--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ আৰ জি বৰুৱা ৰোডত অৱস্থিত শিক্ষক ভৱনত গুৱাহাটী চিটি দবা সন্থাৰ উদ্যোগত   ৭ বছৰ অনুৰ্ধ, ১১ বছৰ অনুৰ্ধ আৰু ১৫ বছৰ অনুৰ্ধ শাখাৰ বাবে অনুষ্ঠিত গুৱাহাটী চিটি দবা  চেম্পিয়নশ্বিপ  ২৩ জুলাইৰ পৰা ২৫ জুলাইলৈ অনুষ্ঠিত হৈ আছে। 

৭ বছৰ অনুৰ্ধৰ ল’ৰা শাখাত ৪ৰ্থ ৰাউণ্ডৰ  শেষত  ৰেয়ান নবিছ, আদিক বনিক আৰু জিশান কাশ্যপ বৰাই ৩.৫ পইণ্ট সংগ্ৰহ কৰি শীৰ্ষ স্থানত আছে। । অনূৰ্ধ্ব ৭ ছোৱালী শাখাত আদ্বিকা গিৰিয়ে তৃতীয় ৰাউণ্ডৰ পিছত ৩ পইণ্টেৰে শীৰ্ষ স্থানত  আছে।  নিষ্ঠা অংকিতা,  আইৰা জৈন, আৰু ড’ৰথী পাটগিৰীয়ে ২ পইণ্টকৈ অৰ্জন কৰি দ্বিতীয় স্থানত আছে।

১১ বছৰ অনুৰ্ধৰ লৰা শাখাত  হৰ্ষদীপ ডেকাই  ৪ ৰাউণ্ডৰ পৰা ৪ পইণ্ট লাভ কৰি খেলপথাৰত শীৰ্ষ স্থানত আছে। সম সংখ্যক ৰাউণ্ডৰ পৰা ৩.৫ পইণ্টকৈ  লাভ কৰি ভৌমিক কিশোৰ দাস আৰু দৰ্শিল দাসে দ্বিতীয় স্থানত আছে। ১১ বছৰ অনুৰ্ধৰ ছোৱালীৰ শাখাত চতুৰ্থ ৰাউণ্ডৰ শেষত   ৩.৫ পইণ্টেৰে চাৰ্ভী শ্ৰী বৰ্মন আৰু ঋতিশা মায়ৰা ৰাজবংশী শীৰ্ষ স্থানত আছে। আমেয়া গুপ্তা, জিছা জৈন আৰু সমইৰা জৈনে সশ সংখ্যক ৰাউণ্ডৰ পৰা ৩ পইণ্টকৈ লাভ কৰি দ্বিতীয় স্থানত আছে। 
১৫ বছৰ অনুৰ্ধৰ ল’ৰা শাখাত অংশগ্ৰহণ কৰা হৃদিকা দাসে ৩.৫ পইণ্টেৰে খেলপথাৰত আগবাঢ়ি আছে। সোহন কুমাৰ হোৰ, শুভাং প্ৰাণ কাশ্যপ, হিমানিশ কুমাৰ শৰ্মা, আৰু প্ৰত্যুষ পাঠকে ৩ পইণ্টকৈ দ্বিতীয় স্থানত আছে। 
১৫ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত ঈশানৱী শইকীয়াই ৩ ৰাউণ্ডৰ পৰা ৩ পইণ্ট লাভ কৰি চেম্পিয়ন হয়। ২ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে নিভৃতি গোস্বামীয়ে। তৃতীয় আৰু শোভাংগিনী তামুলীয়ে ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে। 
কাইলৈ ​​পুৱা ৯.৩০ বজাত ১৫ বছৰৰ অনুৰ্ধৰ ছোৱালী শাখাৰ বাহিৰে সকলো শাখাৰ চূড়ান্ত ৰাউণ্ড সমূহ অনুষ্ঠিত হ’ব আৰু দুপৰীয়া ১ বজাত পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব। 
গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১০২ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ২০২৪ চনৰ ২৮ জুলাইৰ পৰা ৩০ জুলাইলৈ তেজপুৰত অনুষ্ঠিত হ’বলগীয়া আগন্তুক সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপ-২০২৪ত গুৱাহাটী চিটিক  প্ৰতিনিধিত্ব কৰিবলৈ প্ৰতিটো শাখাৰ পৰা শীৰ্ষ চাৰিগৰাকী খেলুৱৈক নিৰ্বাচিত কৰা হ’ব। 
ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে প্ৰতিযোগিতাখন পৰিচালনা কৰি আছে। তেওঁক সুদক্ষতাৰে সহায় কৰিছে  ৰাষ্ট্ৰীয় আৰ্বিটাৰ বৰ্মন, ঋষিতা সিনহা, মেধা বৰুৱা, ফিডে আৰ্বিটাৰ ৰবিকান্ত তিৱাৰী আৰু ৰাষ্ট্ৰীয় আৰ্বিটাৰ শংকৰ বৰুৱাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু