--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।শনিবাৰে সন্ধিয়া গুজৰাটৰ ৰাজকোটৰ এটা গেমিং জ’নত ভয়ংকৰ  অগ্নিকাণ্ড সংঘটিত হয় আৰু এই ঘটনাত কমেও ২৪  জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত কমেও ৯ টি শিশুও আছে।  

 জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত আছে।ৰাজকোটৰ আৰক্ষী আয়ুক্ত ৰাজু ভাৰ্গৱে কয় যে, "টি আৰ পি গেমিং জ'নত অগ্নিকাণ্ড সংঘটিত হৈছে ।উদ্ধাৰ অভিযান অব্যাহত আছে। জুই নিয়ন্ত্ৰণলৈ আনিব পৰা গৈছে।  এতিয়ালৈকে প্ৰায় ২৪  টা মৃতদেহ উদ্ধাৰ  কৰা হৈছে। বহুতকে  চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাটোৰ তদন্ত কৰা হ'ব।"। আয়ুক্তগৰাকীয়ে কয় যে আৰক্ষীয়ে গেমিং জ'মৰ মালিকৰ বিৰুদ্ধে গাফিলতিৰ অপৰাধ পঞ্জীয়ন কৰিব আৰু উদ্ধাৰ অভিযান সমাপ্ত হোৱাৰ পিছত তদন্ত আৰম্ভ কৰা হ'ব।' 

ইফালে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ঘটনাৰ  খবৰ পোৱাৰ পিছতে  'এক্স'ত  লিখিছে, "ৰাজকোটৰ গেম জ'নত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে পৌৰ নিগম আৰু প্ৰশাসনক নিৰ্দেশনা দিয়া হৈছে।  আঘাতপ্ৰাপ্তসকলৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থাক কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।" অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালক ৪ লাখ আৰু আহতক ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে।  ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ তদন্তকাৰী গোট। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ