--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দেহৰ বাবে বুট আৰু গুড় দুয়োটাই উপকাৰী। এই দুয়োটা যেতিয়া একেলগে খোৱা হয় তেতিয়া ইয়াৰ গুণাগুণ আৰু অধিক বৃদ্ধি পায়। গুড়ৰ সৈতে বুটৰ সংমিশ্রণ অতি সুস্বাদু। এই সংমিশ্রণে মানুহৰ শৰীৰৰ বহু ধৰণৰ সমস্যা সমাধান কৰাত সহায় কৰে। বুটবোৰ শুকানকৈ ভজা হ'ব লাগে। গুড় আৰু বুট একেলগে খালে কি কি উপকাৰ হয় জানো আহক।  

১)গুড় আৰু বুট সংমিশ্রণ কৰি খালে দাঁত আৰু হাড় শক্তিশালী হয়। 

২)গুড়ত এণ্টিঅক্সিডেণ্ট আৰু চেলেনিয়ামৰ দৰে পুষ্টিকৰ উপাদান থাকে, যাক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। 

৩)গুড় আৰু বুট দুয়োটাই সংমিশ্রণ কৰি খালে দেহত হিম'গ্লোবিনৰ মাত্ৰা বৃদ্ধি হ'বলৈ ধৰে।

৪)গুড়ে শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ আঁতৰাই যকৃত পৰিষ্কাৰ কৰাত সহায় কৰি ৰাখে। ইপিনে, বুটত কাৰ্বহাইড্ৰে’ট, প্ৰ'টিন, আঁহযুক্ত উপাদান আৰু ভিটামিন-বি কে ধৰি আন বহুতো পুষ্টিকৰ উপাদানেৰে ভৰপূৰ হৈ থাকে। দৈনিক গুড় আৰু বুট খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বহুগুণে বৃদ্ধি কৰিব পাৰি। 

৫) গুড় আৰু বুট মিহলি কৰি খালে পেটৰ বহুতো সমস্যা প্ৰতিহত কৰিব পাৰি। গুড় আৰু ভজা বুটত থকা আঁহৰ গুণাগুণে পাচন তন্ত্ৰ উন্নত কৰাত সহায় কৰিব পাৰে। কোষ্ঠকাঠিন্য দূৰ হয়।

৬)গুড় আৰু বুট দুয়োবিধেই পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ। যিবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

৭) গুড় আৰু বুটত অধিক পৰিমাণত কেলচিয়ামৰ গুণাগুণ পোৱা যায়। যি হাড়বোৰ দুৰ্বল হোৱাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে।

৮) গুড় আৰু বুটত ভিটামিন-চি অধিক পৰিমাণে উপলব্ধ, যি মগজু তীক্ষ্ণ কৰাত সহায় কৰে। স্মৃতিশক্তি প্ৰখৰ কৰে।

৯)ৰাতি তিয়াই ৰখা বুট সদায় ৰাতিপুৱা খালী পেটত গুড়ৰ লগত খালে ক্ষীণ শৰীৰ শকত হয় আৰু সৰু ল'ৰা-ছোৱালীৰ শৰীৰৰ উচ্চতা বাঢ়ে। 

গতিকে ইয়াৰ গুৰুত্ব বুজি আপুনিও এনেদৰে খোৱাৰ অভ্যাস গঢ়ি তোলক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ