--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিশাল পৰিমাণৰ ড্ৰাগছ জব্দ হ’ল গুজৰাটত। গুজৰাটৰ পোৰবন্দৰৰ ওচৰত এখন জাহাজৰ পৰা প্ৰায় ৩,৫০০ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰে  ভাৰতীয় নৌসেনা আৰু নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ই।  জাহাজখন ইতিমধ্যে জব্দ কৰা হৈছে । জাহাজখনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে । জব্দ কৰা ড্ৰাগছ খিনিৰ  আনুমানিক মূল্য হৈছে প্ৰায় ২২,০০০ কোটি টকা। 

ড্ৰাগছ  সৰবৰাহৰ অভিযোগত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতীয় নৌসেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তেওঁলোক আটাইকেইজনেই পাকিস্তানী নাগৰিক।  নৌ সেনাৰ সূত্ৰই জনোৱা মতে  জাহাজখনৰ পৰা ৩,০৮৯ কিলোগ্ৰামতকৈও অধিক চাৰছ , ১৫৮ কিলোগ্ৰাম মেথাম্ফেটামিন আৰু ২৫ কিলোগ্ৰাম মৰ্ফিন জব্দ কৰা হৈছে। যদিও চৰকাৰী বিষয়াসকলে জব্দ কৰা ড্ৰাগছৰ  মুঠ মূল্য প্ৰকাশ কৰা নাই, সেয়া প্ৰায় ২২,০০০ কোটি টকাৰ হ’ব বুলি অনুমান কৰা হৈছে। 

 পোৰবন্দৰৰ ওচৰত ভাৰতীয় নৌ সেনাৰ নিৰীক্ষণ বিমানে জাহাজখন দেখা পাইছিল। নৌসেনা আৰু এনচিবিয়ে জাহাজখনকলৈ সন্দেহ কৰি  যুটীয়া অভিযান আৰম্ভ কৰিছিল। ভাৰতীয় নৌসেনাই এক বিবৃতিত কয়, "এনচিবি আৰু ভাৰতীয় নৌসেনাৰ এক যুটীয়া অভিযানত  জাহাজখনৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰা হয় ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ