--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে৷ পঞ্জাবক বাদ দি উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত বিজয় সাব্যস্ত কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে৷ পাঁচোখন ৰাজ্যতে ধৰাশায়ী হৈ পৰিল কংগ্ৰেছ৷ উত্তৰ প্ৰদেশত মাত্ৰ দুখন আৰু মণিপুৰত পাঁচখন আসনতে সীমাবদ্ধ হৈ পৰিল ভাৰতীয় জাতীয় কংগ্ৰেছ৷ আৰু, আজিৰ দিনটোত দেশৰ ৰাজনীতিত দেখা গ’ল এক বিৰল দৃশ্য৷ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ চৌবিশ ঘণ্টা নৌহওঁতেই প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিলে গুজৰাট নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান৷ এইবৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত হ’ব গুজৰাট বিধানসভাৰ সাধাৰণ নিৰ্বাচন৷ আৰু, ডিচেম্বৰত অনুষ্ঠিতব্য নিৰ্বাচনৰ বাবে মাৰ্চৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিলে নৰেন্দ্ৰ মোদীয়ে৷ সেই উদ্দেশ্যৰে আজি প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটত উপস্থিত হৈ এক বিশাল ৰোড শ্ব’ত অংশ লয়৷ মোদীযে গুজৰাটৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰে৷ আজিৰ ৰোড শ্ব’ত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনোৱাৰ বাবে সহস্ৰাধিক লোক উপস্থিত হৈ ‘জয় শ্ৰীৰাম’ আৰু ‘ভাৰত মাতা কী জয়’ শ্ল’গানেৰে মুখৰিত কৰি তোলে ৰাজপথ৷ উত্তৰ প্ৰদেশ, মণিপুৰ, গোৱা আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ কেইঘণ্টামান পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে ৰাজ্যখনত এক বৃহৎ ৰোড শ্ব’ অনুষ্ঠিত কৰি গুজৰাটত নিৰ্বাচনী বিউগুল বজাই নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণি কৰে৷ গেৰুৱা ৰঙৰ টুপী পিন্ধি প্ৰধানমন্ত্ৰী মোদীয়ে আজি ‘V’ প্ৰতীকৰ এক বিজয়-চিহ্ন প্ৰদৰ্শন কৰিছিল৷ আহমেদাবাদ বিমানবন্দৰৰ পৰা গান্ধীনগৰস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ ৰোড শ্ব’ৰ পৰিকল্পনা কৰা হৈছিল। দুদিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে আহমেদাবাদৰ এখন ষ্টেডিয়ামত ‘খেল মহাকুম্ভ’ ক্ৰীড়া অনুষ্ঠান উদ্বোধন কৰিব আৰু গান্ধীনগৰ জিলাৰ লাভাদত অৱস্থিত ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰিব। কেইবাটাও কাৰ্যসূচী হাতত লৈ গুজৰাটত উপস্থিত হোৱা মোদীয়ে মূলতঃ বিধানসভা নিৰ্বাচনত বিজেপিক পুনৰ শাসনলৈ আনিবৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা যে চলাব তাত কোনো সন্দেহ নাই৷ যিসময়ত পৰাজয়বৰণ কৰি কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী ৰাজনৈতিক দলে কঁকাল পোনাব পৰা নাই, সেই সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্ণোদ্যমে নামি পৰিছে পৰৱৰ্তী নিৰ্বাচনী যুঁজৰ বাবে৷ বিজেপিৰ বাবে প্ৰতিটো দিনেই যে নিৰ্বাচনকেন্দ্ৰিক, সেয়া এই কথাই প্ৰমাণ কৰিছে৷ নিৰ্বাচনী সফলতা পাবৰ বাবে উদ্বাউল হৈ থকা বিজেপিয়ে নিৰ্বাচনী যুঁজৰ বহু আগৰ পৰাই আৰম্ভণি ঘটাই নিৰ্বাচনী ৰণকৌশলৰ আৰু প্ৰস্তুত কৰে সুপৰিকল্পিত ষ্ট্ৰেটেজীৰ৷ আৰু, আজি গুজৰাটত তাৰেই প্ৰতিৰূপ দেখিবলৈ পোৱা গ’ল৷ পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ চৌবিশ ঘণ্টা নৌহওঁতেই আঠমাহ পূৰ্বেই নিৰ্বাচনী অনুশীলন আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পাৰ্টীয়ে৷ Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক