--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেঘালয়ত বিজেপিৰ স্থিতি লৰক-ফৰক হোৱা বুলি আলোচনা হৈ থকাৰ সময়তে ৰাজ্য খনৰ  মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই উত্তৰ-পূবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি ঘোষণা কৰিছে।  

শ্বিলঙৰ  পোলো খেলপথাৰত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ (এনইচি) সোণালী জয়ন্তী উপলক্ষে আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত ভাষণ দি চাংমাই প্ৰধানমন্ত্ৰীক বাৰে বাৰে আশ্বাস দিয়ে যে তেওঁৰ চৰকাৰ উত্তৰ-পূবৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰৰ সৈতে হাতত হাত ধৰি কাম কৰি যাব। উত্তৰ-পূব পৰিষদক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে যদি পৰিষদে নীতি আৰু সমন্বয়কাৰী সংস্থাৰ ভূমিকা পালন কৰে তেন্তেুন্নয়নৰ ক্ষেত্ৰত  যথেষ্ট সহায়ক হ'ব। 

চাংমাই উত্তৰ-পূব পৰিষদৰ অধীনত এখন কাৰ্যবাহী সমিতি গঠন কৰাৰো পৰামৰ্শ দিয়ে,  য'ত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক একোটা নিৰ্দিষ্ট সময়ৰ বাবে  অধ্যক্ষ হিচাপে নিযুক্তি দিব পৰা যাব। তেওঁ কয় যে এনে এখন সমিতিয়ে নীতি প্ৰস্তুত কৰাৰ চেষ্টা কৰিব আৰু পৰ্যটন, আইন , আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বানপানীৰ দৰে গুৰুত্বপূৰ্ণ  বিষয়সমূহত গুৰুত্ব আৰোপ কৰিব পাৰিব ।চাংমাই কয়  "আমি অহা ৫০ বছৰত কি লাভ  কৰিব বিচাৰো তাৰ বাবে আমাৰ ওচৰত এখন ৰোডমেপ থকা উচিত। মেঘালয়ৰ কংগ্ৰেছ বিধায়ক অম্পাৰিন লিংডোৱে দল ত্যাগ কৰি বিজেপিত যোগদানৰ পিছত কয়  যে  প্ৰধানমন্ত্ৰীৰ অঞ্চলটোৰ বিকাশৰ সপোন বাস্তৱায়িত কৰাতসকলোৱে মিলি জুলি আগবাঢ়িব লাগিব। 

তেওঁ কয়, "মই নিশ্চিত যে মোদীৰ  এই অঞ্চলৰ বিকাশ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত  অৱদান আগবঢ়োৱাৰ সপোন দেশৰ অন্যান্য প্ৰান্তৰ দৰেই  ইয়াতো বাস্তৱত পৰিণত হৈছে।" তেওঁ লগতে প্ৰধানমন্ত্ৰীক অঞ্চলটোৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ দিশত সহায় কৰি যাবলৈ  আহ্বান জনায়। অনুষ্ঠানত চাংমাই  কয়, "মই আশ্বাস দিব বিচাৰো যে অঞ্চলটোৰ প্ৰতিজন নাগৰিক, যুৱ আৰু মহিলাই আপোনাৰ সপোন বাস্তৱায়িত কৰিবলৈ হাতে হাত মিলাব।" চাংমাই দাবী কৰে  যে ৰাজ্য চৰকাৰে যোৱা পাঁচ বছৰত উন্নয়নৰ বাবে সমন্বিত, সমৰ্পিত আৰু অক্লান্ত প্ৰচেষ্টা চলাই গৈছে। তেওঁ লগতে কয় যে মেঘালয় টিকাকৰণৰ শীৰ্ষ তিনিখন ৰাজ্যৰ ভিতৰত আছে । মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত আত্ম সহায়ক গোটৰ সংখ্যা ২০১৮ চনত প্ৰায় ৫,৫০০ ৰ পৰা আজি ৪২,০০০ তকৈও অধিক বৃদ্ধি পাইছে। যাৰ ফলত প্ৰায় ৮০% গ্ৰাম্য পৰিয়ালৰ মহিলা সদস্য উপকৃত হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু