--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰন্ধা-বঢ়া কৰাটো এটা দৈনন্দিন প্ৰক্ৰিয়া, কিন্তু এই কামটো সকলোৰে বাবে সহজ নহয়। খাদ্যত সকলো বস্তুৰ পৰিমাণ সঠিক ৰূপত পৰিলে খাদ্য সুস্বাদু হৈ উঠে। কেতিয়াবা খাদ্যত বেছিকৈ নিমখ হয়। নিমখ বেছিকৈ পৰিলে খাদ্য যিমান যতন কৰি ৰান্ধিলেও, যিমান সোৱাদযুক্ত কৰিবৰ চেষ্টা কৰিলেও বিস্বাদ হৈ উঠে। বহুতে নিমখৰ প্ৰভাৱ কম কৰিবলৈ অধিক পানী যোগ কৰে যদিও বিশেষ সুফল পোৱা নাযায়। এনে পৰিস্থিতিত আপুনি বিতত হোৱাৰ পৰিৱৰ্তে কিছুমান কৌশল গ্ৰহণ কৰি চাওঁক, সুফল পাব। 

খাদ্যত নিমখ বেছি হ’লে কি কৰিব?

১/ নেমুৰ ৰসঃ যদি খাদ্যত নিমখ বেছি হয় তেন্তে নেমুৰ ৰস বা আপেলৰ ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে, এই দুয়োটা উৎকৃষ্ট বিকল্প, কিন্তু কেতিয়াবা নেমু আৰু আপেলৰ ভিনেগাৰ ব্যৱহাৰ কৰিলে খাদ্যৰ সোৱাদ নষ্ট হ’ব পাৰে। গতিকে নেমু দিলে ভাল হব নে নাই চাই ল’ব।

২/ বিলাহীঃ বিলাহী এনে এবিধ পাচলি যিটো প্ৰায় সকলো ধৰণৰ ৰেচিপিত মিহলাই দিব পাৰি। বিলাহীয়ে খাদ্যৰ সোৱাদ নষ্ট নকৰে, বৰঞ্চ ই আৰু অধিক সোৱাদ কৰে। নিমখ বেছি হলে বিলাহী দিব পাৰে। যদি ঘৰত বিলাহী নাথাকে তেন্তে টমেটো চচো ব্যৱহাৰ কৰিব পাৰে।

৩/ মছলাঃ যিহেতু বহু খাদ্যত মছলা ব্যৱহাৰ কৰা হয়, গতিকে ভুলবশতঃ বেছিকৈ নিমখ ব্যৱহাৰ কৰিলে খাদ্যত অধিক মছলা মিহলাই তাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ইয়াৰ ফলত নিমখৰ সোৱাদ কমি যাব।

৪/ গাখীৰৰ উৎপাদিত সামগ্ৰীঃ খাদ্যত বহুতো গাখীৰৰ সামগ্ৰী যোগ কৰিলে নিমখ কমি যায়, যেনে ক্ৰীম, ৰিকোটা চীজ বা ছ’ৰ ক্ৰীম ইত্যাদি। ইয়াৰ উপৰিও নাৰিকল গাখীৰো সৰ্বোত্তম বিকল্প। কিন্তু দুগ্ধজাত সামগ্ৰী ব্যৱহাৰ কৰিব লাগে যদিহে ইয়াৰ দ্বাৰা খাদ্যৰ সোৱাদ নষ্ট নহয়।
 
৫/ কেঁচা আলুঃ যেতিয়াই যিকোনো খাদ্যত নিমখ বেছি হয়, তাৰ পিছত তাত কেঁচা আলু দি গেছত কিছু সময় ৰান্ধিব। এনে কৰিলে আলুয়ে প্ৰচুৰ নিমখ শোষণ কৰিব, যাৰ ফলত ব্যঞ্জনবোৰ খাব পৰা হ’ব।
 
৬/ ভাতঃ যেতিয়া দালি বা গ্ৰেভিৰ ৰেচিপিত নিমখ বেছি থাকে আৰু তাৰ পিছত কোনো সমাধান নাথাকে, তেতিয়া এনে পৰিস্থিতিত ভাতৰ বল বনাই খাদ্যত কিছু সময় ডুবাই ৰাখিব। ই যথেষ্ট নিমখ শোষণ কৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ