--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰা বেছ কিছুকাল হ’ল। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অহা সপ্তাহত জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিব। অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত মোদীৰ এয়া হ’ব  প্ৰথম কাশ্মীৰ ভ্ৰমণ। ২০১৯  চনত  বিজেপি চৰকাৰে উপত্যকাটোৰ বিশেষ মৰ্যাদা বাতিল কৰিছিল। মোদীয়ে ৭ মাৰ্চত শ্ৰীনগৰত এটা  ৰেলীক সম্বোধন কৰিব। ৰাজনৈতিক বিশ্লেষকসকলে দাবী কৰিছে যে গেৰুৱা শিবিৰে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এতিয়া কাশ্মীৰৰ প্ৰতি বিশেষ নজৰ দিছে। 

মোদীয়ে ৭ মাৰ্চত শ্ৰীনগৰত এখন ৰেলী সম্বোধন কৰিব আৰু কেইবাটাও প্ৰকল্প ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। জম্মু-কাশ্মীৰ বিজেপিৰ সভাপতি ৰবীন্দ্ৰ ৰাইনাই কয়, "জম্মু-কাশ্মীৰৰ সাধাৰণ জনতাই  দীৰ্ঘদিনে দাবী জনাই  আহিছে যে প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহি ভাষণ দিব লাগে। তেওঁ অৱশেষত ৭ মাৰ্চত শ্ৰীনগৰত এক  ৰেলী সম্বোধন কৰিব। উপত্যকাটো ভ্ৰমণকালত মোদীয়ে শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত উপস্থিত থাকিব। 

ইফালে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ শ্ৰীনগৰত 'উচ্চ সতৰ্কতামূলক' ব্যৱস্থা গ্ৰহণ  কৰা হৈছে।
 এগৰাকী  বিজেপি নেতাৰ মতে 'নতুন কাশ্মীৰ'ৰ সফলতা প্ৰমাণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। উল্লেখ্য অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ বাবে উপত্যকাটোৰ কিছুলোক এতিয়াও এসন্তুষ্ট হৈ আছে। কাশ্মীৰৰ বেছিভাগ দলে বিশেষ মৰ্যাদা  ঘূৰাই দিয়াৰ দাবী জনাই আহিছে। এতিয়া  বিজেপিয়ে উন্নয়নৰ উদাহৰণ দাঙি ধৰি  কাশ্মীৰ জয় কৰিব বিচাৰিছে।  মোদীয়ে একেটা কাৰণতে বিভিন্ন আঁচনি ঘোষণা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু