--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আম্বানীক চেৰ পেলাই   এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিত পৰিণত হোৱা গৌতম আদানিয়ে  গুজৰাটত যথেষ্ট বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। বুধবাৰে গান্ধীনগৰত ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০২৪ ত অংশগ্ৰহণ কৰি  আদানীয়ে ঘোষণা কৰে যে তেওঁৰ কোম্পানীয়ে অহা পাঁচ বছৰত গুজৰাটত ২ লাখ কোটি টকা বিনিয়োগ কৰিব বুলি  প্ৰতিশ্ৰুতি দিয়ে।

 এনে বিনিয়োগৰ ফলস্বৰূপে বহু চাকৰিৰ সৃষ্টি হ'ব। আদানিয়ে  দাবী কৰিছে যে ১ লাখ চাকৰিৰ সুযোগ সৃষ্টি হ’ব। মোদীক প্ৰশংসা কৰি আদানিয়ে কয়  "আপোনাৰ নেতৃত্বত ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশ হৈ পৰিব। আপুনি ভাৰতক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তুলিব পাৰিছে। "

উল্লেখ্য কিছুদিন পূৰ্বে   হিণ্ডেনবাৰ্গ গোচৰত উচ্চতম ন্যায়ালয়ে আদানিক সকাহ দিছিল। উচ্চতম ন্যায়ালয়ে কৈছিল যে হিণ্ডেনবাৰ্গ গোচৰত এছআইটি তদন্তৰ কোনো প্ৰয়োজন নাই। গোচৰটোত ছেবিৰ তদন্তৰ ওপৰতে নিৰ্ভৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। 

তাৰ পিছতে আদানিৰ  শ্বেয়াৰে গতি লাভ কৰে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি আদানি এতিয়া  এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি। এনে স্বীকৃতিৰ পিছতে আদানি  কৈছিল, "সত্যৰ সদায় জয় । যিসকলে আমাৰ কাষত থিয় দিছিল তেওঁলোকৰ প্ৰতি আমি কৃতজ্ঞ। এনেদৰেই আমি ভাৰতৰ উন্নয়নৰ বাবে কাম কৰি যাম। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু