--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দীপাংকৰ কাশ্যপৰ কালেকশ্যনটোত জুবিন গাৰ্গৰ স্বকীয় শৈলীৰে অনুপ্ৰাণিত পুৰুষৰ ১৬বিধ অনন্য পোছাক প্ৰদৰ্শন কৰা হয় ।

ডিজিটেল ডেস্ক: প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ দীপাংকৰ কাশ্যপে জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে স্পৃহা প্ৰডাকচনৰ উদ্যোগত আয়োজিত এক বিশেষ অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ শেহতীয়া কালেকচন ‘জুবিন’ উন্মোচন কৰে। সন্ধিয়াটোৰ আঁত ধৰে মুম্বাইস্থ অসমীয়া অভিনেতা সৌৰভ ৰবি দত্তই।


গুৱাহাটী টাউন ক্লাবত কেইবাগৰাকী বিশিষ্ট অতিথি আৰু কিংবদন্তি শিল্পীগৰাকীৰ অনুৰাগীৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত দীপাংকৰ কাশ্যপৰ কালেকশ্যনটোত জুবিন গাৰ্গৰ স্বকীয় শৈলীৰে অনুপ্ৰাণিত পুৰুষৰ ১৬বিধ অনন্য পোছাক প্ৰদৰ্শন কৰা হয় ।


এই ডিজাইনসমূহৰ ভিতৰত আছিল গামোচা, আৰনাই আৰু অন্যান্য পৰম্পৰাগত স্কাৰ্ফৰ পৰা নিৰ্মিত নান্দনিক হে'ডগীয়েৰৰ লগতে হেট, হাৰেম পেণ্ট, ৰঙীন চাৰ্ট, চুটি কুৰ্তা, ঢিলা পায়জামা আৰু জেকেট ৷ এই সম্ভাৰসমূহ ষ্টাইলিছ কাণফুলি আৰু ডিঙিত পিন্ধা অলংকাৰৰ সৈতে সজ্জিত কৰা হৈছে । ডিজাইনাৰগৰাকীয়ে এই বিশেষ কালেকশ্যনটোক জুবিন গাৰ্গৰ প্ৰতি উৎসৰ্গিত "এটা স্বোৱান ছং" বুলি অভিহিত কৰে।


দিল্লীৰ প্ৰখ্যাত ফেশ্বন কৰিঅ’গ্ৰাফাৰ হৰ্ষ গৌতমে কৰিঅ’গ্ৰাফী কৰা কালেকশ্যনটো প্ৰদৰ্শন কৰি মুঠ ১৮গৰাকী পুৰুষ মডেলে ৰেম্পত খোজকাঢ়ে। অনুষ্ঠানৰ আৰম্ভণিতে দীপাংকৰ কাশ্যপে হাৰ্টথ্ৰবগৰাকীলৈ আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে যুৱ প্ৰতিভা প্ৰত্যুষা হাজৰিকাই এটি নৃত্য পৰিৱেশন কৰে।


জিণ্টু কাকতি আৰু তেওঁৰ বেণ্ড 'দ্য হাইলাইটছ'এ পৰিৱেশন কৰা জুবিন গাৰ্গৰ লাইভ মিউজিকত মডেলসকলে ৰেম্পত খোজ কাঢ়ে। মডেলকেইগৰাকীৰ ষ্টাইলিং কৰে চেলিব্ৰিটী হেয়াৰ ষ্টাইলিষ্ট ভাস্কৰ শইকীয়াই ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
ফিফা বিশ্বকাপ-২০২৬: মেক্সিকোক পৰাজিত কৰা ইংলেণ্ডৰ জুড বেলিংহামৰ অভিলেখ
Advertisement