--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিটা দশক ধৰি তেওঁ মৌন ব্ৰত অৱলম্বন কৰি আহিছে৷ ৮৫ বছৰীয়া সৰস্বতী দেৱীয়ে তিনি দশক ধৰি কোনো কথা কোৱা নাই। মনতে পুহি ৰখা আশা পূৰণ হ’লেহে তেওঁ মুখ খুলিব বুলি প্ৰসংকল্প লৈছিল। সেই আশা কি আছিল? অযোধ্যাৰ মাটিত ৰাম মন্দিৰ পুনৰ প্ৰতিষ্ঠা হ’ব, সেয়াই আছিল তেওঁৰ আশা । ঝাৰখণ্ডৰ এইগৰাকী ৮৫ বছৰীয়া মহিলাই ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধনৰ দিনা তেওঁৰ দীৰ্ঘদিনীয়া মৌন ব্ৰত  ভংগ কৰিব।

১৯৯২ চনত বাবৰি মছজিদ ধ্বংস হোৱাৰ সময়ত সৰস্বতীয়ে শেষবাৰৰ বাবে কথা কৈছিল।  তাৰ পিছত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে ৰাম মন্দিৰ পুনৰ স্থাপন হোৱাৰ দিনাহে  তেওঁ পুনৰ কথা ক’ব। তেওঁৰ  আত্মীয়সকলে এইবুলিয়েই  দাবী কৰিছে। ধানবাদৰ বাসিন্দা সৰস্বতী দেৱীয়ে  সোমবাৰে নিশাই ৰাম মন্দিৰলৈ ৰাওনা হৈছে। ২২ জানুৱাৰীত তেওঁ  ঐতিহাসিক মুহূৰ্তটো প্ৰত্যক্ষ কৰিব।

সৰস্বতী দেৱীৰ এজন আত্মীয়ই কয়, "মহন্ত নৃত্যগোপাল দাসৰ পৰা অনুপ্ৰেৰণা লাভ কৰাৰ পিছত তেওঁ প্ৰায়ে অযোধ্যা ভ্ৰমণ কৰিছিল। ৩০ বছৰ আগতে তেওঁ কৈছিল যে তেওঁ নিজৰ চকুৰে ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাটো  চোৱাৰ পিছতহে তেওঁৰ নীৰৱতা ভংগ কৰিব। তেওঁ ২২ জানুৱাৰীত  সেয়ে মুখ খুলিব। "

সৰস্বতী দেৱী  অযোধ্যাত 'মৌনী মাতা' বুলি জনাজাত। ইমান দিনে তেওঁ   আত্মীয়সকলৰ সৈতে 'সাংকেতিক ভাষা'তে ভাব বিনিময় কৰি আহিছে। কেতিয়াবা কিছুমান কথা লিখিও দিয়ে৷ অৱশ্যে এয়াও  সঁচা নহয় যে তেওঁ একেবাৰে কথা পতা নাই। ২০২০ চনত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৰাম  মন্দিৰৰ আধাৰশিলা স্থাপন কৰাৰ আগতে সৰস্বতী দেৱীয়েয়ে দুপৰীয়া প্ৰতিদিনে এঘণ্টাৰ বাবে মুখ খুলিছিল। কিন্তু মন্দিৰৰ আধাৰশিলা স্থাপন কৰাৰ পিছত তেওঁ সম্পূৰ্ণৰূপে নীৰৱ হৈ পৰিছিল। তেওঁ এতিয়া ৰাম মন্দিৰ পুনৰ  খোলাৰ দিনটোলৈ অপেক্ষা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু