--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচৰ্বিৰ সমস্যা বহুতৰে হয়। তেনে সমস্যাতেই ভুগিছে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটেও। অৱশ্যে আলিয়াৰ চৰ্বিৰ সমস্যাৰ কাৰণ অন্য। আলিয়া ভাট নৱেম্বৰত  মাতৃ হৈছে। এটি কন্যা সন্তানৰ জন্ম দিয়া আলিয়াই এতিয়া গৰ্ভধাৰণৰ পিছত হোৱা চৰ্বিৰ সমস্যাত ভুগিছে। সেই চৰ্বি  হ্ৰাস কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে যোগাভ্যাস কৰিবলৈ লৈছে। তেনে  এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। 

দেহৰ চৰ্বি নোহোৱা কৰি আলিয়াই কামলৈ উভতি যাবলৈ নিজকে প্ৰস্তুত কৰি আছে। বেবী ৰাহাৰ যত্ন লোৱাৰ উপৰি তেওঁ ব্যায়াম কৰা আৰম্ভ কৰিছে। আলিয়া সদায় এগৰাকী যোগ প্ৰিয় নাৰী ।  গৰ্ভধাৰণৰ পিছত চৰ্বি হ্ৰাস কৰিবলৈ আলিয়াই যেনে ধৰণে যোগাসন কৰিছে সেয়া দেখিলে হয়তো আপুনিও অবাক হৈ পৰিব।

শেহতীয়াকৈ ভাইৰেল হোৱা  আলিয়াৰ  ভিডিঅ'টোত  আলিয়াক  মূৰ তললৈ আৰু ভৰি ওপৰলৈ কৰি ওলমি থকা দেখা গৈছে। এনে যোগাসন কৰিলে পেটৰ চৰ্বি সহজে দূৰ হয় বুলি আলিয়াই কৈছে। তেওঁ অভিজ্ঞ প্ৰশিক্ষকৰ তত্বাবধানত এনে যোগাসন কৰিছে।



আলিয়াক পৰৱৰ্তী সময়ত ৰণবীৰ সিঙৰ সৈতে 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী'ত দেখা যাব।   চিনেমাখনৰ বহু খিনি  দৃশ্যগ্ৰহণ কৰা হৈছে, কেৱল এটা গানৰ কামহে কৰিবলৈ বাকী আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু