--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুণৱতী পত্নীৰ কেতবোৰ বিশেষ লক্ষণ থাকে। চাণক্যই কোন নাৰী ভাল পত্নীহ’ব পাৰে সেই বিষয়ে বহু কথা কৈ গৈছে। চাণক্যৰ  মতে যি পত্নীয়ে মনে প্রাণে পতিব্রতা হয় আৰু কামৰ জৰিয়তে সেই কথাৰ প্রমাণ দিয়ে তেৱেই শ্রেষ্ঠ পত্নী। তেনে পত্নী সদায় সত্যবাদী হয় আৰু স্বামীক সকলো কথাই খুলি-ভাঙি কয়। 

তেনে পত্নীয়ে কেতিয়াও চলনাৰ আশ্ৰয় নলয় । আৰু স্বামীক বিপথে পৰিচালিত নকৰে। তেনে পত্নীকেই শ্রেষ্ঠ পত্নী হিচাপে মর্যাদা দিছে চাণক্যই।চাণক্যই লগতে কৈছে যে পুত্রহীন ব্যক্তিৰ গৃহ শূন্য, বন্ধু-বান্ধৱ নথকা ব্যক্তিৰ দিশ শুন্য, মুৰ্খতাই কৰে হৃদয় শূন্য আৰু দৰিদ্ৰতাই সকলো শূন্য কৰি পেলায়। মানুহে সংসাৰ কৰে পুত্ৰ-কন্যা সন্তানেৰে ঘৰ সুশোভিত কৰি তুলিবলৈ। কিন্তু সকলো লোকৰ ভাগ্যত পুত্র লাভৰ যোগ নাথাকে।

 বহুতে  পৰম আগ্ৰহেৰে সংসাৰ কৰিলেও ঈশ্বৰে তেওঁলোকক পুত্র সন্তান নিদিয়ে। কোনো পুত্ৰ নথকা ঘৰ সেয়ে সকলো থাকিও শূন্য হৈ পৰে বুলি চাণক্যই কৈছে। চাণক্যই  পুত্রহীন গৃহক শূন্য গৃহ বুলি কৈছে। একেদৰে যি লোকৰ কোনো বন্ধু-বান্ধৱ নাই তেনে লোকো দিশহাৰা হৈ পৰে। বন্ধু-বান্ধৱে লোক এজনক বিপদ তথা সম্পদৰ সময়ত সংগ দি যায়। 

প্রতিকূল পৰিস্থিতিৰ মুখামুখি হোৱাৰ সময়ত লোক এজনক যদি পৰামৰ্শ দিবলৈ অথবা সহায় কৰিবলৈ বন্ধু-বান্ধৱ নাথাকে তেন্তে তেওঁ বিপদৰ পৰা উদ্ধাৰ পোৱাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। একেদৰে মুৰ্খতাই হৃদয় শূন্য কৰি পেলায়। মুৰ্খতাৰ বাবেই মানুহে হিত-অহিতৰ বিচাৰ কৰিব নোৱাৰে। দৰিত্ৰতাই সকলো পুৰি চাৰখাৰ কৰে বুলিও চাণক্যই কৈছে।দৰিদ্ৰ লোক এজনে কোনো পৰিকল্পনাই ধনৰ অভাৱত সফল কৰিব নোৱাৰে। সেয়ে চাণক্যই সকলোকে যোগ্যতা আৰু সামৰ্থ অনুসৰি দেহত বল থকালৈকে কাম কৰি যোৱাৰ কথা কৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ