--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩৬ বছৰৰ পাছত পুনৰ বিশ্বজয় কৰিব বিচাৰে আৰ্জেণ্টিনাই। বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাৰ পাছতে এতিয়া আৰ্জেণ্টিনাৰ লোকসকলৰ মনত আনন্দৰ সীমা নাই। কাটাৰলৈ আহিছে লাখ লাখ আৰ্জেণ্টাইন লোক। কিন্তু যিসকলে বিশ্বকাপ চাবলৈ আহিব পৰা নাই, তেওঁলোকেও নিজৰ ব্যৱস্থা কৰি লৈছে। ডিয়েগ’ মাৰাডোনাৰ ঘৰত বহি বিশ্বকাপৰ ফাইনেল উপভোগ কৰিব তেওঁলোকে।

দেশখনৰ ৰাজধানী বুয়েনছ আইৰছত মাৰাডোনাৰ এটা ঘৰ আছে। ১৯৮০ চনত ঘৰটো মাক-দেউতাকৰ বাবে ক্ৰয় কৰিছিল মাৰাডোনাই। ১৯৮৬ চনৰ বিশ্বকাপ বিজয়ৰ পাছত তেওঁ এই ঘৰটোতে অনুৰাগীসকলৰ অভিবাদন গ্ৰহণ কৰিছিল।

ঘৰটো এতিয়া ক্ৰয় কৰিছে আৰিয়েল ফেৰ্ণাণ্ডো গাৰ্চিয়া নামৰ এজন চুবুৰীয়াই। প্ৰায় ৭ কোটি টকাত ঘৰটো ক্ৰয় কৰিছে গাৰ্চিয়াই। লগে লগে তেওঁ ঘৰটো স্থানীয় লোকসকলৰ বাবে তেওঁ মুকলি কৰি দিছে। ঘৰৰ চৌহদত ডাঙৰ পৰ্দা ৰখা হৈছে। তাত আৰ্জেণ্টিনাৰ মেচসমূহ প্ৰদৰ্শন কৰা হৈছে। সকলোৱে আৰ্জেণ্টিনাৰ বাবে চিঞৰিছে।

ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে খেলা চেমিফাইনেলত ঘৰটোত ৭০০ জন মানুহ গোট খাইছিল। খেল চোৱাৰ সমান্তৰালভাৱে ভোজৰো আয়োজন কৰা হৈছে। ৰন্ধা হৈছে গৰুৰ মাংস, গাহৰিৰ মাংস আৰু অনেক সুস্বাদু ব্যঞ্জন। কিন্তু মদ্যপানৰ ব্যৱস্থা কৰা হোৱা নাই।

স্থানীয় লোকসকলে মাৰাডোনাই বাস কৰা ঘৰটোলৈ আহি শিহৰিত হৈ পৰিছে। তেওঁলোকে ঘৰটোৰ সকলোবোৰ কোঠালি তন্ন তন্নকৈ চাই মহান ফুটবলাৰগৰাকীক সোঁৱৰণ কৰিছে। মাৰাডোনাৰ ঘৰটো মন্দিৰসদৃশ হৈ পৰিছে।

এতিয়া সকলোৱে ৰৈ আছে দেওবাৰৰ দিনটোলৈ। আৰ্জেণ্টিনা বনাম ফ্ৰান্স চাবলৈ অসংখ্য ফুটবলপ্ৰেমী উবুৰি খাই পৰিব মাৰাডোনাৰ ঘৰত।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement