--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আম্বানীক চেৰ পেলাই   এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিত পৰিণত হোৱা গৌতম আদানিয়ে  গুজৰাটত যথেষ্ট বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। বুধবাৰে গান্ধীনগৰত ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০২৪ ত অংশগ্ৰহণ কৰি  আদানীয়ে ঘোষণা কৰে যে তেওঁৰ কোম্পানীয়ে অহা পাঁচ বছৰত গুজৰাটত ২ লাখ কোটি টকা বিনিয়োগ কৰিব বুলি  প্ৰতিশ্ৰুতি দিয়ে।

 এনে বিনিয়োগৰ ফলস্বৰূপে বহু চাকৰিৰ সৃষ্টি হ'ব। আদানিয়ে  দাবী কৰিছে যে ১ লাখ চাকৰিৰ সুযোগ সৃষ্টি হ’ব। মোদীক প্ৰশংসা কৰি আদানিয়ে কয়  "আপোনাৰ নেতৃত্বত ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশ হৈ পৰিব। আপুনি ভাৰতক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তুলিব পাৰিছে। "

উল্লেখ্য কিছুদিন পূৰ্বে   হিণ্ডেনবাৰ্গ গোচৰত উচ্চতম ন্যায়ালয়ে আদানিক সকাহ দিছিল। উচ্চতম ন্যায়ালয়ে কৈছিল যে হিণ্ডেনবাৰ্গ গোচৰত এছআইটি তদন্তৰ কোনো প্ৰয়োজন নাই। গোচৰটোত ছেবিৰ তদন্তৰ ওপৰতে নিৰ্ভৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। 

তাৰ পিছতে আদানিৰ  শ্বেয়াৰে গতি লাভ কৰে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি আদানি এতিয়া  এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি। এনে স্বীকৃতিৰ পিছতে আদানি  কৈছিল, "সত্যৰ সদায় জয় । যিসকলে আমাৰ কাষত থিয় দিছিল তেওঁলোকৰ প্ৰতি আমি কৃতজ্ঞ। এনেদৰেই আমি ভাৰতৰ উন্নয়নৰ বাবে কাম কৰি যাম। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক