--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুলায়ম সিং যাদৱৰ মৃত্যুৰ পাছত মইনপুৰীত উপ-নিৰ্বাচনত বিপুল ভোটত  আগবাঢ়ি আছে তেওঁৰ বোৱাৰী তথা অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱ। হয়, মইনপুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা বিধানসভা সমষ্টিতে সমাজবাদী দলৰ প্রার্থী ডিম্পল যাদৱে পিছ পেলালে বিজেপিক। 

১১ বজাৰ ভিতৰত ডিম্পল যাদৱে এক লাখ অতিক্ৰম কৰিলে। তেওঁ এই পৰ্যন্ত ১১৯৫০০ ভোট লাভ কৰিছে। বিজেপিৰ প্ৰাৰ্থীতকৈ ৬০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে ডিম্পল যাদৱ। বিজেপিৰ ৰঘুৰাজ সিঙে লাভ কৰিছে ৫৮৬৫০টা ভোট। আনহাতে এই পৰ্যন্ত ১৬৭৮৩৮ টা ভোট গণনা কৰা হৈছে

ডিম্পল যাদৱ সমাজবাদী পাৰ্টিৰ ৰাজ্যিক সভাপতি, বিধায়িনী দলৰ নেতা আৰু কনৌজৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাত সাংসদ হিচাপে নিৰ্বাচিত হোৱা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পত্নী। 

ৰাজনৈতিক ক্ষেত্ৰত প্ৰথম নিৰ্বাচনত পৰাস্ত হৈছিল যদিও সাহস হেৰুৱা নাছিল। অৱশেষত তেওঁৰ স্বামী অখিলেশ যাদৱে তেওঁৰ বাবে লাভ কৰা কনৌজৰ লোকসভাৰ আসনখন খালী কৰে। এই আসনৰ বাবে ডিম্পলে মনোনয়ন পত্ৰ দাখিল কৰে।

প্ৰতিদ্বন্দ্বিতাত কংগ্ৰেছ, বিজেপি আৰু বহুজন সমাজ পাৰ্টিয়ে তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ বিপৰীতে আন দুজন দশ্ৰথ সিং শংকোৱাৰ আৰু সঞ্জু কাটিয়াৰয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। যাৰ ফলত ২০১২ চনৰ লোকসভাৰ উপ-নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰি উত্তৰ প্ৰদেশত অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ৰাজনীতিত স্বামীক সহায় কৰিবলৈ তেওঁ ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ টুইটাৰ আৰু ফেচবুক একাউণ্টত নিৰীক্ষণ কৰে।

ডিম্পল হৈ পৰিছিল চেলিব্ৰিটি সাংসদ ডিম্পল যাদৱক উত্তৰ প্ৰদেশৰ চেলিব্ৰিটি সাংসদ বুলিও জনা যায়। প্ৰতিটো বৃহৎ ব্যৱসায়িক সংগঠনে শ্ৰীমতী যাদৱক নিজৰ অনুষ্ঠানত নিমন্ত্ৰণ কৰিবলৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হয়।

২৫ বছৰীয়া অখিলেশে কলেজৰ দিনত ২১ বছৰীয়া ডিম্পলক লগ পাইছিল। ডিম্পলে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য শাখাত অধ্যয়ন কৰি আছিল আৰু অখিলেশ পৰিৱেশ অভিযান্ত্ৰিকত স্নাতকোত্তৰ ডিগ্ৰী লৈ অষ্ট্ৰেলিয়াৰ পৰা উভতি আহিছিল। দুয়োৰে লগ হৈছিল এজন সাধাৰণ বন্ধুৰ জৰিয়তে। আৰু পাছত ১৯৯৯ চনত দুয়ো বিবাহ পাশত আবদ্ধ হয়। ডিম্পল যাদৱ ৰাজ্যৰ প্ৰথমগৰাকী মহিলা যাৰ বিৰুদ্ধে কোনেও নিৰ্বাচনত যুজ দিবলৈ অমান্তি হৈছিল। 

ডিম্পল যাদৱৰ জন্ম হৈছিল উত্তৰাখণ্ডৰ আলমোৰা জিলাত। ডিম্পলে বাথিণ্ডা, পুনে আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা অধ্যয়ন সম্পূৰ্ণ কৰে। তেওঁ লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য অনুষদত স্নাতক ডিগ্ৰী লাভ কৰে। মাত্ৰ ২১ বছৰ বয়সতে অখিলেশ যাদৱৰ লগত ডিম্পল যাদৱৰ বিবাহ হয়। ডিম্পল যাদৱৰ বিয়াত অংশগ্ৰহণ কৰিছিল ৰাজেশ খান্না আৰু অমিতাভ বচ্চনৰ দৰে বহু বলীউডৰ চেলিব্ৰিটিয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক