--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাছপোৰ্টত ঐশ্বৰ্য ৰায় বচ্চনৰ ছবি! তেওঁৰ জন্মস্থান হৈছে গুজৰাট। জন্ম ১৯৯০ চনত। তিনিজন সন্দেহজনক লোকক ঐশ্বৰ্য ৰায় বচ্চনৰ ভুৱা পাছপোৰ্টৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকক  গ্ৰেটাৰ নয়ডাত উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰি সোধা-পোছাৰ বাবে আৰক্ষী থানালৈ লৈ গৈছিল। জেৰাৰ অন্তত দেখা যায় যে তিনিওজন লোকে অভিনেত্ৰীগৰাকীৰ ভুৱা পাছপোৰ্ট ব্যৱহাৰ কৰি আছে৷

প্ৰাৰম্ভিক অনুসন্ধানত কেতবোৰ  আচৰিত তথ্যও পোহৰলৈ আহিছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ১.৮ কোটি টকাৰ জালিয়াতিৰ গোচৰত জড়িত তিনিওজন ব্যক্তিয়ে এটা ফাৰ্মাচিউটিকেল কোম্পানী চলায়। আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁলোকে ড্ৰাগছৰ ব্যৱসায় চলাই মানুহক প্ৰতাৰনা কৰি আহিছে। কেৱল সেয়াই নহয় বিভিন্ন ডেটিং এপ্প আৰু বৈবাহিক ছাইটসমূহৰ জৰিয়তেও  তিনিওজন লোকে ধন দাবী কৰিবলৈ চেষ্টা কৰি আছিল।  এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়ায়ো লোক তিনিজনক সহযোগ কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে৷ 

আৰক্ষীয়ে কয় যে  গ্ৰেপ্তাৰ কৰা কেইজনৰ পৰা ভুৱা পাছপোৰ্ট উদ্ধাৰ কৰা হৈছে। তাত অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ এখন ছবি আছে। গুজৰাটৰ ভাৱনগৰ অভিনেত্ৰীগৰাকীৰ  জন্মস্থান হিচাপে দেখুওৱা হৈছে। জন্ম তাৰিখ এপ্ৰিল ১৮,১৯৯০। ইয়াৰ উপৰি ধৃত লোককেইজনৰ  পৰা নগদ ২.৫ লাখ টকা উদ্ধাৰ কৰা হৈছে। ১১ কোটি টকাৰ নকল নোট আৰু বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰাও তেওঁলোকৰ লগত আছিল। তিনিওজন লোকে অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনক ফান্দত পেলাইছিল।

ঐশ্বৰ্যৰ ফটোৰ সৈতে  থকা পাছপোৰ্ট ব্যৱহাৰ কৰি তেওঁলোকে ক'লৈ যাব বিচাৰিছিল সেয়া  জানিবলৈ আৰক্ষীয়ে  চেষ্টা চলাই আছে।ইয়াৰ পূৰ্বেও ঐশ্বৰ্যৰ পাছপোৰ্ট জাল কৰা হৈছিল।২০১২ চনত গুজৰাটৰ পৰা অভিনেত্ৰীগৰাকীৰ জাল পাছপোৰ্ট উদ্ধাৰ কৰা হৈছিল।লোক কেইজনে অভিনেত্ৰীগৰাকীৰ জাল পাছপোৰ্ট ব্যৱহাৰ কৰি ডেটিং এপ চলাব বিচৰাৰো সন্দেহ কৰা হৈছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু