--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত দূৰ্দান্ত শতক অৰ্জন কৰিলে বিৰাট কোহলীয়ে। মেচখনত ৮৭টা বলত ১১৩ ৰাণৰ এটা মাৰমুখী ইনিংছ খেলে বিৰাটে।

শতক অৰ্জনৰ লগে লগৈ দুটাকৈ অভিলেখৰো গৰাকী হৈছে কিং কোহলী। ভংগ কৰিছে শচীন টেণ্ডুলকাৰৰ নামত থকা দুয়োটা অভিলেখ!

ঘৰুৱা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শচীনৰ শতকৰ সংখ্যা হৈছে ২০। ঘৰুৱা পিটছত ১৬৪ খন এদিনীয়া খেল খেলিছিল শচীনে। তেওঁৰ এই বিশ্ব অভিলেখ ভংগ কৰিবলৈ বিৰাটক প্ৰয়োজন আছিল মাত্ৰ মাত্ৰ এটা শতক। গুৱাহাটীত শতক অৰ্জন কৰাৰ আগলৈকে কোহলীয়ে ঘৰুৱা পিটছত ১০১ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। শতক অৰ্জন কৰিছিল ১৯ টা। এতিয়া কোহলীৰ শতকৰ সংখ্যা হৈছে ২০টা।

শচীনৰ আন এটা অভিলেখ অতিক্ৰম কৰিলে বিৰাটে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত এদিনীয়া খেলত শচীন আৰু কোহলীয়ে যুটীয়াভাৱে সৰ্বাধিক শতক অৰ্জন কৰাৰ কৃতিত্ব লাভ কৰিছিল। শ্ৰীলংকাৰ বিৰুদ্ধে ৮৪ খন এদিনীয়া খেলত শচীনে আঠটা শতক অৰ্জন কৰে। গুৱাহাটীত শতক অৰ্জন কৰাৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে কোহলীৰ মুঠ শতকৰ সংখ্যা হয়গৈ ৯টা।
 
তদুপৰি, এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোহলীয়ে আৰু ১৮০ ৰাণ সংগ্ৰহ কৰিলে আন এটা অভিলেখত উপনীত হ’ব। সেয়া হৈছে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষ পাঁচৰ ভিতৰত অন্তৰ্ভূক্ত হোৱা। এতিয়ালৈকে, কোহলীয়ে ২৬৫ খন এদিনীয়া মেচত ১২,৪৭১ ৰাণ সংগ্ৰহ কৰিছে। পঞ্চম স্থানত শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক মাহেলা জয়বৰ্ধনে ৪৪৮ খন মেচ খেলি ১২,৬৫০ ৰাণ সংগ্ৰহ কৰে। শচীন এই তালিকাৰ শীৰ্ষত আছে। তেওঁ ৪৬৩ খন খেল খেলিছিল আৰু ১৮,৪২৬ ৰাণ সংগ্ৰহ কৰিছিল।ডিজিটেশ্ৰীলংকাৰ বিৰুদ্ধে খেলিব লগা ভাৰতৰ এদিনীয়া শৃংখলাত কেইবাটাও অভিলেখৰ গৰাকী হ’বলৈ আগবাঢ়িছে বিৰাট কোহলী। ভংগ কৰিব পাৰে শচীন টেণ্ডুলকাৰৰ অভিলেখ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক