--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিন ভাল চলিছে কিলিয়না এমবাপেৰ। চলিত বিশ্বকাপত পাঁচটাকৈ গ’ল কৰি ফৰ্মৰ শিখৰত থকা এমবাপেৰ জীৱনলৈ আহিছে নতুন প্ৰেম। ২৩ বছৰীয়া ফৰাচী তাৰকাগৰাকী প্ৰেমত পৰিছে ৰ’জ বাৰ্ট্ৰাম নামৰ এগৰাকী মডেলৰ স’তে। জানিব পৰামতে, এমবাপেৰ স’তে প্ৰেমত মজি ৰ’জে কাটাৰলৈও আহিছে। 

২৭ বছৰীয়া ৰ’জৰ জন্ম বেলজিয়ামত যদিও ফ্ৰান্সত বাস কৰি আহিছে। ইতিমধ্যে পেৰিছৰ ফেশ্বন উদ্যোগত সুনাম গঢ়ি তুলিছে তেওঁ। ১৩ বছৰ বয়সৰ পৰা ৰ’জে ল’ৰিয়েল আৰু এইচ এমৰ দৰে বিশ্ববিখ্যাত ব্ৰেণ্ডৰ সৈতে কাম কৰি আহিছে।

ইয়াৰ পূৰ্বে ৰ’জে এমবাপেৰ ক্লাব পিএছজিৰ এগৰাকী ডাচ্চ ডিফেণ্ডাৰ গ্ৰেগৰী ভান ডাৰ ৱেইলৰ সৈতে চাৰি বছৰীয়া সম্পৰ্কত আছিল। ভেন ডাৰ ডেৰে ২০১২-২০১৬ বৰ্ষৰ পৰা পিএছজিত খেলিছিল। এতিয়া শুনা গৈছে যে ৰ’জ এমবাপেৰ সৈতে গভীৰ সম্পৰ্কত মজি আছে। অৱশ্যে, কোনেও এই বিষয়ে এতিয়ালৈকে মুখ খোলা নাই।
 
উল্লেখ্য যে এমবাপেই ফ্ৰান্সৰ প্ৰথম ট্ৰেন্স মডেল ইননেছ ৰাউৰ স’তে সম্পৰ্কত থকা বুলি গুঞ্জন উঠিছিল। কিন্তু বিশ্বকাপ চলি থকাৰ সময়তে  এমবাপেৰ মনত এতিয়া ‘গোলাপ’ ফুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক