--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত দূৰ্দান্ত শতক অৰ্জন কৰিলে বিৰাট কোহলীয়ে। মেচখনত ৮৭টা বলত ১১৩ ৰাণৰ এটা মাৰমুখী ইনিংছ খেলে বিৰাটে।

শতক অৰ্জনৰ লগে লগৈ দুটাকৈ অভিলেখৰো গৰাকী হৈছে কিং কোহলী। ভংগ কৰিছে শচীন টেণ্ডুলকাৰৰ নামত থকা দুয়োটা অভিলেখ!

ঘৰুৱা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শচীনৰ শতকৰ সংখ্যা হৈছে ২০। ঘৰুৱা পিটছত ১৬৪ খন এদিনীয়া খেল খেলিছিল শচীনে। তেওঁৰ এই বিশ্ব অভিলেখ ভংগ কৰিবলৈ বিৰাটক প্ৰয়োজন আছিল মাত্ৰ মাত্ৰ এটা শতক। গুৱাহাটীত শতক অৰ্জন কৰাৰ আগলৈকে কোহলীয়ে ঘৰুৱা পিটছত ১০১ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। শতক অৰ্জন কৰিছিল ১৯ টা। এতিয়া কোহলীৰ শতকৰ সংখ্যা হৈছে ২০টা।

শচীনৰ আন এটা অভিলেখ অতিক্ৰম কৰিলে বিৰাটে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত এদিনীয়া খেলত শচীন আৰু কোহলীয়ে যুটীয়াভাৱে সৰ্বাধিক শতক অৰ্জন কৰাৰ কৃতিত্ব লাভ কৰিছিল। শ্ৰীলংকাৰ বিৰুদ্ধে ৮৪ খন এদিনীয়া খেলত শচীনে আঠটা শতক অৰ্জন কৰে। গুৱাহাটীত শতক অৰ্জন কৰাৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে কোহলীৰ মুঠ শতকৰ সংখ্যা হয়গৈ ৯টা।
 
তদুপৰি, এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোহলীয়ে আৰু ১৮০ ৰাণ সংগ্ৰহ কৰিলে আন এটা অভিলেখত উপনীত হ’ব। সেয়া হৈছে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষ পাঁচৰ ভিতৰত অন্তৰ্ভূক্ত হোৱা। এতিয়ালৈকে, কোহলীয়ে ২৬৫ খন এদিনীয়া মেচত ১২,৪৭১ ৰাণ সংগ্ৰহ কৰিছে। পঞ্চম স্থানত শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক মাহেলা জয়বৰ্ধনে ৪৪৮ খন মেচ খেলি ১২,৬৫০ ৰাণ সংগ্ৰহ কৰে। শচীন এই তালিকাৰ শীৰ্ষত আছে। তেওঁ ৪৬৩ খন খেল খেলিছিল আৰু ১৮,৪২৬ ৰাণ সংগ্ৰহ কৰিছিল।ডিজিটেশ্ৰীলংকাৰ বিৰুদ্ধে খেলিব লগা ভাৰতৰ এদিনীয়া শৃংখলাত কেইবাটাও অভিলেখৰ গৰাকী হ’বলৈ আগবাঢ়িছে বিৰাট কোহলী। ভংগ কৰিব পাৰে শচীন টেণ্ডুলকাৰৰ অভিলেখ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু