--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম থিৰাং কৰা হৈছে। বিষ্ণু দেও ছাই হ’ব  ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। বিষ্ণু দেও ছাই কুংকুৰিৰ পৰা ছত্তীশগড় বিধানসভা নিৰ্বাচন ২০২৩ ত জয়ী হৈছিল। তেওঁ  ২০২০ চনৰ পৰা ২০২২ চনলৈ ভাৰতীয় জনতা পাৰ্টিৰ  ছত্তীশগড় ৰাজ্যিক সভাপতি আছিল। তেওঁ প্ৰথম নৰেন্দ্ৰ মোদী কেবিনেটৰ সময়ত তীখা, খনি, শ্ৰম আৰু নিযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীও আছিল।

 ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ চনত ৰায়গড় সমষ্টিৰ পৰা বিষ্ণু দেওৱে একেৰাহে চাৰিটা লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল৷ এই নিৰ্বাচনসমূহত ছাইয়ে কংগ্ৰেছৰ প্ৰাৰ্থী ক্ৰমান্বয়ে পুষ্প দেৱী সিং, ৰামপুকাৰ সিং, হৃদয়ৰাম ৰাঠিয়া আৰু আৰতি সিঙক  পৰাজিত কৰিছিল৷ 

ছাইয়ে ১৯৯০ আৰু ১৯৯৩ চনত অবিভক্ত মধ্য প্ৰদেশৰ তপকাৰা সমষ্টিৰ পৰা একেৰাহে দুটা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল। বিষ্ণু দেওৱে এইবাৰ ছত্তীশগড় বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক ইউডি মিঞ্জক পৰাস্ত কৰিছিল।  ৰাইপুৰত অনুষ্ঠিত  বিজেপিৰ বিধায়িনী দলৰ বৈঠকত  ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে  বিষ্ণু দেও ছাইক  নিৰ্বাচিত কৰা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক