--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে গুজৰাটৰ মৰবি জিলাত ওলোমা দলং ভাগি প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য ঘোষণা কৰে। একে সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং পেটেলে মৃতকৰ আত্মীয়ক ৪ লাখ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰাৰ বিপৰীতে আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।

দেওবাৰে সন্ধিয়া মৰবিৰ মচ্ছু নদীৰ ওপৰত এখন শতিকা পুৰণি ওলমা দলং খহি পৰাত কমেও ৪৫জন লোকৰ মৃত্যু হোৱা বুলি স্থানীয় বিষয়াসকলে জানিবলৈ দিয়ে। বিষয়াসকলে জনোৱা মতে, দলঙৰ ওপৰত থিয় হৈ থকা কেইবাজনো লোক নদীত পৰি যায়। তেওঁ জনোৱা মতে, অচেতন অৱস্থাত ৫০ জনতকৈ অধিক লোকক চৰকাৰী চিকিৎসালয়লৈ অনা হয়।

এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কৰা এক টুইটত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু অন্যান্য বিষয়াসকলৰ সৈতেও এই ঘটনা সন্দৰ্ভত কথা পাতে। পিএমঅ’ৰ মতে, তেওঁ উদ্ধাৰ অভিযানৰ বাবে শীঘ্ৰে উদ্ধাৰকাৰী দল নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা