--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ দেশত অনুষ্ঠিত হ’ব ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচন। কাইলৈ দেশৰ ৰাজধানী চহৰ দিল্লীৰ আটাইকেইখন আসনতে ভোটগ্ৰহণ কৰা হ’ব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি তীব্ৰ আক্ৰমণ চলায়। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক  অভিজ্ঞ চোৰ বুলি অভিহিত কৰে  প্ৰধানমন্ত্ৰীয়ে। 

কেজৰিৱালৰ  ঘৰত নোটৰ বাণ্ডিল কিয় পোৱা নাই সেই কথাও উল্লেখ কৰে মোদীয়ে। দিল্লী সুৰা নীতিৰ দুৰ্নীতিৰ অভিযোগত বৰ্তমান অন্তৱৰ্তীকালীন জামিনত আছে  আম আদমী পাৰ্টিৰ মুৰব্বী কেজৰিৱাল। উচ্চতম ন্যায়ালয়ে তেওঁক নিৰ্বাচনী প্ৰচাৰৰ বাবে এই জামিন প্ৰদান কৰিছে। জেলৰ পৰা ওলাই অহাৰ পিছত কেজৰিৱালে অবিৰতভাৱে বিজেপিক আক্ৰমণ কৰি আছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা বুলি বিভিন্ন সভাই-সমিতিয়ে কৈ আহিছে। এক সাক্ষাৎকাৰৰ সময়ত কেজৰিৱালক সাংবাদিকে প্ৰশ্ন কৰাত কেজৰিৱালে  কৈছিল  যে আনৰ ঘৰত তালাচীৰ সময়ত  নোটৰ বাণ্ডিল পোৱা যায়। মোৰ ঘৰত এটকাও পোৱা নগ’ল। ইয়াৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ চৰকাৰে কেনেকৈ কাম কৰে তেওঁলোকে জানে। নিজকে বচাবলৈ তেওঁলোকে নিশ্চিতভাৱে নিজকে সুৰক্ষিত কৰি ৰাখে ।"

প্ৰধানমন্ত্ৰীয়ে কয়, ‘এজন অভিজ্ঞ চোৰৰ বহুত সুবিধা থাকে। চৰকাৰত থকা যিকোনো বিষয়াই জানিব যে ইডি আৰু চিবিআইয়ে কেনেদৰে ব্যৱস্থা ল’ব। সেইবাবেই আগতীয়াকৈ সকলো লুকুৱাই পেলোৱাৰ ব্যৱস্থা কৰে।"

যেতিয়া প্ৰধানমন্ত্ৰী মোদীক সোধা হৈছিল যে নিৰ্বাচনৰ পূৰ্বে দুজন মুখ্যমন্ত্ৰীক জেলত ভৰোৱাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে উঠিছে, এইক্ষেত্ৰত মোদীয়ে কি কয়? । এই প্ৰশ্ন সন্দৰ্ভত মোদীয়ে  কয় যে যদি চৰকাৰে কাৰোবাৰ  অপৰাধ সন্দৰ্ভত একো নকৰে, তেন্তে মানুহে ক’ব যে নিশ্চিতভাৱে কিবা গোপন বুজাবুজি হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, নোটৰ পাহাৰ বোৰ দেখিছে নে নাই? এই নোটৰ  পাহাৰবোৰ  দেখাৰ পিছত আপুনি কি ভাবে, এয়া কষ্টোপাৰ্জিত ধন নেকি?  নোটৰ পাহাৰ উদ্ধাৰ কৰিবলৈ  চৰকাৰে কিবা এটা কৰিবই লাগিব, নহ’লে মানুহে ভাবিব যে কিবা  বুজাবুজি আছে। কেৱল দুৰ্নীতিৰ স্বাৰ্থতে  কেজৰিৱালে  দিল্লীৰ শিশুৰ ভৱিষ্যত নষ্ট কৰিব পৰাকৈ স্কুলৰ ওচৰত সুৰাৰ দোকান খুলিলে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু