--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিটা দশক ধৰি তেওঁ মৌন ব্ৰত অৱলম্বন কৰি আহিছে৷ ৮৫ বছৰীয়া সৰস্বতী দেৱীয়ে তিনি দশক ধৰি কোনো কথা কোৱা নাই। মনতে পুহি ৰখা আশা পূৰণ হ’লেহে তেওঁ মুখ খুলিব বুলি প্ৰসংকল্প লৈছিল। সেই আশা কি আছিল? অযোধ্যাৰ মাটিত ৰাম মন্দিৰ পুনৰ প্ৰতিষ্ঠা হ’ব, সেয়াই আছিল তেওঁৰ আশা । ঝাৰখণ্ডৰ এইগৰাকী ৮৫ বছৰীয়া মহিলাই ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধনৰ দিনা তেওঁৰ দীৰ্ঘদিনীয়া মৌন ব্ৰত  ভংগ কৰিব।

১৯৯২ চনত বাবৰি মছজিদ ধ্বংস হোৱাৰ সময়ত সৰস্বতীয়ে শেষবাৰৰ বাবে কথা কৈছিল।  তাৰ পিছত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে ৰাম মন্দিৰ পুনৰ স্থাপন হোৱাৰ দিনাহে  তেওঁ পুনৰ কথা ক’ব। তেওঁৰ  আত্মীয়সকলে এইবুলিয়েই  দাবী কৰিছে। ধানবাদৰ বাসিন্দা সৰস্বতী দেৱীয়ে  সোমবাৰে নিশাই ৰাম মন্দিৰলৈ ৰাওনা হৈছে। ২২ জানুৱাৰীত তেওঁ  ঐতিহাসিক মুহূৰ্তটো প্ৰত্যক্ষ কৰিব।

সৰস্বতী দেৱীৰ এজন আত্মীয়ই কয়, "মহন্ত নৃত্যগোপাল দাসৰ পৰা অনুপ্ৰেৰণা লাভ কৰাৰ পিছত তেওঁ প্ৰায়ে অযোধ্যা ভ্ৰমণ কৰিছিল। ৩০ বছৰ আগতে তেওঁ কৈছিল যে তেওঁ নিজৰ চকুৰে ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাটো  চোৱাৰ পিছতহে তেওঁৰ নীৰৱতা ভংগ কৰিব। তেওঁ ২২ জানুৱাৰীত  সেয়ে মুখ খুলিব। "

সৰস্বতী দেৱী  অযোধ্যাত 'মৌনী মাতা' বুলি জনাজাত। ইমান দিনে তেওঁ   আত্মীয়সকলৰ সৈতে 'সাংকেতিক ভাষা'তে ভাব বিনিময় কৰি আহিছে। কেতিয়াবা কিছুমান কথা লিখিও দিয়ে৷ অৱশ্যে এয়াও  সঁচা নহয় যে তেওঁ একেবাৰে কথা পতা নাই। ২০২০ চনত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৰাম  মন্দিৰৰ আধাৰশিলা স্থাপন কৰাৰ আগতে সৰস্বতী দেৱীয়েয়ে দুপৰীয়া প্ৰতিদিনে এঘণ্টাৰ বাবে মুখ খুলিছিল। কিন্তু মন্দিৰৰ আধাৰশিলা স্থাপন কৰাৰ পিছত তেওঁ সম্পূৰ্ণৰূপে নীৰৱ হৈ পৰিছিল। তেওঁ এতিয়া ৰাম মন্দিৰ পুনৰ  খোলাৰ দিনটোলৈ অপেক্ষা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক