--°C
Loading...
Listen to Article
2 min read
80%
  ডিজিটেল ডেস্ক : গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনক লৈ দেশত আৰম্ভ হৈছে তৎপৰতা। শাসকীয় বিজেপি দলে তেওঁলোকৰ নিপুন কৌশল আৰু দক্ষ ৰণনীতিৰে আৰম্ভ কৰিছে তৎপৰতা। প্ৰৱল আত্মবিশ্বাসী আৰু সাংগঠনিক দিশৰ পৰা সুদৃঢ় দলটোৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰাটো এতিয়া যিকোনো দলৰ বাবেই কঠিন কাম।

এতিয়া দুয়োখন ৰাজ্যতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সাংগঠনিক অস্থিৰতা তথা দুৰ্বল ভূমিকাৰ বাবে সহজ হৈ পৰিছে বিজেপিৰ বাট। গুজৰাটত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্ডিক পেটেলৰ দলত্যাগৰ ঘটনাও দলটোৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিছে। এই দুখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল সম্পৰ্কত পূৰ্বানুমান কৰিছে নিৰ্বাচনী ৰণনীতি নিৰ্ধাৰক প্ৰশান্ত কিশোৰে। 

উল্লেখ্য যে, দলক পুনৰুজ্জীৱিত কৰাৰ বাবে কংগ্ৰেছ দলে ৰাজস্থানৰ উদয়পুৰত তিনিদিনীয়া চিন্তন শিবিৰৰ অনুষ্ঠিত কৰিছিল। য'ত দলটোৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ মতামত প্ৰকাশ কৰিছিল, লগতে আগন্তুক নিৰ্বাচনৰ ৰণনীতিক লৈও চৰ্চা কৰিছিল। পিছে এই চিন্তন শিবিৰক নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে সমালোচনা কৰিছে। তেওঁ কৈছে যে, চিন্তন শিবিৰে একো অৰ্থপূৰ্ণ লক্ষ্যত উপনীত হৈছে দলটো। কেৱল এয়াই নহয়, প্ৰশান্ত কিশোৰে আনকি কয় যে গুজৰাট আৰু হিমাচল প্ৰদেশৰ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হোৱাৰ দিশেই অগ্ৰসৰ হৈছে। 

এটা টুইটত দেশৰ আগশাৰীৰ ৰণকৌশল নিৰ্ধাৰকগৰাকীলে লিখিছে যে, তেওঁক বিভিন্নজনে বাৰে বাৰে সুধিছিল যে কংগ্ৰেছৰ চিন্তন শিবিৰ সন্দৰ্ভত তেওঁৰ মতামত কি? তাৰ উত্তৰত তেওঁ লিখিছে ‘মই ভাবোঁ এই চিন্তন শিবিৰে যিকোনো অৰ্থপূৰ্ণ প্ৰাপ্তি ব্যৰ্থ হৈছে। এইটো কেৱল স্থিতাৱস্থা দীঘলীয়া কৰা আৰু কংগ্ৰেছ নেতৃত্বক সময় দিয়াৰ বাহিৰে আন একো নহয়। অন্ততঃ গুজৰাট আৰু হিমাচল প্ৰদেশত পৰাজয়লৈকে...।’


উল্লেখ্য যে, প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনাক লৈ বিগত সময়ছোৱাত ব্যাপক চৰ্চা চলিছিল। তেওঁৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে কেইবাবাৰো বৈঠকতো মিলিত হৈছিল। তেওঁ দলৰ সভাপতি ছোনিয়া গান্ধীকো কেইবাবাৰো সাক্ষাৎ কৰিছিল আৰু তেওঁ কংগ্ৰেছক পুনুৰুজ্জীৱিত কৰাৰ বাবে ভালেমান পৰামৰ্শ দিছিল বুলিও চৰ্চা চলিছিস। একে সময়তে, প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰাৰ জল্পনা-কল্পনাও চলিবলৈ আৰম্ভ কৰিছিল যদিও কংগ্ৰেছৰ সৈতে তেওঁৰ আনুষ্ঠানিক সম্পৰ্ক গঢ় লৈ নুঠিল। কংগ্ৰেছক তেওঁৰ নহয় শক্তিশালী নেতৃত্ব আৰু দলক সংগঠিত কৰাৰ সামূহিক ইচ্ছাৰ প্ৰয়োজন বুলিও তেওঁ ইংগিতপূৰ্ণ মন্তব্য কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান