--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাণঘাতক গুটখাৰ বিজ্ঞাপনত অভিনয় কৰি এতিয়া কেন্দ্ৰৰ ৰোষত পৰিছে বলীউডৰ তাৰকা অক্ষয় কুমাৰ, শ্বাহৰুখ খান আৰু অজয় দেৱগণ। কেন্দ্ৰীয় চৰকাৰে গুটখা  কোম্পানীৰ সামগ্ৰীৰ বিজ্ঞাপনত অভিনয় কৰাৰ বাবেউক্ত তিনি অভিনেতালৈ জাননী প্ৰেৰণ কৰিছে। উল্লেখ্য এলাহাবাদৰ লক্ষ্ণৌ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰৰ সচিবলৈ অৱমাননাৰ জাননী প্ৰেৰণ কৰিছিল। সেই জাননীৰ  উত্তৰত কেন্দ্ৰই কৈছে যে ইতিমধ্যে  তিনিজন অভিনেতাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শদাতাই উচ্চ ন্যায়ালয়ক এইবুলিও জনায় যে  উচ্চতম ন্যায়ালয়েও একেটা বিষয়ৰ শুনানি গ্ৰহণ কৰি আছে, সেয়েহে  এলাহাবাদৰ লক্ষ্ণৌ বিচাৰপীঠত দাখিল কৰা আবেদনখন তৎক্ষণাৎ খাৰিজ কৰিব লাগে।অৱশ্যে বিচাৰপীঠে ৯ মে ২০২৪ তাৰিখে পুনৰ  শুনানিৰ দিন  স্থিৰ কৰিছে।

ন্যায়াধীশ ৰাজেশ সিং চৌহানৰ বিচাৰপীঠে কয় যে উচ্চ ন্যায়ালয়ে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰক আবেদনকাৰীৰ আবেদনৰ বিষয়ত সিদ্ধান্ত ল'বলৈ নিৰ্দেশ দিছিল। আবেদনকাৰীয়ে  দাবী কৰিছিল যে গুটখাৰ বিজ্ঞাপনত ভাগ লোৱা  অভিনেতা কেইজনৰ  বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত। 

আবেদনকাৰীয়ে কৈছিল যে চৰকাৰে  বিষয়টো সন্তৰ্ভত  কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।  ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট সচিবলৈ জাননী জাৰি কৰে।

শুনানিৰ সময়ত, ডেপুটি ছলিচিটৰ জেনেৰেল এছ.বি. পাণ্ডেই  কয়  যে কেন্দ্ৰই অক্ষয় কুমাৰ, শ্বাহৰুখ খান আৰু অজয় দেৱগনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে আৰু তেওঁলোকৰ  পৰা উত্তৰ বিচাৰিছে। গোচৰটোত  কেন্দ্ৰীয় চৰকাৰৰ হৈ ডেপুটি ছলিচিটৰ জেনেৰেল এছ.বি. সিঙক নিযুক্তি দিয়া হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক