--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩৬ বছৰৰ পাছত পুনৰ বিশ্বজয় কৰিব বিচাৰে আৰ্জেণ্টিনাই। বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাৰ পাছতে এতিয়া আৰ্জেণ্টিনাৰ লোকসকলৰ মনত আনন্দৰ সীমা নাই। কাটাৰলৈ আহিছে লাখ লাখ আৰ্জেণ্টাইন লোক। কিন্তু যিসকলে বিশ্বকাপ চাবলৈ আহিব পৰা নাই, তেওঁলোকেও নিজৰ ব্যৱস্থা কৰি লৈছে। ডিয়েগ’ মাৰাডোনাৰ ঘৰত বহি বিশ্বকাপৰ ফাইনেল উপভোগ কৰিব তেওঁলোকে।

দেশখনৰ ৰাজধানী বুয়েনছ আইৰছত মাৰাডোনাৰ এটা ঘৰ আছে। ১৯৮০ চনত ঘৰটো মাক-দেউতাকৰ বাবে ক্ৰয় কৰিছিল মাৰাডোনাই। ১৯৮৬ চনৰ বিশ্বকাপ বিজয়ৰ পাছত তেওঁ এই ঘৰটোতে অনুৰাগীসকলৰ অভিবাদন গ্ৰহণ কৰিছিল।

ঘৰটো এতিয়া ক্ৰয় কৰিছে আৰিয়েল ফেৰ্ণাণ্ডো গাৰ্চিয়া নামৰ এজন চুবুৰীয়াই। প্ৰায় ৭ কোটি টকাত ঘৰটো ক্ৰয় কৰিছে গাৰ্চিয়াই। লগে লগে তেওঁ ঘৰটো স্থানীয় লোকসকলৰ বাবে তেওঁ মুকলি কৰি দিছে। ঘৰৰ চৌহদত ডাঙৰ পৰ্দা ৰখা হৈছে। তাত আৰ্জেণ্টিনাৰ মেচসমূহ প্ৰদৰ্শন কৰা হৈছে। সকলোৱে আৰ্জেণ্টিনাৰ বাবে চিঞৰিছে।

ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে খেলা চেমিফাইনেলত ঘৰটোত ৭০০ জন মানুহ গোট খাইছিল। খেল চোৱাৰ সমান্তৰালভাৱে ভোজৰো আয়োজন কৰা হৈছে। ৰন্ধা হৈছে গৰুৰ মাংস, গাহৰিৰ মাংস আৰু অনেক সুস্বাদু ব্যঞ্জন। কিন্তু মদ্যপানৰ ব্যৱস্থা কৰা হোৱা নাই।

স্থানীয় লোকসকলে মাৰাডোনাই বাস কৰা ঘৰটোলৈ আহি শিহৰিত হৈ পৰিছে। তেওঁলোকে ঘৰটোৰ সকলোবোৰ কোঠালি তন্ন তন্নকৈ চাই মহান ফুটবলাৰগৰাকীক সোঁৱৰণ কৰিছে। মাৰাডোনাৰ ঘৰটো মন্দিৰসদৃশ হৈ পৰিছে।

এতিয়া সকলোৱে ৰৈ আছে দেওবাৰৰ দিনটোলৈ। আৰ্জেণ্টিনা বনাম ফ্ৰান্স চাবলৈ অসংখ্য ফুটবলপ্ৰেমী উবুৰি খাই পৰিব মাৰাডোনাৰ ঘৰত।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক