--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।শনিবাৰে সন্ধিয়া গুজৰাটৰ ৰাজকোটৰ এটা গেমিং জ’নত ভয়ংকৰ  অগ্নিকাণ্ড সংঘটিত হয় আৰু এই ঘটনাত কমেও ২৪  জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত কমেও ৯ টি শিশুও আছে।  

 জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত আছে।ৰাজকোটৰ আৰক্ষী আয়ুক্ত ৰাজু ভাৰ্গৱে কয় যে, "টি আৰ পি গেমিং জ'নত অগ্নিকাণ্ড সংঘটিত হৈছে ।উদ্ধাৰ অভিযান অব্যাহত আছে। জুই নিয়ন্ত্ৰণলৈ আনিব পৰা গৈছে।  এতিয়ালৈকে প্ৰায় ২৪  টা মৃতদেহ উদ্ধাৰ  কৰা হৈছে। বহুতকে  চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাটোৰ তদন্ত কৰা হ'ব।"। আয়ুক্তগৰাকীয়ে কয় যে আৰক্ষীয়ে গেমিং জ'মৰ মালিকৰ বিৰুদ্ধে গাফিলতিৰ অপৰাধ পঞ্জীয়ন কৰিব আৰু উদ্ধাৰ অভিযান সমাপ্ত হোৱাৰ পিছত তদন্ত আৰম্ভ কৰা হ'ব।' 

ইফালে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ঘটনাৰ  খবৰ পোৱাৰ পিছতে  'এক্স'ত  লিখিছে, "ৰাজকোটৰ গেম জ'নত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে পৌৰ নিগম আৰু প্ৰশাসনক নিৰ্দেশনা দিয়া হৈছে।  আঘাতপ্ৰাপ্তসকলৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থাক কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।" অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালক ৪ লাখ আৰু আহতক ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে।  ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ তদন্তকাৰী গোট। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু