--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দেহৰ বাবে বুট আৰু গুড় দুয়োটাই উপকাৰী। এই দুয়োটা যেতিয়া একেলগে খোৱা হয় তেতিয়া ইয়াৰ গুণাগুণ আৰু অধিক বৃদ্ধি পায়। গুড়ৰ সৈতে বুটৰ সংমিশ্রণ অতি সুস্বাদু। এই সংমিশ্রণে মানুহৰ শৰীৰৰ বহু ধৰণৰ সমস্যা সমাধান কৰাত সহায় কৰে। বুটবোৰ শুকানকৈ ভজা হ'ব লাগে। গুড় আৰু বুট একেলগে খালে কি কি উপকাৰ হয় জানো আহক।  

১)গুড় আৰু বুট সংমিশ্রণ কৰি খালে দাঁত আৰু হাড় শক্তিশালী হয়। 

২)গুড়ত এণ্টিঅক্সিডেণ্ট আৰু চেলেনিয়ামৰ দৰে পুষ্টিকৰ উপাদান থাকে, যাক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। 

৩)গুড় আৰু বুট দুয়োটাই সংমিশ্রণ কৰি খালে দেহত হিম'গ্লোবিনৰ মাত্ৰা বৃদ্ধি হ'বলৈ ধৰে।

৪)গুড়ে শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ আঁতৰাই যকৃত পৰিষ্কাৰ কৰাত সহায় কৰি ৰাখে। ইপিনে, বুটত কাৰ্বহাইড্ৰে’ট, প্ৰ'টিন, আঁহযুক্ত উপাদান আৰু ভিটামিন-বি কে ধৰি আন বহুতো পুষ্টিকৰ উপাদানেৰে ভৰপূৰ হৈ থাকে। দৈনিক গুড় আৰু বুট খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বহুগুণে বৃদ্ধি কৰিব পাৰি। 

৫) গুড় আৰু বুট মিহলি কৰি খালে পেটৰ বহুতো সমস্যা প্ৰতিহত কৰিব পাৰি। গুড় আৰু ভজা বুটত থকা আঁহৰ গুণাগুণে পাচন তন্ত্ৰ উন্নত কৰাত সহায় কৰিব পাৰে। কোষ্ঠকাঠিন্য দূৰ হয়।

৬)গুড় আৰু বুট দুয়োবিধেই পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ। যিবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

৭) গুড় আৰু বুটত অধিক পৰিমাণত কেলচিয়ামৰ গুণাগুণ পোৱা যায়। যি হাড়বোৰ দুৰ্বল হোৱাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে।

৮) গুড় আৰু বুটত ভিটামিন-চি অধিক পৰিমাণে উপলব্ধ, যি মগজু তীক্ষ্ণ কৰাত সহায় কৰে। স্মৃতিশক্তি প্ৰখৰ কৰে।

৯)ৰাতি তিয়াই ৰখা বুট সদায় ৰাতিপুৱা খালী পেটত গুড়ৰ লগত খালে ক্ষীণ শৰীৰ শকত হয় আৰু সৰু ল'ৰা-ছোৱালীৰ শৰীৰৰ উচ্চতা বাঢ়ে। 

গতিকে ইয়াৰ গুৰুত্ব বুজি আপুনিও এনেদৰে খোৱাৰ অভ্যাস গঢ়ি তোলক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি