--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰা বেছ কিছুকাল হ’ল। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অহা সপ্তাহত জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিব। অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত মোদীৰ এয়া হ’ব  প্ৰথম কাশ্মীৰ ভ্ৰমণ। ২০১৯  চনত  বিজেপি চৰকাৰে উপত্যকাটোৰ বিশেষ মৰ্যাদা বাতিল কৰিছিল। মোদীয়ে ৭ মাৰ্চত শ্ৰীনগৰত এটা  ৰেলীক সম্বোধন কৰিব। ৰাজনৈতিক বিশ্লেষকসকলে দাবী কৰিছে যে গেৰুৱা শিবিৰে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এতিয়া কাশ্মীৰৰ প্ৰতি বিশেষ নজৰ দিছে। 

মোদীয়ে ৭ মাৰ্চত শ্ৰীনগৰত এখন ৰেলী সম্বোধন কৰিব আৰু কেইবাটাও প্ৰকল্প ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। জম্মু-কাশ্মীৰ বিজেপিৰ সভাপতি ৰবীন্দ্ৰ ৰাইনাই কয়, "জম্মু-কাশ্মীৰৰ সাধাৰণ জনতাই  দীৰ্ঘদিনে দাবী জনাই  আহিছে যে প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহি ভাষণ দিব লাগে। তেওঁ অৱশেষত ৭ মাৰ্চত শ্ৰীনগৰত এক  ৰেলী সম্বোধন কৰিব। উপত্যকাটো ভ্ৰমণকালত মোদীয়ে শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত উপস্থিত থাকিব। 

ইফালে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ শ্ৰীনগৰত 'উচ্চ সতৰ্কতামূলক' ব্যৱস্থা গ্ৰহণ  কৰা হৈছে।
 এগৰাকী  বিজেপি নেতাৰ মতে 'নতুন কাশ্মীৰ'ৰ সফলতা প্ৰমাণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। উল্লেখ্য অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ বাবে উপত্যকাটোৰ কিছুলোক এতিয়াও এসন্তুষ্ট হৈ আছে। কাশ্মীৰৰ বেছিভাগ দলে বিশেষ মৰ্যাদা  ঘূৰাই দিয়াৰ দাবী জনাই আহিছে। এতিয়া  বিজেপিয়ে উন্নয়নৰ উদাহৰণ দাঙি ধৰি  কাশ্মীৰ জয় কৰিব বিচাৰিছে।  মোদীয়ে একেটা কাৰণতে বিভিন্ন আঁচনি ঘোষণা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ