--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু আজৱ স্থান আৰু স্মাৰকেৰে ভৰি আছে আমাৰ দেশ৷ তেনে আচৰিত স্থান অথবা স্মাৰকৰ ভিতৰত পঞ্জাৱৰ এই বিশেষ গুৰুদ্বাৰটোও এটা৷ এই গুৰুদ্বাৰক বহুতে 'হাৱাইজাহাজ গুৰুদ্বাৰ' বুলিও কয়৷ কাৰণ ভক্তই মনৰ ইচ্ছা পূৰণ কৰিবলৈ এই গুৰুদ্বাৰাত নৈবেদ্য হিচাবে যাঁচে খেলনা এৰ’প্লেন!

সাধাৰণতে, গুৰুদ্বাৰা, মন্দিৰ বা মছজিদৰ বাহিৰৰ দোকানবোৰ ফুল, মিঠাই বা পূজাৰ অন্যান্য সামগ্ৰীৰে ঠাহ খাই থাকে। কিন্তু পঞ্জাৱৰ এই গুৰুদ্বাৰৰ বাহিৰত থকা দোকানত কেৱল সজোৱা থাকে শাৰী শাৰী খেলনা এৰ’প্নেন৷ খেলনা এৰ’প্লেনেই এই গুৰুদ্বাৰৰ  পূজাৰ মুখ্য উপাদান। 

কিন্তু কি কাৰণত ভক্তই এই গুৰুদ্বাৰত খেলনা এৰ’প্নেন আগবঢ়ায় ? দৰাচলতে এই গুৰুদ্বাৰলৈ অহা বেছি ভাগ ভক্তৰেই মূল মূল উদ্দেশ্য হৈছে বিদেশলৈ যোৱা৷ শিক্ষাগ্ৰহণেই হওঁক বা কামৰ সন্ধানতেই হওঁক যিসকল লোকে বিদেশলৈ যাব বিচাৰে তেওঁলোকে মনৰ ইচ্ছা পুৰণ কৰিবলৈ এই গুৰুদ্বাৰত খেলনা এৰ’প্লেন আগবঢ়ায়৷ 

এই ভক্ত সকলে বিশ্বাস কৰে যে খেলনা এৰ’প্লেন আগবঢ়ালে ঈশ্বৰে তেওঁলোকলৈ মূৰ দাঙি চাব আৰু এৰ’প্লেনত উঠি বিদেশলৈ যাব পাৰিব৷

 পঞ্জাৱৰ জলন্ধৰত আছে এই  আশ্চৰ্যকৰ গুৰুদ্বাৰটো৷ গুৰুদ্বাৰ প্ৰায় ১৫০   বছৰ পুৰণি৷  বছৰৰ পিছত বছৰ ধৰি এই গুৰুদ্বাৰত  পুতলা বিমানেৰে পূজা কৰা হৈ আহিছে। প্ৰতি বছৰে হাজাৰ হাজাৰ ভাৰতীয়ই অধ্যয়নৰ উদ্দেশ্যে বা নিযুক্তিৰ আশাত বিদেশ ভ্ৰমণ কৰে। কিন্তু বিদেশলৈ যাবলৈ ক্লিয়াৰেন্স বা ভিছা পাবলৈ বহু সময়ত জটিল হৈ পৰে৷ তদুপৰি টকা-পইচাৰ কথাতো আছেই৷ এনেবোৰ বাধা দূৰ কৰাৰ বাবেই বহু ভক্তই খেলনা এৰ’প্লেন আগবঢ়াই ইয়াত পূজা কৰে৷

গুৰুদ্বাৰটোত  এনেদৰে খেলনা এৰ’প্লেনেৰে পূজা কৰাৰ  প্ৰথা কেতিয়া আৰম্ভ হৈছিল সেয়া কোনেও সঠিকভাৱে ক'ব নোৱাৰে। প্ৰতি সপ্তাহত কমেও ২০০ খন পুতলা বিমানে ভক্তই ইয়াত আগবঢ়াই আহিছে৷ 
আনকি গুৰুদ্বাৰৰ ছাদতো এটা বিশাল বিমানৰ আৰ্হি আছে। কথাতে আছে বিশ্বাসে মিলয় হৰি৷

 সেই কথাৰ আধাৰতেই হয়তো গুৰুদ্বাৰটোলৈ প্ৰতি দিনে বিদেশ ভ্ৰমণৰ আশা মনতে পুহি ৰখা বহু ভক্তই আহে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে