--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ বছৰীয়া জাহাদ ২১ বছৰীয়া তৃতীয় লিংগৰ ব্যক্তি  জিয়াৰ প্ৰেমে যেন পূৰ্ণতা লাভ কৰিলে৷ তৃতীয় লিংগৰ এই দুই ব্যক্তিয়ে যোৱা তিনি বছৰ ধৰি একেলগে বাস কৰি আছে। তেতিয়াৰে পৰা তেওঁলোক দুয়োজনে প্ৰেমতপৰে আৰু শৰীৰৰ পৰিৱৰ্তন প্ৰক্ৰিয়াৰ অংশ হিচাপে হৰমন থেৰাপী আৰম্ভ কৰে। 

কেৰালাৰ কোজিকোডৰ  জাহাদ আৰু জিয়া পাভাল নামৰ  তৃতীয় লিংগৰ  দম্পতীহালৰ মাজলৈ এতিয়া সন্তানৰ আগমন ঘটিবলৈ ওলাইছে৷ ভাৰতত এনে ঘটনা এয়াই প্ৰথম৷   জাহাদ নামৰ তৃতীয় লিংগৰ ব্যক্তিগৰাকীয়ে গৰ্ভধাৰণ কৰিছে৷ সেয়ে জাহাদে এতিয়া এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে। দম্পতীহালে  মাৰ্চ মাহত তেওঁলোকৰ প্ৰথম সন্তানৰ জন্ম হ’ব বুলি আশা কৰিছে৷  

জিয়াই ছ'চিয়েল মিডিয়াত কৈছে " যেতিয়া আমি তিনি বছৰ আগতে একেলগে থাকিবলৈ আৰম্ভ কৰিছিলো, আমি ভাবিছিলো যে আমাৰ জীৱন আন ট্ৰেন্সজেণ্ডাৰৰ পৰা পৃথক হৈ উঠক । আমাৰ দৰে বেছিভাগ দম্পতীক সমাজৰ লগতে তেওঁলোকৰ নিজ নিজ পৰিয়ালে বৰ্জন কৰে। আমি এটা কেঁচুৱা বিচাৰিছিলো৷  সেয়েহে আমি নানান ধৰণে চেষ্টা অব্যাহত ৰাখিছিলো"৷  জিয়াই কোজিকোডত   শাস্ত্ৰীয় নৃত্য শিকায়। জাহাদে কয় "তৃতীয় লিংগৰ ব্যক্তি হিচাবে  আমাৰ যাত্ৰা অব্যাহত থাকিব। মই মোৰ হৰমন চিকিৎসা অব্যাহত ৰাখিছো।"  

উল্লেখ্য প্ৰসৱৰ ছমাহ বা এবছৰ পিছত জাহাদে  এজন ট্ৰেন্স মেন হ'বলৈ চিকিৎসা পুনৰ আৰম্ভ কৰিব। জিয়াই কয়  যে তেওঁলোকে চিকিৎসকসকলৰ পৰা সমৰ্থন পাইছে৷  কোজিকোডৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় জাহাদে অহা মাহত তেওঁলোকৰ সন্তান প্ৰসৱ কৰিবলৈ সাজু হৈছে। তিৰুৱন্তপুৰমৰ বাসিন্দা জাহাদে একাউণ্টেণ্ট হিচাপে কাম কৰিছিল আৰু এতিয়া ছুটীত আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক