--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে৷ পঞ্জাবক বাদ দি উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত বিজয় সাব্যস্ত কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে৷ পাঁচোখন ৰাজ্যতে ধৰাশায়ী হৈ পৰিল কংগ্ৰেছ৷ উত্তৰ প্ৰদেশত মাত্ৰ দুখন আৰু মণিপুৰত পাঁচখন আসনতে সীমাবদ্ধ হৈ পৰিল ভাৰতীয় জাতীয় কংগ্ৰেছ৷ আৰু, আজিৰ দিনটোত দেশৰ ৰাজনীতিত দেখা গ’ল এক বিৰল দৃশ্য৷ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ চৌবিশ ঘণ্টা নৌহওঁতেই প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিলে গুজৰাট নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান৷ এইবৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত হ’ব গুজৰাট বিধানসভাৰ সাধাৰণ নিৰ্বাচন৷ আৰু, ডিচেম্বৰত অনুষ্ঠিতব্য নিৰ্বাচনৰ বাবে মাৰ্চৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিলে নৰেন্দ্ৰ মোদীয়ে৷ সেই উদ্দেশ্যৰে আজি প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটত উপস্থিত হৈ এক বিশাল ৰোড শ্ব’ত অংশ লয়৷ মোদীযে গুজৰাটৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰে৷ আজিৰ ৰোড শ্ব’ত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনোৱাৰ বাবে সহস্ৰাধিক লোক উপস্থিত হৈ ‘জয় শ্ৰীৰাম’ আৰু ‘ভাৰত মাতা কী জয়’ শ্ল’গানেৰে মুখৰিত কৰি তোলে ৰাজপথ৷ উত্তৰ প্ৰদেশ, মণিপুৰ, গোৱা আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ কেইঘণ্টামান পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে ৰাজ্যখনত এক বৃহৎ ৰোড শ্ব’ অনুষ্ঠিত কৰি গুজৰাটত নিৰ্বাচনী বিউগুল বজাই নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণি কৰে৷ গেৰুৱা ৰঙৰ টুপী পিন্ধি প্ৰধানমন্ত্ৰী মোদীয়ে আজি ‘V’ প্ৰতীকৰ এক বিজয়-চিহ্ন প্ৰদৰ্শন কৰিছিল৷ আহমেদাবাদ বিমানবন্দৰৰ পৰা গান্ধীনগৰস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ ৰোড শ্ব’ৰ পৰিকল্পনা কৰা হৈছিল। দুদিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে আহমেদাবাদৰ এখন ষ্টেডিয়ামত ‘খেল মহাকুম্ভ’ ক্ৰীড়া অনুষ্ঠান উদ্বোধন কৰিব আৰু গান্ধীনগৰ জিলাৰ লাভাদত অৱস্থিত ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰিব। কেইবাটাও কাৰ্যসূচী হাতত লৈ গুজৰাটত উপস্থিত হোৱা মোদীয়ে মূলতঃ বিধানসভা নিৰ্বাচনত বিজেপিক পুনৰ শাসনলৈ আনিবৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা যে চলাব তাত কোনো সন্দেহ নাই৷ যিসময়ত পৰাজয়বৰণ কৰি কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী ৰাজনৈতিক দলে কঁকাল পোনাব পৰা নাই, সেই সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্ণোদ্যমে নামি পৰিছে পৰৱৰ্তী নিৰ্বাচনী যুঁজৰ বাবে৷ বিজেপিৰ বাবে প্ৰতিটো দিনেই যে নিৰ্বাচনকেন্দ্ৰিক, সেয়া এই কথাই প্ৰমাণ কৰিছে৷ নিৰ্বাচনী সফলতা পাবৰ বাবে উদ্বাউল হৈ থকা বিজেপিয়ে নিৰ্বাচনী যুঁজৰ বহু আগৰ পৰাই আৰম্ভণি ঘটাই নিৰ্বাচনী ৰণকৌশলৰ আৰু প্ৰস্তুত কৰে সুপৰিকল্পিত ষ্ট্ৰেটেজীৰ৷ আৰু, আজি গুজৰাটত তাৰেই প্ৰতিৰূপ দেখিবলৈ পোৱা গ’ল৷ পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ চৌবিশ ঘণ্টা নৌহওঁতেই আঠমাহ পূৰ্বেই নিৰ্বাচনী অনুশীলন আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পাৰ্টীয়ে৷ Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক