--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হঠাৎ সলনি হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপট৷ বিসম্বাদী বিধায়কে গুৱাহাটীত বাহৰ পাতি শক্তি গোটাবলৈ আৰম্ভ কৰাত বেকফুটলৈ গুচি গৈছিল উদ্ধৱ থাকৰে৷ কিন্তু, অকস্মাৎ মহাৰাষ্ট্ৰৰ শিৱসেনাৰ শিবিৰ অধিক তৎপৰ হৈ পৰিছে৷ আজি সন্ধিয়া মহাৰাষ্ট্ৰ কেবিনেটৰ নৱমগৰাকী মন্ত্ৰী উদয় সামন্ত আহি উপস্থিত হৈছেহি ৰেডিশ্বন ব্লুত৷ সমৰ্থিত বিধায়কৰ সংখ্যাৰে সংখ্যালঘু হোৱা সত্ত্বেও উদ্ধৱ থাকৰে শিবিৰে আস্থা ভোটত জয়লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে৷ 

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু শিৱসেনাৰ বিদ্ৰোহী একনাথ সিন্দেৰ মাজত ক্ষমতাৰ যুঁজে আজি তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ একনাথ সিন্দেৰ সৈতে শিবিৰ পাতি থকা কমেও ২০গৰাকী বিধায়কে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি আছে বুলি ওলোৱা খবৰে আজি ব্যাপক চৰ্চা লাভ কৰিছে৷ 

আনহাতে, শিৱসেনাই একনাথ সিন্দে আৰু অন্যান্য বিসম্বাদী মন্ত্ৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে। সূত্ৰ অনুসৰি, মন্ত্ৰী একনাথ সিন্দে, গুলাব্ৰাও পাটিল, দাদা ভুছে তেওঁলোকৰ দপ্তৰ হেৰুওৱাৰ সম্ভাৱনা আছে। আব্দুল সাত্তাৰ আৰু শম্বুৰাজে দেশাই, এই দুগৰাকী ৰাজ্যিক মন্ত্ৰীয়েও শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

একনাথ সিন্দেয়ে আজি শিৱসেনাৰ তেওঁক আৰু আন ১৫জন বিসম্বাদী বিধায়কক দলে অযোগ্য ঘোষণা কৰাৰ পদক্ষেপৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল দাখিল কৰে। সিন্দে শিবিৰে অজয় চৌধুৰীক শিৱসেনা বিধায়িনী দলৰ নেতা হিচাপে নিযুক্তি দিয়া আৰু উপাধ্যক্ষ নাৰাহাৰী জিৰৱালৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাকো প্ৰত্যাহ্বান জনাইছে। উচ্চতম ন্যায়ালয়ে কাইলৈ দুয়োখন আৱেদনৰ শুনানি ল’ব বুলি জানিব পৰা গৈছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ