--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি সন্ধিয়া গুজৰাটৰ মৰবিত ব্ৰিটিছ যুগৰ এখন ওলমা দলং খহি পৰাৰ ফলত কমেও ১৩০গৰাকী লোকৰ মৃত্যু হৈছে৷ এতিয়ালৈকে প্ৰায় ১৭৭গৰাকী লোকক উদ্ধাৰ কৰা হৈছে আৰু আন কেইবাজনো লোকৰ সন্ধান চলি আছে বুলি উদ্ধাৰকাৰী বিষয়াসকলে সদৰী কৰিছে৷ 

ৰাজ্যখনৰ ৰাজধানী আহমেদাবাদৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰত অৱস্থিত দলংখন দেওবাৰে সন্ধিয়া ৬.৪২ বজাত খহি পৰে, যেতিয়া প্ৰায় ৫০০ৰো অধিক লোক ষঠ পূজাৰ বাবে কিছু ৰীতি-নীতি পালন কৰিবলৈ দলংখনৰ ওপৰত মিলিত হৈছিল৷ 

আৰু দুৰ্ঘটনা হোৱাৰ পাছতে এনডিআৰএফৰ পাঁচটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। পাছত সেনা, নৌ সেনা আৰু বায়ু সেনায়ো উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰায় ১৯জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ 

ঘটনাস্থলীৰ ভিডিঅ’বোৰত দেখা গৈছিল যে দলংখন ছিঙি যোৱাৰ পাছত কিছুসংখ্যক লোক সুৰক্ষিত স্থানলৈ সাঁতুৰি আছিল। বহুতক দলংখনৰ ভঙা মূৰত লাগি থকা দেখা গৈছিল। মাচ্ছু নদীৰ ওপৰত থকা দলংখন নৱীকৰণৰ বাবে সাত মাহৰ বাবে বন্ধ আছিল। দলংখন গুজৰাটী নৱবৰ্ষৰ ২৬ অক্টোবৰত ৰাইজৰ বাবে পুনৰ মুকলি কৰা হয়।

গুজৰাটৰ মৰবি চহৰত খহি পৰা শতিকাপ্ৰাচীন দলংখনৰ পুনৰ্নিৰ্মাণকাৰীয়ে ইয়াক পুনৰ খোলাৰ আগতে কৰ্তৃপক্ষৰ পৰা ফিটনেছ প্ৰমাণপত্ৰ লোৱা নাছিল বুলি স্থানীয় পৌৰ নিগমৰ মুৰব্বী চেণ্ডিপচিন জালাই সদৰী কৰিছে৷

গুজৰাটৰ গৃহমন্ত্ৰী হৰ্ষ সংঘৱীয়ে কয় যে পাঁচজনীয়া উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে দলংখন খহি পৰাৰ তদন্ত কৰিব।
ৰাজ্য চৰকাৰে দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৪ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে৷ গুজৰাটত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পীড়িতসকলৰ পৰিয়ালৰ সদস্যসকলক ২ লাখকৈ আৰ্থিক অনুদান ঘোষণা কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক