--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি সুশান্ত সিং ৰাজপুতৰ জন্মদিন। বলীউড অভিনেত্ৰী ছাৰা আলী খানে বিশেষভাৱে উদযাপন কৰিলে সুশান্তৰ জন্মদিন। ছাৰা আলী খানে ২০১৮ চনত সুশান্তৰ সৈতে অভিনয় কৰিয়েই প্ৰথম বলীউডত খোজ পেলাইছিল। ছাৰা আলী খানে 'কেদাৰনাথ' ছবিৰ জৰিয়তে অভিনয়ৰ পাতনি মেলিছিল। য'ত নায়ক আছিল সুশান্ত সিং ৰাজপুত।

 ছাৰাৰ সৈতে সুশান্তৰ আছিল বিশেষ বন্ধুত্ব। সুশান্তৰ জন্মদিন উপলক্ষে ছাৰাই এনে এটি কাম কৰিলে যিটো কামে হয়তো সুশান্তৰ আত্মাকো শান্তি প্ৰদান কৰিছে। আজি গোটেই দিনটো ছাৰাই আৰ্তজনৰ সৈতে কটালে আৰু তেওঁলোকৰ লগত সুশান্তৰ জন্মদিনৰ কেকো কাটিলে।

ছাৰাই নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁক সৰু ল’ৰা-ছোৱালীয়ে ঘেৰি থকা দেখা গৈছে। সকলোৱে সুশান্তৰ বাবে Happy Birthday Song গাইছে আৰু ছাৰাই কেক কাটিছে। এই পোষ্টটো শ্বেয়াৰ কৰি ছাৰাই লিখিছে - ''মই জানো আনৰ মুখত হাঁহি ফুটাই তোলাৰ অৰ্থ আপোনাৰ বাবে কি আছিল...আৰু আমি আশা কৰিছো যে আজি আমি আপোনাক সুখী হোৱাৰ সুযোগ দিছো।''




ছাৰাৰ এই পোষ্টটো দেখি সুশান্তৰ অনুৰাগীসকল আৱেগিক হৈ পৰিছে আৰু লগতে নানা মন্তব্য কৰি মনৰ কথা প্ৰকাশ কৰিছে। সকলোৱে ছাৰাক প্ৰশংসাৰে উপচাই দিছে। ছাৰাক নেটিজেনসকলে কৈছে- 'তুমি আমাৰ অন্তৰ জয় কৰিলা।' 

উল্লেখ্য যে ২০২০ চনৰ ১৪ জুনত সুশান্তক তেওঁৰ শোৱা কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। এই বিষয়ৰ তদন্ত এতিয়াও চলি আছে। সেয়া হত্যা নে আত্মহত্যা এতিয়াও স্পষ্ট হোৱা নাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু