--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ বছৰীয়া জাহাদ ২১ বছৰীয়া তৃতীয় লিংগৰ ব্যক্তি  জিয়াৰ প্ৰেমে যেন পূৰ্ণতা লাভ কৰিলে৷ তৃতীয় লিংগৰ এই দুই ব্যক্তিয়ে যোৱা তিনি বছৰ ধৰি একেলগে বাস কৰি আছে। তেতিয়াৰে পৰা তেওঁলোক দুয়োজনে প্ৰেমতপৰে আৰু শৰীৰৰ পৰিৱৰ্তন প্ৰক্ৰিয়াৰ অংশ হিচাপে হৰমন থেৰাপী আৰম্ভ কৰে। 

কেৰালাৰ কোজিকোডৰ  জাহাদ আৰু জিয়া পাভাল নামৰ  তৃতীয় লিংগৰ  দম্পতীহালৰ মাজলৈ এতিয়া সন্তানৰ আগমন ঘটিবলৈ ওলাইছে৷ ভাৰতত এনে ঘটনা এয়াই প্ৰথম৷   জাহাদ নামৰ তৃতীয় লিংগৰ ব্যক্তিগৰাকীয়ে গৰ্ভধাৰণ কৰিছে৷ সেয়ে জাহাদে এতিয়া এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে। দম্পতীহালে  মাৰ্চ মাহত তেওঁলোকৰ প্ৰথম সন্তানৰ জন্ম হ’ব বুলি আশা কৰিছে৷  

জিয়াই ছ'চিয়েল মিডিয়াত কৈছে " যেতিয়া আমি তিনি বছৰ আগতে একেলগে থাকিবলৈ আৰম্ভ কৰিছিলো, আমি ভাবিছিলো যে আমাৰ জীৱন আন ট্ৰেন্সজেণ্ডাৰৰ পৰা পৃথক হৈ উঠক । আমাৰ দৰে বেছিভাগ দম্পতীক সমাজৰ লগতে তেওঁলোকৰ নিজ নিজ পৰিয়ালে বৰ্জন কৰে। আমি এটা কেঁচুৱা বিচাৰিছিলো৷  সেয়েহে আমি নানান ধৰণে চেষ্টা অব্যাহত ৰাখিছিলো"৷  জিয়াই কোজিকোডত   শাস্ত্ৰীয় নৃত্য শিকায়। জাহাদে কয় "তৃতীয় লিংগৰ ব্যক্তি হিচাবে  আমাৰ যাত্ৰা অব্যাহত থাকিব। মই মোৰ হৰমন চিকিৎসা অব্যাহত ৰাখিছো।"  

উল্লেখ্য প্ৰসৱৰ ছমাহ বা এবছৰ পিছত জাহাদে  এজন ট্ৰেন্স মেন হ'বলৈ চিকিৎসা পুনৰ আৰম্ভ কৰিব। জিয়াই কয়  যে তেওঁলোকে চিকিৎসকসকলৰ পৰা সমৰ্থন পাইছে৷  কোজিকোডৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় জাহাদে অহা মাহত তেওঁলোকৰ সন্তান প্ৰসৱ কৰিবলৈ সাজু হৈছে। তিৰুৱন্তপুৰমৰ বাসিন্দা জাহাদে একাউণ্টেণ্ট হিচাপে কাম কৰিছিল আৰু এতিয়া ছুটীত আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন