--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে গুজৰাটৰ মৰবি জিলাত ওলোমা দলং ভাগি প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য ঘোষণা কৰে। একে সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং পেটেলে মৃতকৰ আত্মীয়ক ৪ লাখ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰাৰ বিপৰীতে আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।

দেওবাৰে সন্ধিয়া মৰবিৰ মচ্ছু নদীৰ ওপৰত এখন শতিকা পুৰণি ওলমা দলং খহি পৰাত কমেও ৪৫জন লোকৰ মৃত্যু হোৱা বুলি স্থানীয় বিষয়াসকলে জানিবলৈ দিয়ে। বিষয়াসকলে জনোৱা মতে, দলঙৰ ওপৰত থিয় হৈ থকা কেইবাজনো লোক নদীত পৰি যায়। তেওঁ জনোৱা মতে, অচেতন অৱস্থাত ৫০ জনতকৈ অধিক লোকক চৰকাৰী চিকিৎসালয়লৈ অনা হয়।

এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কৰা এক টুইটত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু অন্যান্য বিষয়াসকলৰ সৈতেও এই ঘটনা সন্দৰ্ভত কথা পাতে। পিএমঅ’ৰ মতে, তেওঁ উদ্ধাৰ অভিযানৰ বাবে শীঘ্ৰে উদ্ধাৰকাৰী দল নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক