--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমৰ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ দৰে ঘন চিৰসেউজ বনাঞ্চলত পোৱা এই অনন্য চৰাইবিধ বর্তমান তীব্র সংকটাপন্ন

ডিজিটেল ডেস্ক: ডাঠ বৰ্ষাৰণ্যৰ সেউজীয়া পাতৰ আঁৰত কোনোবা লাজকুৰীয়া বোৱাৰীৰ দৰে লুকাই থাকে জুইকুৰাৰ দৰে উজ্জ্বল ৰঙা আভাৰ এবিধ চৰাই। চকু থৰ লাগি যোৱা সৌন্দর্য আৰু শান্ত স্বভাৱৰ বাবেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে এই চৰাইবিধে৷


চৰাইবিধৰ নাম ‘কাঠনি বোৱাৰী’৷ অসমৰ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ দৰে ঘন চিৰসেউজ বনাঞ্চলত পোৱা এই অনন্য চৰাইবিধ বর্তমান তীব্র সংকটাপন্ন। বনাঞ্চল ধ্বংস আৰু বাসস্থানৰ অভাৱৰ বাবে বিশ্বৰ বুকুৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে প্ৰকৃতিৰ অনুপম সৃষ্টি এই বিৰল উপহাৰবিধ। 


ইংৰাজীত ইয়াক Red-headed trogon বুলি কোৱা হয়৷ বিজ্ঞানসন্মতভাৱে ইহঁতক Harpactes erythrocephalus বুলি জনা যায়, যাৰ গ্ৰীক অৰ্থ হৈছে 'ৰঙামূৰীয়া ফলচোৰ'। কিন্তু অসমীয়া সমাজত ইয়াৰ নামটো অতি স্বকীয় আৰু শুৱলা। দিহিং-পাটকাই বৰ্ষাৰণ্যৰ কাষৰীয়া অঞ্চলৰ এজন জ্যেষ্ঠ বনকর্মী তথা স্থানীয় লোকৰ মুখে মুখে প্রচলিত এই চৰাইটোৰ শান্ত আৰু লাজকুৰীয়া স্বভাৱৰ বাবেই ইয়াক 'কাঠনি বোৱাৰী' বুলি নামকৰণ কৰা হৈছিল। অৰণ্যৰ ভিতৰত বেছি হুলস্থুল নকৰাকৈ মনে মনে গছৰ ডালত বহি থকা ইয়াৰ আচৰণ সঁচাকৈয়ে ঘৰৰ লাজকুৰীয়া বোৱাৰী এজনীৰ সৈতে তুলনা কৰিব পাৰি। 


কাঠনি বোৱাৰী হৈছে অসমৰ বনাঞ্চলৰ অন্যতম ৰং-বিৰঙী চৰাই। প্রায় ৩৪ চেন্টিমিটাৰ দৈৰ্ঘ্যৰ এই চৰাইবিধৰ মতা আৰু মাইকীৰ মাজত স্পষ্ট ৰূপগত পার্থক্য দেখা যায়। মতা চৰাইটোৰ মূৰ, ডিঙি আৰু বুকুৰ অংশ গাঢ় জুইৰঙী ৰঙা হয়। পিঠিখন মুগা আৰু ডেউকাকেইখনত ক'লা-বগা আঁচ থাকে। মাইকী চৰাইজনীৰ ৰং মতাটোতকৈ অলপ ম্লান। ইয়াৰ মূৰৰ অংশ জলফাই-মুগা আৰু বুকুৰ তলৰ অংশ পাতল ৰঙা হয়। এই চৰাইবিধৰ ভৰিৰ আঙুলিৰ গাঁথনিও অনন্য। ইহঁতৰ প্ৰথম আৰু দ্বিতীয় আঙুলি পিছফালে আৰু তৃতীয়-চতুর্থ আঙুলি আগফালে থাকে, যাক পক্ষী বিজ্ঞানৰ ভাষাত 'হেটাৰ'ডেক্টাইলি' (Heterodactyly) বুলি কোৱা হয়। 


কাঠনি বোৱাৰী চৰাইবোৰে সাধাৰণতে ঘন চিৰসেউজ পাহাৰীয়া অৰণ্য বা বাঁহ গছ থকা ওখ অঞ্চলত বাস কৰে। ইহঁত অতি এলেহুৱা প্ৰকৃতিৰ আৰু গছৰ মজলীয়া ডালত ঘণ্টাৰ পাছত ঘণ্টা নীৰৱে বহি থাকিব পাৰে। বনাঞ্চলৰ মাজত ইহঁতৰ উপস্থিতি ধৰা পেলোৱাটো অতি কঠিন, কেৱল ইহঁতৰ সুহুৰিৰ দৰে এক বিশেষ মাতেহে ইহঁতৰ অৱস্থিতিৰ উমান দিয়ে। পৰিৱেশবিদসকলৰ মতে, কাঠনি বোৱাৰী কেৱল এটা ধুনীয়া চৰায়েই নহয়, ই এখন অৰণ্যৰ স্বাস্থ্যৰ 'ইণ্ডিকেটৰ' বা সংকেতবাহী প্রজাতি। যিখন অৰণ্যৰ পৰিৱেশতন্ত্ৰ সম্পূৰ্ণ সুস্থ আৰু মানুহৰ কু-প্ৰভাৱৰ পৰা মুক্ত, কেৱল তেনে অৰণ্যতহে এই চৰাইবিধ জীয়াই থাকিব পাৰে। মানস আৰু দিহিং-পাটকাইত ইহঁতৰ উপস্থিতিৰ অৰ্থ হৈছে এই অৰণ্যসমূহ এতিয়াও জৈৱিকভাৱে সজীৱ হৈ আছে। প্ৰকৃতিৰ এই অনুপম সৃষ্টিবিধ বর্তমান তীব্র সংকটৰ গৰাহত। 


সমগ্ৰ বিশ্বতে বর্তমান পূর্ণবয়স্ক কাঠনি বোৱাৰীৰ সংখ্যা ১০ হাজাৰতকৈও কম বুলি অনুমান কৰা হৈছে। বনাঞ্চল ধ্বংস, অবৈধ গছ কটা আৰু পাহাৰ খননৰ ফলত ইহঁতৰ প্ৰাকৃতিক বাসস্থান ক্রমান্বয়ে সংকুচিত হৈ আহিছে। যদিহে আমি এতিয়াই অসমৰ এই বৰ্ষাৰণ্যসমূহ সুৰক্ষিত কৰিব নোৱাৰোঁ, তেন্তে ভৱিষ্যতে হয়তো আমাৰ অৰণ্যৰ এই 'বোৱাৰী'জনী কেৱল কিতাপৰ পাত বা আলোকচিত্ৰৰ মাজতেই আবদ্ধ হৈ ৰ'ব। প্ৰকৃতিৰ এই উজ্জ্বল ৰঙা আভা চিৰদিনৰ বাবে নুমাই যোৱাৰ পূৰ্বেই বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ সজাগতাৰ বাবে চৰকাৰ তথা প্ৰতিগৰাকী নাগৰিক সক্রিয়ভাৱে আগবাঢ়ি অহাটো সময়ৰ আহ্বান।


উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ