--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ দেশত অনুষ্ঠিত হ’ব ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচন। কাইলৈ দেশৰ ৰাজধানী চহৰ দিল্লীৰ আটাইকেইখন আসনতে ভোটগ্ৰহণ কৰা হ’ব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি তীব্ৰ আক্ৰমণ চলায়। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক  অভিজ্ঞ চোৰ বুলি অভিহিত কৰে  প্ৰধানমন্ত্ৰীয়ে। 

কেজৰিৱালৰ  ঘৰত নোটৰ বাণ্ডিল কিয় পোৱা নাই সেই কথাও উল্লেখ কৰে মোদীয়ে। দিল্লী সুৰা নীতিৰ দুৰ্নীতিৰ অভিযোগত বৰ্তমান অন্তৱৰ্তীকালীন জামিনত আছে  আম আদমী পাৰ্টিৰ মুৰব্বী কেজৰিৱাল। উচ্চতম ন্যায়ালয়ে তেওঁক নিৰ্বাচনী প্ৰচাৰৰ বাবে এই জামিন প্ৰদান কৰিছে। জেলৰ পৰা ওলাই অহাৰ পিছত কেজৰিৱালে অবিৰতভাৱে বিজেপিক আক্ৰমণ কৰি আছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা বুলি বিভিন্ন সভাই-সমিতিয়ে কৈ আহিছে। এক সাক্ষাৎকাৰৰ সময়ত কেজৰিৱালক সাংবাদিকে প্ৰশ্ন কৰাত কেজৰিৱালে  কৈছিল  যে আনৰ ঘৰত তালাচীৰ সময়ত  নোটৰ বাণ্ডিল পোৱা যায়। মোৰ ঘৰত এটকাও পোৱা নগ’ল। ইয়াৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ চৰকাৰে কেনেকৈ কাম কৰে তেওঁলোকে জানে। নিজকে বচাবলৈ তেওঁলোকে নিশ্চিতভাৱে নিজকে সুৰক্ষিত কৰি ৰাখে ।"

প্ৰধানমন্ত্ৰীয়ে কয়, ‘এজন অভিজ্ঞ চোৰৰ বহুত সুবিধা থাকে। চৰকাৰত থকা যিকোনো বিষয়াই জানিব যে ইডি আৰু চিবিআইয়ে কেনেদৰে ব্যৱস্থা ল’ব। সেইবাবেই আগতীয়াকৈ সকলো লুকুৱাই পেলোৱাৰ ব্যৱস্থা কৰে।"

যেতিয়া প্ৰধানমন্ত্ৰী মোদীক সোধা হৈছিল যে নিৰ্বাচনৰ পূৰ্বে দুজন মুখ্যমন্ত্ৰীক জেলত ভৰোৱাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে উঠিছে, এইক্ষেত্ৰত মোদীয়ে কি কয়? । এই প্ৰশ্ন সন্দৰ্ভত মোদীয়ে  কয় যে যদি চৰকাৰে কাৰোবাৰ  অপৰাধ সন্দৰ্ভত একো নকৰে, তেন্তে মানুহে ক’ব যে নিশ্চিতভাৱে কিবা গোপন বুজাবুজি হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, নোটৰ পাহাৰ বোৰ দেখিছে নে নাই? এই নোটৰ  পাহাৰবোৰ  দেখাৰ পিছত আপুনি কি ভাবে, এয়া কষ্টোপাৰ্জিত ধন নেকি?  নোটৰ পাহাৰ উদ্ধাৰ কৰিবলৈ  চৰকাৰে কিবা এটা কৰিবই লাগিব, নহ’লে মানুহে ভাবিব যে কিবা  বুজাবুজি আছে। কেৱল দুৰ্নীতিৰ স্বাৰ্থতে  কেজৰিৱালে  দিল্লীৰ শিশুৰ ভৱিষ্যত নষ্ট কৰিব পৰাকৈ স্কুলৰ ওচৰত সুৰাৰ দোকান খুলিলে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ