--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক নিদাৰুণ ঘটনাই পুনৰ জোকাৰি গৈছে দেশক৷ কেইবছৰমান আগতে গুৱাহাটীৰ ৱেৰলেছৰ এটা ঘৰত জুই লাগি জুই শিশুৰ কৰুণ মৃত্যু ঘটিছিল৷ একেধৰণৰেই ঘটনা সংঘটিত হ’ল তেলেংগানাত৷ তেলেংগানাৰ মানচেৰিয়াল জিলাৰ ভেংকটপুৰ গাঁৱৰ এটা ঘৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত দুটি শিশুসহ ছয়জন লোক নিহত হৈছে।

শুক্ৰবাৰে মাজনিশা ৰামকৃষ্ণপুৰ আৰক্ষী থানা এলেকাত সংঘটিত  হয় এই ঘটনা৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি  দুদিন আগতে  ভতিজী মনিকা, তেওঁৰ দুই সন্তান আৰু আন এগৰাকী আত্মীয় ভেংকটপুৰ গাঁৱৰ বাসিন্দা পদ্মা নামৰ এগৰাকী মহিলাৰ ঘৰলৈ আহিছিল। শুক্ৰবাৰে নিশা প্ৰায় ১২:৩০ বজাত এজন স্থানীয় বাসিন্দাই দেখিলে যে পদ্মাৰ ঘৰত জুই লাগিছে৷  তেওঁ চিঞৰি কাষৰীয়া লোকসকলক মাতিবলৈ ধৰে। আৰক্ষীকো খবৰ দিয়া হয়।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীও আহি উপস্থিত হয় ৷ কিন্তু তেতিয়ালৈকে গোটেই ঘৰটো জ্বলি শেষ হৈছিল। মানচেৰিয়াল জিলাৰ সহকাৰী আৰক্ষী আয়ুক্ত বি তিৰুপতি ৰেড্ডীয়ে কয়, "জুই লগাৰ সময়ত পদ্মা আৰু তেওঁৰ স্বামী ঘৰত আছিল। দুদিন আগতে, পদ্মাৰ ভতিজী আৰু তেওঁৰ ল'ৰা-ছোৱালীকেইটাই ঘৰটো চাবলৈ  আহিছিল। তেওঁলোকৰ সৈতে আন এজন আত্মীয়ও আছিল। তেওঁলোক জুই লগাৰ সময়ত চিঞৰিছিল যদিও কোনেও তেওঁলোকক জুইৰ মাজৰ পৰা উলিয়াই আনিবলৈ সাহস কৰা নাছিল৷

এজন স্থানীয় বাসিন্দাই কয়, "যোৱা দুদিন ধৰি পদ্মাৰ ঘৰত অতিথিসকলে আনন্দ-স্ফূৰ্তি কৰি আছিল। মুহূৰ্ততে, সকলো শেষ হৈ গ’ল।  আৰক্ষীয়ে জুই কেনেকৈলাগিল সেই বিষয়ত তদন্ত আৰম্ভ কৰিছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক