--°C
Loading...
Listen to Article
2 min read
80%
  ডিজিটেল ডেস্ক : গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনক লৈ দেশত আৰম্ভ হৈছে তৎপৰতা। শাসকীয় বিজেপি দলে তেওঁলোকৰ নিপুন কৌশল আৰু দক্ষ ৰণনীতিৰে আৰম্ভ কৰিছে তৎপৰতা। প্ৰৱল আত্মবিশ্বাসী আৰু সাংগঠনিক দিশৰ পৰা সুদৃঢ় দলটোৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰাটো এতিয়া যিকোনো দলৰ বাবেই কঠিন কাম।

এতিয়া দুয়োখন ৰাজ্যতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সাংগঠনিক অস্থিৰতা তথা দুৰ্বল ভূমিকাৰ বাবে সহজ হৈ পৰিছে বিজেপিৰ বাট। গুজৰাটত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্ডিক পেটেলৰ দলত্যাগৰ ঘটনাও দলটোৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিছে। এই দুখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল সম্পৰ্কত পূৰ্বানুমান কৰিছে নিৰ্বাচনী ৰণনীতি নিৰ্ধাৰক প্ৰশান্ত কিশোৰে। 

উল্লেখ্য যে, দলক পুনৰুজ্জীৱিত কৰাৰ বাবে কংগ্ৰেছ দলে ৰাজস্থানৰ উদয়পুৰত তিনিদিনীয়া চিন্তন শিবিৰৰ অনুষ্ঠিত কৰিছিল। য'ত দলটোৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ মতামত প্ৰকাশ কৰিছিল, লগতে আগন্তুক নিৰ্বাচনৰ ৰণনীতিক লৈও চৰ্চা কৰিছিল। পিছে এই চিন্তন শিবিৰক নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে সমালোচনা কৰিছে। তেওঁ কৈছে যে, চিন্তন শিবিৰে একো অৰ্থপূৰ্ণ লক্ষ্যত উপনীত হৈছে দলটো। কেৱল এয়াই নহয়, প্ৰশান্ত কিশোৰে আনকি কয় যে গুজৰাট আৰু হিমাচল প্ৰদেশৰ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হোৱাৰ দিশেই অগ্ৰসৰ হৈছে। 

এটা টুইটত দেশৰ আগশাৰীৰ ৰণকৌশল নিৰ্ধাৰকগৰাকীলে লিখিছে যে, তেওঁক বিভিন্নজনে বাৰে বাৰে সুধিছিল যে কংগ্ৰেছৰ চিন্তন শিবিৰ সন্দৰ্ভত তেওঁৰ মতামত কি? তাৰ উত্তৰত তেওঁ লিখিছে ‘মই ভাবোঁ এই চিন্তন শিবিৰে যিকোনো অৰ্থপূৰ্ণ প্ৰাপ্তি ব্যৰ্থ হৈছে। এইটো কেৱল স্থিতাৱস্থা দীঘলীয়া কৰা আৰু কংগ্ৰেছ নেতৃত্বক সময় দিয়াৰ বাহিৰে আন একো নহয়। অন্ততঃ গুজৰাট আৰু হিমাচল প্ৰদেশত পৰাজয়লৈকে...।’


উল্লেখ্য যে, প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনাক লৈ বিগত সময়ছোৱাত ব্যাপক চৰ্চা চলিছিল। তেওঁৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে কেইবাবাৰো বৈঠকতো মিলিত হৈছিল। তেওঁ দলৰ সভাপতি ছোনিয়া গান্ধীকো কেইবাবাৰো সাক্ষাৎ কৰিছিল আৰু তেওঁ কংগ্ৰেছক পুনুৰুজ্জীৱিত কৰাৰ বাবে ভালেমান পৰামৰ্শ দিছিল বুলিও চৰ্চা চলিছিস। একে সময়তে, প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰাৰ জল্পনা-কল্পনাও চলিবলৈ আৰম্ভ কৰিছিল যদিও কংগ্ৰেছৰ সৈতে তেওঁৰ আনুষ্ঠানিক সম্পৰ্ক গঢ় লৈ নুঠিল। কংগ্ৰেছক তেওঁৰ নহয় শক্তিশালী নেতৃত্ব আৰু দলক সংগঠিত কৰাৰ সামূহিক ইচ্ছাৰ প্ৰয়োজন বুলিও তেওঁ ইংগিতপূৰ্ণ মন্তব্য কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?