--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ আৰ জি বৰুৱা ৰোডত অৱস্থিত শিক্ষক ভৱনত গুৱাহাটী চিটি দবা সন্থাৰ উদ্যোগত   ৭ বছৰ অনুৰ্ধ, ১১ বছৰ অনুৰ্ধ আৰু ১৫ বছৰ অনুৰ্ধ শাখাৰ বাবে অনুষ্ঠিত গুৱাহাটী চিটি দবা  চেম্পিয়নশ্বিপ  ২৩ জুলাইৰ পৰা ২৫ জুলাইলৈ অনুষ্ঠিত হৈ আছে। 

৭ বছৰ অনুৰ্ধৰ ল’ৰা শাখাত ৪ৰ্থ ৰাউণ্ডৰ  শেষত  ৰেয়ান নবিছ, আদিক বনিক আৰু জিশান কাশ্যপ বৰাই ৩.৫ পইণ্ট সংগ্ৰহ কৰি শীৰ্ষ স্থানত আছে। । অনূৰ্ধ্ব ৭ ছোৱালী শাখাত আদ্বিকা গিৰিয়ে তৃতীয় ৰাউণ্ডৰ পিছত ৩ পইণ্টেৰে শীৰ্ষ স্থানত  আছে।  নিষ্ঠা অংকিতা,  আইৰা জৈন, আৰু ড’ৰথী পাটগিৰীয়ে ২ পইণ্টকৈ অৰ্জন কৰি দ্বিতীয় স্থানত আছে।

১১ বছৰ অনুৰ্ধৰ লৰা শাখাত  হৰ্ষদীপ ডেকাই  ৪ ৰাউণ্ডৰ পৰা ৪ পইণ্ট লাভ কৰি খেলপথাৰত শীৰ্ষ স্থানত আছে। সম সংখ্যক ৰাউণ্ডৰ পৰা ৩.৫ পইণ্টকৈ  লাভ কৰি ভৌমিক কিশোৰ দাস আৰু দৰ্শিল দাসে দ্বিতীয় স্থানত আছে। ১১ বছৰ অনুৰ্ধৰ ছোৱালীৰ শাখাত চতুৰ্থ ৰাউণ্ডৰ শেষত   ৩.৫ পইণ্টেৰে চাৰ্ভী শ্ৰী বৰ্মন আৰু ঋতিশা মায়ৰা ৰাজবংশী শীৰ্ষ স্থানত আছে। আমেয়া গুপ্তা, জিছা জৈন আৰু সমইৰা জৈনে সশ সংখ্যক ৰাউণ্ডৰ পৰা ৩ পইণ্টকৈ লাভ কৰি দ্বিতীয় স্থানত আছে। 
১৫ বছৰ অনুৰ্ধৰ ল’ৰা শাখাত অংশগ্ৰহণ কৰা হৃদিকা দাসে ৩.৫ পইণ্টেৰে খেলপথাৰত আগবাঢ়ি আছে। সোহন কুমাৰ হোৰ, শুভাং প্ৰাণ কাশ্যপ, হিমানিশ কুমাৰ শৰ্মা, আৰু প্ৰত্যুষ পাঠকে ৩ পইণ্টকৈ দ্বিতীয় স্থানত আছে। 
১৫ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত ঈশানৱী শইকীয়াই ৩ ৰাউণ্ডৰ পৰা ৩ পইণ্ট লাভ কৰি চেম্পিয়ন হয়। ২ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে নিভৃতি গোস্বামীয়ে। তৃতীয় আৰু শোভাংগিনী তামুলীয়ে ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে। 
কাইলৈ ​​পুৱা ৯.৩০ বজাত ১৫ বছৰৰ অনুৰ্ধৰ ছোৱালী শাখাৰ বাহিৰে সকলো শাখাৰ চূড়ান্ত ৰাউণ্ড সমূহ অনুষ্ঠিত হ’ব আৰু দুপৰীয়া ১ বজাত পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব। 
গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১০২ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ২০২৪ চনৰ ২৮ জুলাইৰ পৰা ৩০ জুলাইলৈ তেজপুৰত অনুষ্ঠিত হ’বলগীয়া আগন্তুক সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপ-২০২৪ত গুৱাহাটী চিটিক  প্ৰতিনিধিত্ব কৰিবলৈ প্ৰতিটো শাখাৰ পৰা শীৰ্ষ চাৰিগৰাকী খেলুৱৈক নিৰ্বাচিত কৰা হ’ব। 
ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে প্ৰতিযোগিতাখন পৰিচালনা কৰি আছে। তেওঁক সুদক্ষতাৰে সহায় কৰিছে  ৰাষ্ট্ৰীয় আৰ্বিটাৰ বৰ্মন, ঋষিতা সিনহা, মেধা বৰুৱা, ফিডে আৰ্বিটাৰ ৰবিকান্ত তিৱাৰী আৰু ৰাষ্ট্ৰীয় আৰ্বিটাৰ শংকৰ বৰুৱাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ