ডিজিটেল ডেস্ক: হঠাৎ সলনি হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপট৷ বিসম্বাদী বিধায়কে গুৱাহাটীত বাহৰ পাতি শক্তি গোটাবলৈ আৰম্ভ কৰাত বেকফুটলৈ গুচি গৈছিল উদ্ধৱ থাকৰে৷ কিন্তু, অকস্মাৎ মহাৰাষ্ট্ৰৰ শিৱসেনাৰ শিবিৰ অধিক তৎপৰ হৈ পৰিছে৷ আজি সন্ধিয়া মহাৰাষ্ট্ৰ কেবিনেটৰ নৱমগৰাকী মন্ত্ৰী উদয় সামন্ত আহি উপস্থিত হৈছেহি ৰেডিশ্বন ব্লুত৷ সমৰ্থিত বিধায়কৰ সংখ্যাৰে সংখ্যালঘু হোৱা সত্ত্বেও উদ্ধৱ থাকৰে শিবিৰে আস্থা ভোটত জয়লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে৷
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু শিৱসেনাৰ বিদ্ৰোহী একনাথ সিন্দেৰ মাজত ক্ষমতাৰ যুঁজে আজি তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ একনাথ সিন্দেৰ সৈতে শিবিৰ পাতি থকা কমেও ২০গৰাকী বিধায়কে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি আছে বুলি ওলোৱা খবৰে আজি ব্যাপক চৰ্চা লাভ কৰিছে৷
আনহাতে, শিৱসেনাই একনাথ সিন্দে আৰু অন্যান্য বিসম্বাদী মন্ত্ৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে। সূত্ৰ অনুসৰি, মন্ত্ৰী একনাথ সিন্দে, গুলাব্ৰাও পাটিল, দাদা ভুছে তেওঁলোকৰ দপ্তৰ হেৰুওৱাৰ সম্ভাৱনা আছে। আব্দুল সাত্তাৰ আৰু শম্বুৰাজে দেশাই, এই দুগৰাকী ৰাজ্যিক মন্ত্ৰীয়েও শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।
একনাথ সিন্দেয়ে আজি শিৱসেনাৰ তেওঁক আৰু আন ১৫জন বিসম্বাদী বিধায়কক দলে অযোগ্য ঘোষণা কৰাৰ পদক্ষেপৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল দাখিল কৰে। সিন্দে শিবিৰে অজয় চৌধুৰীক শিৱসেনা বিধায়িনী দলৰ নেতা হিচাপে নিযুক্তি দিয়া আৰু উপাধ্যক্ষ নাৰাহাৰী জিৰৱালৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাকো প্ৰত্যাহ্বান জনাইছে। উচ্চতম ন্যায়ালয়ে কাইলৈ দুয়োখন আৱেদনৰ শুনানি ল’ব বুলি জানিব পৰা গৈছে৷