--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিবেক অবেৰয় আৰু কৰীণা কাপুৰ খান বলীউডৰ জনপ্ৰিয় তাৰকা। বহুতে হয়তো নাজানে যে  কৰীণাই  সৰুতে  বিবেকৰ বাবেই কলেজত শাস্তিৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিল৷ যুৱ', 'ওমকাৰা', 'কুৰবান'– আদি ছবিত দৰ্শকে তেওঁলোকক একেলগে দেখিছে।

বিবেক অবেৰয় আৰু কৰীণা কাপুৰ খান , এই দুটা নাম যেন তাহানিৰে পৰা কিবা এক অদৃশ্য বান্ধোনেৰে বান্ধ খাই আছে। দুয়োগৰাকী তাৰকাৰেই পৰিয়াল চিনেমা জগতৰ সৈতে জড়িত। গতিকে তেওঁলোকে সৰুৰে পৰাই ইজনে সিজনক চিনি পায়। দৰ্শকে ডাঙৰ পৰ্দাত তেওঁলোকৰ যুটিটোক যথেষ্ট মৰম দিছে। বিবেক-কৰীণাৰ সম্পৰ্ক অতি পুৰণি৷ 

কলেজত  প্ৰায়ে উপস্থিত নথকা   কৰীণাক বহুবাৰ ৰক্ষা কৰিছিল বিবেকে৷ বিবেক  প্ৰকৃততে কৰীণাতকৈ চাৰি বছৰ ডাঙৰ। তেওঁলোক একেখন মহাবিদ্যালয়তে অধ্যয়ন কৰিছিল।  তেওঁলোকৰ মহাবিদ্যালয়ত  উপস্থিতিৰ বিষয়টোক কৰ্তৃপক্ষই গৰুৰুত্ব সহকাৰে লৈছিল আৰু এই বিষয়ত অতি  কঠোৰ আছিল। 

কৰীণাই প্ৰায়ে  উপস্থিতিৰ হাৰক লৈ সমস্যাত পৰিছিল। তেওঁ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল।বিবেক মহাবিদ্যালয়ৰ এজন জ্যেষ্ঠ আছিল। গতিকে সেইসময়ত বিবেকে কেনেবাকৈ বুদ্ধি কৰি কৰীণাক কৰ্তৃপক্ষৰ  শাস্তিৰ পৰা ৰক্ষা কৰিছিল। বিবেক-কৰীণাই আজিও সেই কথা সুঁৱৰি স্মৃতিকাতৰ হৈ পৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য