--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ কবিনগৰ অঞ্চলৰ পৰা পোহৰলৈ আহিছে এজন নাবালক ল’ৰাৰ ধৰ্মান্তকৰণৰ ঘটনা। ইয়াত নাবালক ল’ৰাজনৰ দেউতাকে বহু সময় ধৰি তাৰ আচৰণ চাই আছিল যদিও যেতিয়া তেওঁক এই বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ কোনো কথা কোৱাৰ পৰা বিৰত আছিল। ল'ৰাটোৱে জিমলৈ যোৱাৰ উজুহাতত দিনটোত ৫ বাৰ ঘৰৰ বাহিৰলৈ ওলাই আহিছিল। দেউতাকৰ সন্দেহ হ’লত ল’ৰাজনক অনুসৰণ কৰি প্ৰকৃত সত্য উদঘাটন কৰে। ল’ৰাটোৰ পিছে পিছে যোৱাৰ লগে লগে দেখা গ’ল যে তেওঁ দিনটোত ৫ বাৰকৈ নামাজ পঢ়িবলৈ ঘৰৰ পৰা ওলাই যায়। অনলাইন গেমিংৰ বাবে ল’ৰাজন এই "বিপদত" পৰা বুলি পিতৃৰ অভিযোগ। তেওঁ গাজিয়াবাদ আৰক্ষী আয়ুক্তক এই বিষয়ক সহায় বিচাৰিছে।

সোধপোছ কৰাত ল’ৰাজনে ক’লে যে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে।ইপিনে পিতৃয়ে পুত্ৰৰ লেপটপটো পৰীক্ষা কৰিলে দেখা গ’ল যে ইছলামৰ সৈতে জড়িত ধৰ্মীয় তথ্যৰ উপৰিও তাত অবৈধ বস্তুও পোৱা গৈছে। তেওঁ আশংকা কৰিছিল যে অজানিতে তেওঁৰ পুত্ৰক জেহাদৰ দৰে কামত ব্যৱহাৰ কৰা হ’ব পাৰে।

ল’ৰাটোৰ লেপটপত উদ্ধাৰ হৈছে উগ্ৰ ইছলামিক প্ৰচাৰক জাকিৰ নাইকৰ কেইবাটাও ভিডিঅ’। ল'ৰাটো জাকিৰৰ সমৰ্থক হৈ পৰিছে। এনে অৱস্থাত ল’ৰাটোৰ পিতৃয়ে পোনে পোনে আৰক্ষীৰ ওচৰলৈ যায় আৰু তেওঁৰ এজাহাৰত গাজিয়াবাদ আৰক্ষীত এজাহাৰ দাখিল কৰে। বৰ্তমান এই সমগ্ৰ বিষয়ৰ তদন্তত নিয়োজিত হৈ আছে আৰক্ষী।

গাজিয়াবাদ আৰক্ষীৰ তদন্তত দেখা গৈছে যে পুত্ৰই অনলাইন গেমিংৰ জৰিয়তে মুম্বাইৰ বড্ডো নামৰ যুৱকৰ সংস্পৰ্শলৈ আহিছিল। লাহে লাহে তেওঁ বড্ডোৰ প্ৰভাৱত পৰিল আৰু ধৰ্মান্তৰিত হ'ল।বড্ডোৰ বাহিৰেও আন বহু মানুহৰ লগত ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল। আৰক্ষীয়ে জনোৱা মতে, আগতে ল’ৰাজনে যিসকল লোকৰ লগত কথা পাতিছিল, তেওঁলোকৰ সংখ্যা পোৱা গৈছে আৰু সকলোৰে তদন্ত চলি আছে। এই লোকসকলৰ কথা-বতৰাৰ প্ৰভাৱতহে নাবালকজনে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস