--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও ৩০০ নৃত্যশিল্পীৰ ধৰ্মঘট চলি আছে। তেওঁলোকে পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানটোৰ পূৰ্বে তেওঁলোকে ধৰ্মঘট শেষ কৰাৰ সম্ভাৱনা কম। ফলত মুকলি অনুষ্ঠানৰ আশে-পাশে সমস্যাৰ সৃষ্টি হৈছে।

অলিম্পিকৰ আয়োজকসকলে জনোৱা মতে, মুকলি অনুষ্ঠানত ৩০০০ নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত এছ এফ এ-চি জি টি সংগঠনৰ ৩০০ নৃত্যশিল্পীয়ে ধৰ্মঘট আৰম্ভ কৰিছে। দৰমহাৰ বৈষম্যৰ দাবী উত্থাপন কৰিছে। তেওঁলোকৰ দাবী, অলিম্পিকৰ দায়িত্বত থকা আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকক ১ লাখ ৭২ হাজাৰ টকা দৰমহা হিচাপে দিয়া হৈছে। কিন্তু উদ্বোধনী অনুষ্ঠানৰ লগত জড়িত নৃত্যশিল্পীসকলক পৰ্যাপ্ত দৰমহা দিয়া হোৱা নাই। এই বৈষম্যৰ প্ৰতিবাদত তেওঁলোকে আৰম্ভ কৰিছে ধৰ্মঘট।

মঙলবাৰে সংস্থাটোৰ সৈতে এক বৈঠকত বহিল উদ্যোগীসকল। তাতে ১০ হাজাৰ টকা অতিৰিক্ত দিয়াৰ প্ৰস্তাৱ দিলে। নৃত্যশিল্পীসকলে সেই প্ৰস্তাৱ নাকচ কৰিলে। ফলত মুকলি সভাক লৈ সন্দেহৰ সৃষ্টি হৈছে। ফ্ৰান্সৰ ব্যক্তিগত খণ্ডৰ আন বহু শ্ৰমিকে ধৰ্মঘটৰ ভাবুকি দিছে। তেওঁলোকে দাবী কৰে যে তেওঁলোকে গ্ৰীষ্মকালীন ছুটীৰ সময়ত অলিম্পিকৰ বাবে কাম কৰি আছে। ফলত তেওঁলোকে অতিৰিক্ত বোনাছ দিবলগীয়া হয়। লগতে দাবী পূৰণ নকৰিলে ধৰ্মঘট কৰিব বুলিও সকীয়াই দিয়ে।

অহা ২৬ জুলাইত ভাৰতীয় সময় অনুসৰি নিশা ৯ বজাৰ পৰা অলিম্পিক মুকলি হোৱাৰ কথা। এইবাৰ প্ৰথমবাৰৰ বাবে মুকলি হ’ব নদীত। শ্বেন নদীত অনুষ্ঠিত হ’ব এই পেৰেড। বহুদিন ধৰি প্ৰস্তুতি চলি আছে। অৱশ্যে ইয়াৰ মাজতে নৃত্যশিল্পীৰ ধৰ্মঘটৰ ফলত উদ্যোগীসকল চিন্তিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ