--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাণঘাতক গুটখাৰ বিজ্ঞাপনত অভিনয় কৰি এতিয়া কেন্দ্ৰৰ ৰোষত পৰিছে বলীউডৰ তাৰকা অক্ষয় কুমাৰ, শ্বাহৰুখ খান আৰু অজয় দেৱগণ। কেন্দ্ৰীয় চৰকাৰে গুটখা  কোম্পানীৰ সামগ্ৰীৰ বিজ্ঞাপনত অভিনয় কৰাৰ বাবেউক্ত তিনি অভিনেতালৈ জাননী প্ৰেৰণ কৰিছে। উল্লেখ্য এলাহাবাদৰ লক্ষ্ণৌ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰৰ সচিবলৈ অৱমাননাৰ জাননী প্ৰেৰণ কৰিছিল। সেই জাননীৰ  উত্তৰত কেন্দ্ৰই কৈছে যে ইতিমধ্যে  তিনিজন অভিনেতাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শদাতাই উচ্চ ন্যায়ালয়ক এইবুলিও জনায় যে  উচ্চতম ন্যায়ালয়েও একেটা বিষয়ৰ শুনানি গ্ৰহণ কৰি আছে, সেয়েহে  এলাহাবাদৰ লক্ষ্ণৌ বিচাৰপীঠত দাখিল কৰা আবেদনখন তৎক্ষণাৎ খাৰিজ কৰিব লাগে।অৱশ্যে বিচাৰপীঠে ৯ মে ২০২৪ তাৰিখে পুনৰ  শুনানিৰ দিন  স্থিৰ কৰিছে।

ন্যায়াধীশ ৰাজেশ সিং চৌহানৰ বিচাৰপীঠে কয় যে উচ্চ ন্যায়ালয়ে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰক আবেদনকাৰীৰ আবেদনৰ বিষয়ত সিদ্ধান্ত ল'বলৈ নিৰ্দেশ দিছিল। আবেদনকাৰীয়ে  দাবী কৰিছিল যে গুটখাৰ বিজ্ঞাপনত ভাগ লোৱা  অভিনেতা কেইজনৰ  বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত। 

আবেদনকাৰীয়ে কৈছিল যে চৰকাৰে  বিষয়টো সন্তৰ্ভত  কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।  ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট সচিবলৈ জাননী জাৰি কৰে।

শুনানিৰ সময়ত, ডেপুটি ছলিচিটৰ জেনেৰেল এছ.বি. পাণ্ডেই  কয়  যে কেন্দ্ৰই অক্ষয় কুমাৰ, শ্বাহৰুখ খান আৰু অজয় দেৱগনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে আৰু তেওঁলোকৰ  পৰা উত্তৰ বিচাৰিছে। গোচৰটোত  কেন্দ্ৰীয় চৰকাৰৰ হৈ ডেপুটি ছলিচিটৰ জেনেৰেল এছ.বি. সিঙক নিযুক্তি দিয়া হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক