--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক নিদাৰুণ ঘটনাই পুনৰ জোকাৰি গৈছে দেশক৷ কেইবছৰমান আগতে গুৱাহাটীৰ ৱেৰলেছৰ এটা ঘৰত জুই লাগি জুই শিশুৰ কৰুণ মৃত্যু ঘটিছিল৷ একেধৰণৰেই ঘটনা সংঘটিত হ’ল তেলেংগানাত৷ তেলেংগানাৰ মানচেৰিয়াল জিলাৰ ভেংকটপুৰ গাঁৱৰ এটা ঘৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত দুটি শিশুসহ ছয়জন লোক নিহত হৈছে।

শুক্ৰবাৰে মাজনিশা ৰামকৃষ্ণপুৰ আৰক্ষী থানা এলেকাত সংঘটিত  হয় এই ঘটনা৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি  দুদিন আগতে  ভতিজী মনিকা, তেওঁৰ দুই সন্তান আৰু আন এগৰাকী আত্মীয় ভেংকটপুৰ গাঁৱৰ বাসিন্দা পদ্মা নামৰ এগৰাকী মহিলাৰ ঘৰলৈ আহিছিল। শুক্ৰবাৰে নিশা প্ৰায় ১২:৩০ বজাত এজন স্থানীয় বাসিন্দাই দেখিলে যে পদ্মাৰ ঘৰত জুই লাগিছে৷  তেওঁ চিঞৰি কাষৰীয়া লোকসকলক মাতিবলৈ ধৰে। আৰক্ষীকো খবৰ দিয়া হয়।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীও আহি উপস্থিত হয় ৷ কিন্তু তেতিয়ালৈকে গোটেই ঘৰটো জ্বলি শেষ হৈছিল। মানচেৰিয়াল জিলাৰ সহকাৰী আৰক্ষী আয়ুক্ত বি তিৰুপতি ৰেড্ডীয়ে কয়, "জুই লগাৰ সময়ত পদ্মা আৰু তেওঁৰ স্বামী ঘৰত আছিল। দুদিন আগতে, পদ্মাৰ ভতিজী আৰু তেওঁৰ ল'ৰা-ছোৱালীকেইটাই ঘৰটো চাবলৈ  আহিছিল। তেওঁলোকৰ সৈতে আন এজন আত্মীয়ও আছিল। তেওঁলোক জুই লগাৰ সময়ত চিঞৰিছিল যদিও কোনেও তেওঁলোকক জুইৰ মাজৰ পৰা উলিয়াই আনিবলৈ সাহস কৰা নাছিল৷

এজন স্থানীয় বাসিন্দাই কয়, "যোৱা দুদিন ধৰি পদ্মাৰ ঘৰত অতিথিসকলে আনন্দ-স্ফূৰ্তি কৰি আছিল। মুহূৰ্ততে, সকলো শেষ হৈ গ’ল।  আৰক্ষীয়ে জুই কেনেকৈলাগিল সেই বিষয়ত তদন্ত আৰম্ভ কৰিছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু