--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰন্ধা-বঢ়া কৰাটো এটা দৈনন্দিন প্ৰক্ৰিয়া, কিন্তু এই কামটো সকলোৰে বাবে সহজ নহয়। খাদ্যত সকলো বস্তুৰ পৰিমাণ সঠিক ৰূপত পৰিলে খাদ্য সুস্বাদু হৈ উঠে। কেতিয়াবা খাদ্যত বেছিকৈ নিমখ হয়। নিমখ বেছিকৈ পৰিলে খাদ্য যিমান যতন কৰি ৰান্ধিলেও, যিমান সোৱাদযুক্ত কৰিবৰ চেষ্টা কৰিলেও বিস্বাদ হৈ উঠে। বহুতে নিমখৰ প্ৰভাৱ কম কৰিবলৈ অধিক পানী যোগ কৰে যদিও বিশেষ সুফল পোৱা নাযায়। এনে পৰিস্থিতিত আপুনি বিতত হোৱাৰ পৰিৱৰ্তে কিছুমান কৌশল গ্ৰহণ কৰি চাওঁক, সুফল পাব। 

খাদ্যত নিমখ বেছি হ’লে কি কৰিব?

১/ নেমুৰ ৰসঃ যদি খাদ্যত নিমখ বেছি হয় তেন্তে নেমুৰ ৰস বা আপেলৰ ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে, এই দুয়োটা উৎকৃষ্ট বিকল্প, কিন্তু কেতিয়াবা নেমু আৰু আপেলৰ ভিনেগাৰ ব্যৱহাৰ কৰিলে খাদ্যৰ সোৱাদ নষ্ট হ’ব পাৰে। গতিকে নেমু দিলে ভাল হব নে নাই চাই ল’ব।

২/ বিলাহীঃ বিলাহী এনে এবিধ পাচলি যিটো প্ৰায় সকলো ধৰণৰ ৰেচিপিত মিহলাই দিব পাৰি। বিলাহীয়ে খাদ্যৰ সোৱাদ নষ্ট নকৰে, বৰঞ্চ ই আৰু অধিক সোৱাদ কৰে। নিমখ বেছি হলে বিলাহী দিব পাৰে। যদি ঘৰত বিলাহী নাথাকে তেন্তে টমেটো চচো ব্যৱহাৰ কৰিব পাৰে।

৩/ মছলাঃ যিহেতু বহু খাদ্যত মছলা ব্যৱহাৰ কৰা হয়, গতিকে ভুলবশতঃ বেছিকৈ নিমখ ব্যৱহাৰ কৰিলে খাদ্যত অধিক মছলা মিহলাই তাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ইয়াৰ ফলত নিমখৰ সোৱাদ কমি যাব।

৪/ গাখীৰৰ উৎপাদিত সামগ্ৰীঃ খাদ্যত বহুতো গাখীৰৰ সামগ্ৰী যোগ কৰিলে নিমখ কমি যায়, যেনে ক্ৰীম, ৰিকোটা চীজ বা ছ’ৰ ক্ৰীম ইত্যাদি। ইয়াৰ উপৰিও নাৰিকল গাখীৰো সৰ্বোত্তম বিকল্প। কিন্তু দুগ্ধজাত সামগ্ৰী ব্যৱহাৰ কৰিব লাগে যদিহে ইয়াৰ দ্বাৰা খাদ্যৰ সোৱাদ নষ্ট নহয়।
 
৫/ কেঁচা আলুঃ যেতিয়াই যিকোনো খাদ্যত নিমখ বেছি হয়, তাৰ পিছত তাত কেঁচা আলু দি গেছত কিছু সময় ৰান্ধিব। এনে কৰিলে আলুয়ে প্ৰচুৰ নিমখ শোষণ কৰিব, যাৰ ফলত ব্যঞ্জনবোৰ খাব পৰা হ’ব।
 
৬/ ভাতঃ যেতিয়া দালি বা গ্ৰেভিৰ ৰেচিপিত নিমখ বেছি থাকে আৰু তাৰ পিছত কোনো সমাধান নাথাকে, তেতিয়া এনে পৰিস্থিতিত ভাতৰ বল বনাই খাদ্যত কিছু সময় ডুবাই ৰাখিব। ই যথেষ্ট নিমখ শোষণ কৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক