--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিন্ধু জল চুক্তিৰ প্ৰসংগত  ভাৰতে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ বিষয়টোৰ মাজলৈ বিশ্ব বেংকক টানি অনাৰ কথাটো ভাৰতে মুঠেও মানি ল’ব পৰা নাই৷ শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ কিষেণগংগা আৰু ৰাটল জলবিদ্যুৎ প্ৰকল্পক লৈ নতুন দিল্লী আৰু ইছলামাবাদৰ মাজৰ সংঘাত বৃদ্ধি পাইছে৷  এই প্ৰসংগত  মধ্যস্থতা আদালত আৰু এজন নিৰপেক্ষ বিশেষজ্ঞ নিয়োগ কৰাৰ বিশ্ব বেংকৰ সিদ্ধান্তকলৈ ভাৰতে প্ৰশ্ন উত্থাপন কৰিছে ।

 যোৱা সপ্তাহত ভাৰতে পাকিস্তানক বিবাদ নিষ্পত্তিৰ বাবে   ৬২  বছৰ পুৰণি সিন্ধু জল চুক্তিৰ (আইডব্লিউটি) পুনৰীক্ষণ আৰু সংশোধন বিচাৰি জাননী জাৰি কৰিছিল। বিষয়টোত বিশ্ব বেংকৰ উপস্থিতিৰ প্ৰসংগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা  মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় ’মই নাভাবো যে তেওঁলোকে (বিশ্ব বেংক) আমাৰ বাবে চুক্তিৰ ব্যাখ্যা কৰাৰ স্থিতিত আছে। এইটো আমাৰ দুয়োখন দেশৰ মাজৰ এক চুক্তি ," । 

উল্লেখ্য কিষেণগংগা আৰু ৰাটল জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত মতভেদ সমাধানৰ বাবে বিশ্ব বেংকে এজন নিৰপেক্ষ বিশেষজ্ঞ আৰু মধ্যস্থতা আদালতৰ অধ্যক্ষ নিয়োগ কৰাৰ ঘোষণা কৰিছিল৷ ভাৰতৰ সিন্ধু জল আয়ুক্তই ১৯৬০ চনৰ সিন্ধু জল চুক্তিৰ পৰিৱৰ্তনৰ বাবে ২৫ জানুৱাৰীত তেওঁৰ পাকিস্তানী সমকক্ষক জাননী জাৰি কৰিছিল৷ সম্প্ৰতি সিন্ধু জল চুক্তিকলৈ পুনৰ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ভাৰতে পাকিস্তানলৈ এখন জাননী প্ৰেৰণ কৰি সিন্ধু জল চুক্তি সংশোধনৰ আহ্বান জনাইছে । ১৯৬০ চনত কৰাচীত ভাৰতৰ তদানীন্তন  প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু তেতিয়াৰ পাকিস্তানী ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত স্বাক্ষৰিত চুক্তি সংশোধনৰ বাবে নতুন দিল্লীয়ে প্ৰথমবাৰৰ বাবে ইছলামাবাদক আহ্বান জনাইছে।

সূত্ৰসমূহে কয়, "ভাৰতে ১৯৬০ চনৰ ছেপ্টেম্বৰৰ সিন্ধু জল চুক্তি (আইডব্লিউটি)ৰ সংশোধনৰ বাবে পাকিস্তানক জাননী জাৰি কৰিছে। এইটো দ্বাদশ অনুচ্ছেদ (৩) অনুসৰি আইডব্লিউটি... সিন্ধু জল চুক্তিৰ ক্ষেত্ৰত পাকিস্তানৰ আকোঁৰগোঁজ মনোভাবৰ ফলত   ভাৰতে চুক্তিত সংশোধনৰ জাননী জাৰি কৰিবলৈ বাধ্য হৈছে।" জাননীখনৰ অধীনত ভাৰতে পাকিস্তানক চুক্তিৰ "সামগ্ৰিক উলংঘন সংশোধন" কৰিবলৈ ৯০ দিনৰ ভিতৰত আন্তঃচৰকাৰী আলোচনাত বহিবলৈ আহ্বান জনাইছে আৰু  "যোৱা ৬২  বছৰৰ অভিজ্ঞতাৰে চুক্তিখন উন্নীত কৰিবলৈ" আহ্বান জনাইছে।

১৯৬০  চনৰ সিন্ধু জল চুক্তিৰ অধীনত, ৩ খন পূৱ দিশেৰে বৈ যোৱা নদী - সতলজ, বিয়াছ, আৰু ৰবিৰ পানী ভাৰতক সীমাহীনভাবে  ব্যৱহাৰৰ বাবে আৱণ্টন কৰা হৈছিল ।  আনহাতে ৩ খন পশ্চিমীয়া নদী - সিন্ধু, ঝিলাম আৰু চেনাবৰ পানী পাকিস্তানলৈ বৈ গৈছে। ইয়াৰ উপৰিও নতুন দিল্লীৰ ৩ খন পশ্চিমীয়া নদীত নদী প্ৰকল্পৰ জৰিয়তে জলবিদ্যুৎ উৎপাদন কৰাৰ অধিকাৰ আছে। পাকিস্তানে এই চুক্তিৰ অধীনত পশ্চিমীয়া নদীসমূহত ভাৰতীয় জলবিদ্যুৎ প্ৰকল্পৰ নক্সাৰ ওপৰত কাৰিকৰী আপত্তি উত্থাপন কৰিব পাৰে।
এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত পাকিস্তানে সদায় গা এৰা দি আহিছে। ২০১৫  চনত পাকিস্তানে ভাৰতৰ কিষেণগংগা আৰু ৰাটল হাইড্ৰ' ইলেক্ট্ৰিক প্ৰকল্পৰ (এইচইপি) ওপৰত ইয়াৰ কাৰিকৰী আপত্তিবোৰ পৰীক্ষা কৰিবলৈ এজন নিৰপেক্ষ বিশেষজ্ঞ নিযুক্ত কৰাৰ বাবে অনুৰোধ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু