--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সময় আগুৱাইছে নে পিছুৱাইছে? এই প্ৰশ্ন কৰিলে জনপ্ৰিয় গায়ক য়’ য়’ হানি সিঙে। শ্বাহৰুখ খানৰ 'পাঠান’ ছৱিৰ সম্পৰ্কত এইদৰে মুখ খুলিলে গায়কগৰাকীয়ে।

দেশৰ বিভিন্ন প্ৰান্তত হিন্দুত্ববাদী সংগঠনসমূহে বয়কট পাঠান কাৰ্যসূচী অব্যাহত ৰাখিছে। কিন্তু ইয়াৰ কোনো যুক্তি দেখা নাই হানি সিঙে।

হানি সিঙে শুক্ৰবাৰে কয় যে মানুহ অতিৰিক্তভাৱে প্ৰতিক্ৰিয়াশীল হৈ উঠিছে। পূৰ্বে হয়তো শিক্ষিত মানুহ কম আছিল, কিন্তু অনুভূতি কম নাছিল।

''মতপ্ৰকাশৰ স্বাধিনতা পূৰ্বেও আছিল। মানুহ হয়তো কম শিক্ষিত আছিল, কিন্তু তেওঁলোক অনেক বেছি বিবেকবান আছিল। বুদ্ধি বিচাৰেৰে বিষয়সমূহক বিনোদন হিচাপে গ্ৰহণ কৰিব পাৰিছিল আগৰ মানুহবোৰে।’’- য়’ য়’ হানী সিঙে কয়।

এইক্ষেত্ৰত এ আৰ ৰহমানৰ এটা গানো উল্লেখ কৰে গায়কগৰাকীয়ে। কয়- ''ৰহমান ছাৰৰ এটা গান আছিল- ৰুকমণি ৰুকমণি শ্বাদি কে বাদ ক্য ক্যা হুৱা। মানুহে সেয়াও মানি লৈছিল, মজা কৰিছিল। এইবিলাক শুনি শুনিয়েই ডাঙৰ হৈছো। কিন্তু এতিয়া এনেধৰণৰ পাতল গান বনালেই মানুহে প্ৰতিবাদ আৰম্ভ কৰি দিয়ে।’’


''মানুহে তেতিয়াও বিচক্ষণ আছিল। শ্বায়েৰীৰ মৰ্ম বুজিছিল। তাৰ মাজত কোনো অশ্লীলতা দেখা পোৱা নাছিল। এতিয়া যদি 'চোলি কে পিছে ক্যা হ্যেয়’ৰ দৰে গানো কোনোবাই বনায়, তেন্তে তাৰ কঁপালত দুখ আছে।’’- আক্ষেপ প্ৰকাশ কৰে হানি সিঙে।

''দৰ্শকবিলাক ইমান বেছি প্ৰতিক্ৰিয়াশীল হৈ উঠাৰ কাৰণ মই বুজি পোৱা নাই। বিনোদনৰ অৰ্থই বা থাকিল কি?’’- তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক