--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাছপোৰ্টত ঐশ্বৰ্য ৰায় বচ্চনৰ ছবি! তেওঁৰ জন্মস্থান হৈছে গুজৰাট। জন্ম ১৯৯০ চনত। তিনিজন সন্দেহজনক লোকক ঐশ্বৰ্য ৰায় বচ্চনৰ ভুৱা পাছপোৰ্টৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকক  গ্ৰেটাৰ নয়ডাত উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰি সোধা-পোছাৰ বাবে আৰক্ষী থানালৈ লৈ গৈছিল। জেৰাৰ অন্তত দেখা যায় যে তিনিওজন লোকে অভিনেত্ৰীগৰাকীৰ ভুৱা পাছপোৰ্ট ব্যৱহাৰ কৰি আছে৷

প্ৰাৰম্ভিক অনুসন্ধানত কেতবোৰ  আচৰিত তথ্যও পোহৰলৈ আহিছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ১.৮ কোটি টকাৰ জালিয়াতিৰ গোচৰত জড়িত তিনিওজন ব্যক্তিয়ে এটা ফাৰ্মাচিউটিকেল কোম্পানী চলায়। আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁলোকে ড্ৰাগছৰ ব্যৱসায় চলাই মানুহক প্ৰতাৰনা কৰি আহিছে। কেৱল সেয়াই নহয় বিভিন্ন ডেটিং এপ্প আৰু বৈবাহিক ছাইটসমূহৰ জৰিয়তেও  তিনিওজন লোকে ধন দাবী কৰিবলৈ চেষ্টা কৰি আছিল।  এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়ায়ো লোক তিনিজনক সহযোগ কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে৷ 

আৰক্ষীয়ে কয় যে  গ্ৰেপ্তাৰ কৰা কেইজনৰ পৰা ভুৱা পাছপোৰ্ট উদ্ধাৰ কৰা হৈছে। তাত অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ এখন ছবি আছে। গুজৰাটৰ ভাৱনগৰ অভিনেত্ৰীগৰাকীৰ  জন্মস্থান হিচাপে দেখুওৱা হৈছে। জন্ম তাৰিখ এপ্ৰিল ১৮,১৯৯০। ইয়াৰ উপৰি ধৃত লোককেইজনৰ  পৰা নগদ ২.৫ লাখ টকা উদ্ধাৰ কৰা হৈছে। ১১ কোটি টকাৰ নকল নোট আৰু বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰাও তেওঁলোকৰ লগত আছিল। তিনিওজন লোকে অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনক ফান্দত পেলাইছিল।

ঐশ্বৰ্যৰ ফটোৰ সৈতে  থকা পাছপোৰ্ট ব্যৱহাৰ কৰি তেওঁলোকে ক'লৈ যাব বিচাৰিছিল সেয়া  জানিবলৈ আৰক্ষীয়ে  চেষ্টা চলাই আছে।ইয়াৰ পূৰ্বেও ঐশ্বৰ্যৰ পাছপোৰ্ট জাল কৰা হৈছিল।২০১২ চনত গুজৰাটৰ পৰা অভিনেত্ৰীগৰাকীৰ জাল পাছপোৰ্ট উদ্ধাৰ কৰা হৈছিল।লোক কেইজনে অভিনেত্ৰীগৰাকীৰ জাল পাছপোৰ্ট ব্যৱহাৰ কৰি ডেটিং এপ চলাব বিচৰাৰো সন্দেহ কৰা হৈছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক