--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট আৰ্হি সমগ্ৰ দেশে গ্ৰহণ কৰি আহিছে বুলি গেৰুৱা শিৱিৰে দাবী কৰি অহাৰ সময়তে কালি  অনুষ্ঠিত গুজৰাট বিধানসভা নিৰ্বাচন প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত উন্নয়নৰ প্ৰকৃত ছবি খন উদঙাই দিলে একাংশ ভোটাৰে। মোদীৰ ৰাজ্য খনত বিজেপি প্ৰভাৱশালী বুলি দাবী কৰি অহা হৈছে যদিও ২০১৭ চনৰ নিৰ্বাচনত দলটোৱে মাত্ৰ ৯৯ খন আসনতহে বিজয়ী হ’বলৈ সক্ষম হৈছিল। এইবাৰ বিজেপিৰ বিৰু্দ্ধে ৰাজ্য খনত কেৱল কংগ্ৰেছেই নাই, আছে আম আদমী পাৰ্টীও। 

এনে সময়তে মোদী চিন্তা বৃদ্ধি কৰি কালি একাংশ ভোটাৰে ভোটকেন্দ্ৰতে অভিনৱ প্ৰতিবাদী পন্থা গ্ৰহণ কৰে। গুজৰাটত কালি যি কেইটা সমষ্টিত ভোট হৈছে তাৰেই অধিকাংশতে বিজেপিয়ে বিগত ২৭ বছৰে কোনো চকুত লগা ধণৰ উন্নয়ন সাধন কৰা নাই। ৰাজ্য খনৰ জনজাতীয় লোকসকল আজিও উপেক্ষিত হৈয়েই আছে। জনজাতীয় ভোটাৰে সেয়ে কালি ভোটকেন্দ্ৰত প্ৰতিবাৰ জৰিয়তে ক্ষোভ উজাৰি দিয়ে। বহু ভোটাৰে কালি  চৰকাৰৰ অৱহেলাৰ প্ৰতিবাদ জনাবলৈ ভোট কেন্দ্ৰলৈ  ৰন্ধন গেছৰ চিলিণ্ডাৰ,গৰু আদি লৈ আহে।


ৰন্ধন গেছৰ চিলিণ্ডাৰৰ  মূল্যবৃদ্ধি ৰোধ কৰাত  গুজৰাটৰ চৰকৰ ব্যৰ্ছ হোৱাৰ প্ৰতিবাদ জনাবলৈ বহু  ভোটাৰে ভোটকেন্দ্ৰলৈ  ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ গৈছিল।জনজাতীয় মালধাৰী সম্প্ৰদায়ৰ এজন ভোটাৰে  গো-পালকসকলৰ  প্ৰতি বিজেপি চৰকাৰে প্ৰদৰ্শন কৰা অৱহেলাৰ বাবেই  ভোটকেন্দ্ৰলৈ এটা গৰু আৰু এটা দামুৰীলৈ লৈ আহে। একেদৰে ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ  কংগ্ৰেছ নেতা আৰু আম আদমী পাৰ্টিৰ (আপ) প্ৰাৰ্থীয়ে আমৰেলী আৰু ৰাজকোট চহৰৰ ভোটকেন্দ্ৰলৈ চাইকেল চলাই যায়।

জেছমিন মাৰ্চেণ্ট নামৰ লোকজনে  কান্ধত গেছ চিলিণ্ডাৰ লৈ ভাৰাছা ৰোড সমষ্টিৰ  ভোটকেন্দ্ৰলৈ আহি ভোট দিয়ে। ইপিনে গুজৰাটত বিধানসভা নিৰ্বাচন স্বচ্ছতাৰে সম্পন্ন কৰিবলৈ ৩,০৬৫ টা ভোটকেন্দ্ৰত লাইভ ৱেবকাষ্টিঙৰ ব্যৱস্থা গুজৰাট বিধানসভা  নিৰ্বাচনৰ কালি  প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। দুই-এটা অপ্ৰীতিকৰ ঘটনাৰ বাদে ৰাজ্য খনৰ ১৯ খন জিলাত অনুষ্ঠিত ভোটগ্ৰহণ এক প্ৰকাৰ শান্তিপূৰ্ণই আছিল। গুজৰাটৰ মুখ্য নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা মতে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সকলো ব্যৱস্থা কৰা হৈছে। প্ৰথম পৰ্যায়ত মুঠ২৫,৪৩০ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হয়। 

ইয়াৰে ১৩,০৬৫ টা ভোটকেন্দ্ৰত লাইভ ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হয়।  ভোটগ্ৰহণ নিকা আৰু স্বচ্ছভাবে অনুষ্ঠিত কৰাৰ বাবেই উক্ত ভোটকেন্দ্ৰ কেইটাত  লাইভ ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হয় বুলি ভি,য়াগৰাকীয়ে প্ৰকাশ কৰে। 

উল্লেখ্য নিৰ্বাচন আয়োগে গুজৰাট বিধানসভা নিৰ্বাচনত স্বচ্ছতা নিশ্চিত কৰিবলৈ ১৯ খন জিলাৰ ১৩,০৬৫ টা ভোটকেন্দ্ৰৰ লাইভ ৱেবকাষ্টিঙৰ নিৰ্দেশ দিছিল। কালি কচ্ছ, সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ ১৯ খন জিলাত  থকা ৮৯ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয় । বৃহস্পতিবাৰে ভোটগ্ৰহণ পুৱা প্ৰায় ৮ বজাত আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজাত সমাপ্ত হয়। 

পুৱা ৮:০০ বজাত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে ৪২ জন বিষয়াই ভোটকেন্দ্ৰসমূহৰ ৱেবকাষ্টিং নিৰন্তৰ নিৰীক্ষণ কৰি থাকে বুলি পি ভাৰতীয়ে  প্ৰকাশ কৰিছে। ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰাৰ বাবে এতিয়া ভোটকেন্দ্ৰ কেইটাত ৰিগিঙৰ আশংকা শূন্য হৈ পৰা বুলি বহুতে মন্তব্য কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু