--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ জামনগৰ বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটত বিজয়ী হৈছে ৰিবাবা জাডেজা। বিজেপিৰ হৈ বিজয়ী হোৱা ৰিবাবাক লৈ বেছ কিছুদিন চৰ্চা চলিছিল। ইয়াৰ কাৰণ হৈছে তেওঁ টীম ইণ্ডিয়াৰ তাৰকা তথা বিশ্ব ক্ৰিকেটৰ অন্যতম আগশাৰীৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাৰ পত্নী।

বৃহস্পতিবাৰে ঘোষিত হোৱা নিৰ্বাচনৰ ফলাফলত প্ৰায় এক লাখ ভোট লাভ কৰি বিজয়ী হৈছে ৰিবাবা। ৰিবাবাক কোনো প্ৰত্যহ্বান আগবঢ়াব নোৱাৰিলে আন প্ৰাৰ্থীসমূহে। আম আদমী পাৰ্টিৰ প্ৰাৰ্থীগৰাকীতকৈ ৫০ হাজাৰৰো অধিক বেছি ভোট লাভ কৰিছে জাডেজাপত্নীয়ে।

এয়া ৰিবাবাৰ প্ৰথমটো নিৰ্বাচন। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে তেওঁ বিজেপিত যোগদান কৰিছিল। ৩২ বছৰীয়া ৰিবাবাক লৈ উচ্চসিত হৈ পৰিছে গুজৰাটৰ বিজেপি মহল। নিৰ্বাচনত প্ৰদৰ্শন কৰা সাফল্যৰ বাবে তেওঁ নতুন কেবিনেটতো স্থান লাভ কৰাৰ সম্ভাৱনা আছে।

ৰবীন্দ্ৰ জাডেজাৰ পত্নী হোৱাৰ উপৰিও ৰিবাবাৰ নিজস্ব কিছু পৰিচয়ো আছে। গুজৰাটৰ ৰাজপৰিয়ালৰ ৰাজপুত নাৰী তেওঁ। কিছু বছৰ পূৰ্বে সঞ্জয় লীলা ভান্সালীৰ ছৱি ‘পদ্মাৱতী’ৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰিছিল ৰিবাবা। ‘পদ্মাৱতী’য়ে ৰাজপুতসকলক অপমান কৰিছে বুলি ৰিবাবাই দাবী কৰিছিল।

শৈক্ষিক ক্ষেত্ৰতো আগবঢ়া ৰিবাবা। মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী আছিল তেওঁ। ব্যৱসায়তো তেওঁৰ ৰাপ আছে। স্বামী ৰবীন্দ্ৰ জাডেজাৰ স’তে তেওঁ ৰেষ্টুৰেণ্টৰ ব্যৱসায় চলাই আছে।

এতিয়া লক্ষ্যণীয় হ’ব, স্বামী ৰবীন্দ্ৰই যিদৰে ক্ৰিকেটৰ পথাৰত অশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, তেনেদৰে পত্নী ৰিবাবাই ৰাজনীতিৰ পথাৰত কিধৰণে আগবাঢ়ে। এয়া মাত্ৰ আৰম্ভণিহে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু