--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ জামনগৰ বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটত বিজয়ী হৈছে ৰিবাবা জাডেজা। বিজেপিৰ হৈ বিজয়ী হোৱা ৰিবাবাক লৈ বেছ কিছুদিন চৰ্চা চলিছিল। ইয়াৰ কাৰণ হৈছে তেওঁ টীম ইণ্ডিয়াৰ তাৰকা তথা বিশ্ব ক্ৰিকেটৰ অন্যতম আগশাৰীৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাৰ পত্নী।

বৃহস্পতিবাৰে ঘোষিত হোৱা নিৰ্বাচনৰ ফলাফলত প্ৰায় এক লাখ ভোট লাভ কৰি বিজয়ী হৈছে ৰিবাবা। ৰিবাবাক কোনো প্ৰত্যহ্বান আগবঢ়াব নোৱাৰিলে আন প্ৰাৰ্থীসমূহে। আম আদমী পাৰ্টিৰ প্ৰাৰ্থীগৰাকীতকৈ ৫০ হাজাৰৰো অধিক বেছি ভোট লাভ কৰিছে জাডেজাপত্নীয়ে।

এয়া ৰিবাবাৰ প্ৰথমটো নিৰ্বাচন। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে তেওঁ বিজেপিত যোগদান কৰিছিল। ৩২ বছৰীয়া ৰিবাবাক লৈ উচ্চসিত হৈ পৰিছে গুজৰাটৰ বিজেপি মহল। নিৰ্বাচনত প্ৰদৰ্শন কৰা সাফল্যৰ বাবে তেওঁ নতুন কেবিনেটতো স্থান লাভ কৰাৰ সম্ভাৱনা আছে।

ৰবীন্দ্ৰ জাডেজাৰ পত্নী হোৱাৰ উপৰিও ৰিবাবাৰ নিজস্ব কিছু পৰিচয়ো আছে। গুজৰাটৰ ৰাজপৰিয়ালৰ ৰাজপুত নাৰী তেওঁ। কিছু বছৰ পূৰ্বে সঞ্জয় লীলা ভান্সালীৰ ছৱি ‘পদ্মাৱতী’ৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰিছিল ৰিবাবা। ‘পদ্মাৱতী’য়ে ৰাজপুতসকলক অপমান কৰিছে বুলি ৰিবাবাই দাবী কৰিছিল।

শৈক্ষিক ক্ষেত্ৰতো আগবঢ়া ৰিবাবা। মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী আছিল তেওঁ। ব্যৱসায়তো তেওঁৰ ৰাপ আছে। স্বামী ৰবীন্দ্ৰ জাডেজাৰ স’তে তেওঁ ৰেষ্টুৰেণ্টৰ ব্যৱসায় চলাই আছে।

এতিয়া লক্ষ্যণীয় হ’ব, স্বামী ৰবীন্দ্ৰই যিদৰে ক্ৰিকেটৰ পথাৰত অশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, তেনেদৰে পত্নী ৰিবাবাই ৰাজনীতিৰ পথাৰত কিধৰণে আগবাঢ়ে। এয়া মাত্ৰ আৰম্ভণিহে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক