--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি সুশান্ত সিং ৰাজপুতৰ জন্মদিন। বলীউড অভিনেত্ৰী ছাৰা আলী খানে বিশেষভাৱে উদযাপন কৰিলে সুশান্তৰ জন্মদিন। ছাৰা আলী খানে ২০১৮ চনত সুশান্তৰ সৈতে অভিনয় কৰিয়েই প্ৰথম বলীউডত খোজ পেলাইছিল। ছাৰা আলী খানে 'কেদাৰনাথ' ছবিৰ জৰিয়তে অভিনয়ৰ পাতনি মেলিছিল। য'ত নায়ক আছিল সুশান্ত সিং ৰাজপুত।

 ছাৰাৰ সৈতে সুশান্তৰ আছিল বিশেষ বন্ধুত্ব। সুশান্তৰ জন্মদিন উপলক্ষে ছাৰাই এনে এটি কাম কৰিলে যিটো কামে হয়তো সুশান্তৰ আত্মাকো শান্তি প্ৰদান কৰিছে। আজি গোটেই দিনটো ছাৰাই আৰ্তজনৰ সৈতে কটালে আৰু তেওঁলোকৰ লগত সুশান্তৰ জন্মদিনৰ কেকো কাটিলে।

ছাৰাই নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁক সৰু ল’ৰা-ছোৱালীয়ে ঘেৰি থকা দেখা গৈছে। সকলোৱে সুশান্তৰ বাবে Happy Birthday Song গাইছে আৰু ছাৰাই কেক কাটিছে। এই পোষ্টটো শ্বেয়াৰ কৰি ছাৰাই লিখিছে - ''মই জানো আনৰ মুখত হাঁহি ফুটাই তোলাৰ অৰ্থ আপোনাৰ বাবে কি আছিল...আৰু আমি আশা কৰিছো যে আজি আমি আপোনাক সুখী হোৱাৰ সুযোগ দিছো।''




ছাৰাৰ এই পোষ্টটো দেখি সুশান্তৰ অনুৰাগীসকল আৱেগিক হৈ পৰিছে আৰু লগতে নানা মন্তব্য কৰি মনৰ কথা প্ৰকাশ কৰিছে। সকলোৱে ছাৰাক প্ৰশংসাৰে উপচাই দিছে। ছাৰাক নেটিজেনসকলে কৈছে- 'তুমি আমাৰ অন্তৰ জয় কৰিলা।' 

উল্লেখ্য যে ২০২০ চনৰ ১৪ জুনত সুশান্তক তেওঁৰ শোৱা কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। এই বিষয়ৰ তদন্ত এতিয়াও চলি আছে। সেয়া হত্যা নে আত্মহত্যা এতিয়াও স্পষ্ট হোৱা নাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক