--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিবেক অবেৰয় আৰু কৰীণা কাপুৰ খান বলীউডৰ জনপ্ৰিয় তাৰকা। বহুতে হয়তো নাজানে যে  কৰীণাই  সৰুতে  বিবেকৰ বাবেই কলেজত শাস্তিৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিল৷ যুৱ', 'ওমকাৰা', 'কুৰবান'– আদি ছবিত দৰ্শকে তেওঁলোকক একেলগে দেখিছে।

বিবেক অবেৰয় আৰু কৰীণা কাপুৰ খান , এই দুটা নাম যেন তাহানিৰে পৰা কিবা এক অদৃশ্য বান্ধোনেৰে বান্ধ খাই আছে। দুয়োগৰাকী তাৰকাৰেই পৰিয়াল চিনেমা জগতৰ সৈতে জড়িত। গতিকে তেওঁলোকে সৰুৰে পৰাই ইজনে সিজনক চিনি পায়। দৰ্শকে ডাঙৰ পৰ্দাত তেওঁলোকৰ যুটিটোক যথেষ্ট মৰম দিছে। বিবেক-কৰীণাৰ সম্পৰ্ক অতি পুৰণি৷ 

কলেজত  প্ৰায়ে উপস্থিত নথকা   কৰীণাক বহুবাৰ ৰক্ষা কৰিছিল বিবেকে৷ বিবেক  প্ৰকৃততে কৰীণাতকৈ চাৰি বছৰ ডাঙৰ। তেওঁলোক একেখন মহাবিদ্যালয়তে অধ্যয়ন কৰিছিল।  তেওঁলোকৰ মহাবিদ্যালয়ত  উপস্থিতিৰ বিষয়টোক কৰ্তৃপক্ষই গৰুৰুত্ব সহকাৰে লৈছিল আৰু এই বিষয়ত অতি  কঠোৰ আছিল। 

কৰীণাই প্ৰায়ে  উপস্থিতিৰ হাৰক লৈ সমস্যাত পৰিছিল। তেওঁ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল।বিবেক মহাবিদ্যালয়ৰ এজন জ্যেষ্ঠ আছিল। গতিকে সেইসময়ত বিবেকে কেনেবাকৈ বুদ্ধি কৰি কৰীণাক কৰ্তৃপক্ষৰ  শাস্তিৰ পৰা ৰক্ষা কৰিছিল। বিবেক-কৰীণাই আজিও সেই কথা সুঁৱৰি স্মৃতিকাতৰ হৈ পৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement