৰিল আৰু ধৰ্মান্তৰিত হ'ল।বড্ডোৰ বাহিৰেও আন বহু মানুহৰ লগত ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল। আৰক্ষীয়ে জনোৱা মতে, আগতে ল’ৰাজনে যিসকল লোকৰ লগত কথা পাতিছিল, তেওঁলোকৰ সংখ্যা পোৱা গৈছে আৰু সকলোৰে তদন্ত চলি আছে। এই লোকসকলৰ কথা-বতৰাৰ প্ৰভাৱতহে নাবালকজনে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক