--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু আজৱ স্থান আৰু স্মাৰকেৰে ভৰি আছে আমাৰ দেশ৷ তেনে আচৰিত স্থান অথবা স্মাৰকৰ ভিতৰত পঞ্জাৱৰ এই বিশেষ গুৰুদ্বাৰটোও এটা৷ এই গুৰুদ্বাৰক বহুতে 'হাৱাইজাহাজ গুৰুদ্বাৰ' বুলিও কয়৷ কাৰণ ভক্তই মনৰ ইচ্ছা পূৰণ কৰিবলৈ এই গুৰুদ্বাৰাত নৈবেদ্য হিচাবে যাঁচে খেলনা এৰ’প্লেন!

সাধাৰণতে, গুৰুদ্বাৰা, মন্দিৰ বা মছজিদৰ বাহিৰৰ দোকানবোৰ ফুল, মিঠাই বা পূজাৰ অন্যান্য সামগ্ৰীৰে ঠাহ খাই থাকে। কিন্তু পঞ্জাৱৰ এই গুৰুদ্বাৰৰ বাহিৰত থকা দোকানত কেৱল সজোৱা থাকে শাৰী শাৰী খেলনা এৰ’প্নেন৷ খেলনা এৰ’প্লেনেই এই গুৰুদ্বাৰৰ  পূজাৰ মুখ্য উপাদান। 

কিন্তু কি কাৰণত ভক্তই এই গুৰুদ্বাৰত খেলনা এৰ’প্নেন আগবঢ়ায় ? দৰাচলতে এই গুৰুদ্বাৰলৈ অহা বেছি ভাগ ভক্তৰেই মূল মূল উদ্দেশ্য হৈছে বিদেশলৈ যোৱা৷ শিক্ষাগ্ৰহণেই হওঁক বা কামৰ সন্ধানতেই হওঁক যিসকল লোকে বিদেশলৈ যাব বিচাৰে তেওঁলোকে মনৰ ইচ্ছা পুৰণ কৰিবলৈ এই গুৰুদ্বাৰত খেলনা এৰ’প্লেন আগবঢ়ায়৷ 

এই ভক্ত সকলে বিশ্বাস কৰে যে খেলনা এৰ’প্লেন আগবঢ়ালে ঈশ্বৰে তেওঁলোকলৈ মূৰ দাঙি চাব আৰু এৰ’প্লেনত উঠি বিদেশলৈ যাব পাৰিব৷

 পঞ্জাৱৰ জলন্ধৰত আছে এই  আশ্চৰ্যকৰ গুৰুদ্বাৰটো৷ গুৰুদ্বাৰ প্ৰায় ১৫০   বছৰ পুৰণি৷  বছৰৰ পিছত বছৰ ধৰি এই গুৰুদ্বাৰত  পুতলা বিমানেৰে পূজা কৰা হৈ আহিছে। প্ৰতি বছৰে হাজাৰ হাজাৰ ভাৰতীয়ই অধ্যয়নৰ উদ্দেশ্যে বা নিযুক্তিৰ আশাত বিদেশ ভ্ৰমণ কৰে। কিন্তু বিদেশলৈ যাবলৈ ক্লিয়াৰেন্স বা ভিছা পাবলৈ বহু সময়ত জটিল হৈ পৰে৷ তদুপৰি টকা-পইচাৰ কথাতো আছেই৷ এনেবোৰ বাধা দূৰ কৰাৰ বাবেই বহু ভক্তই খেলনা এৰ’প্লেন আগবঢ়াই ইয়াত পূজা কৰে৷

গুৰুদ্বাৰটোত  এনেদৰে খেলনা এৰ’প্লেনেৰে পূজা কৰাৰ  প্ৰথা কেতিয়া আৰম্ভ হৈছিল সেয়া কোনেও সঠিকভাৱে ক'ব নোৱাৰে। প্ৰতি সপ্তাহত কমেও ২০০ খন পুতলা বিমানে ভক্তই ইয়াত আগবঢ়াই আহিছে৷ 
আনকি গুৰুদ্বাৰৰ ছাদতো এটা বিশাল বিমানৰ আৰ্হি আছে। কথাতে আছে বিশ্বাসে মিলয় হৰি৷

 সেই কথাৰ আধাৰতেই হয়তো গুৰুদ্বাৰটোলৈ প্ৰতি দিনে বিদেশ ভ্ৰমণৰ আশা মনতে পুহি ৰখা বহু ভক্তই আহে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ